আপুনি য’তেই বিনিয়োগ নকৰে কিয়, সকলোতে কিবা নহয় কিবা সমস্যা এটা থাকেই। কোনোবাখন আঁচনিত যদি সুত কম, আন কোনোবাখনত মোটা অংকৰ ৰিটাৰ্ণ ঘূৰি নহাৰ আশংকা।
কিন্তু এক বিশেষ আঁচনিয়ে এই সকলোবোৰ সমস্যাৰ সকাহ দিব পাৰে বিনিয়োগকাৰীক।বিনিয়োগকাৰীসকলৰ এনেবোৰ সমস্যাৰ কথা মনত ৰাখি কেন্দ্ৰীয় চৰকাৰে বিশেষ আঁচনি মুকলি কৰিছে।
এই আঁচনিখনত বিনিয়োগ কৰি আপুনি ৰিটাৰ্ণ সম্পর্কে অন্তত: নিশ্চিত হ’ব পাৰে। সিমানেই নহয়, এই আঁচনিখনত বিনিয়োগৰ দ্বাৰা আপোনাৰ লগতে আপোনাৰ পত্নীও আত্মনিৰ্ভৰশীল হৈ উঠিব পাৰে।
আপোনাৰ অনুপস্থিতিত, আপোনাৰ পত্নীৰ উপার্জন নিয়মীয়া হোৱাৰ গেৰান্টী দিয়া এই বিশেষ আঁচনিখনৰ নাম হ’ল ৰাষ্ট্ৰীয় পেন্সন আঁচনি। এই আঁচনিত আপুনি নিজৰ পত্নীৰ নামত মাত্র এহেজাৰ টকাৰে এটা একাউন্ট খুলিব পাৰে।
এই পেন্সন একাউন্টটো পৰিপক্ক হোৱাৰ পাছত ইয়াৰ পৰা আপোনাৰ অবর্তমানতো আপোনাৰ পত্নীয়ে নিয়মীয়া উপার্জন কৰি থাকিব পাৰিব।
৬০ বছৰ বয়সৰ পাছত প্রতি মাহে পাব পেন্সন:ৰাষ্ট্ৰীয় পেন্সন আঁচনিত বিনিয়োগ কৰি, আপুনি নিজৰ লগতে নিজৰ পত্নীকো আত্মনিৰ্ভৰশীল কৰিব পাৰে। কিয়নো, বাষ্ট্রীয় পেন্সন আঁচনিত আপুনি আপোনাৰ পত্নীৰ নামত নতুন পেন্সন প্রণালী একাউন্ট খুলিব পাৰে। পত্নীৰ বয়স ৬০ বছৰ হোৱাৰ পাছত প্রতি মাহে পেন্সনৰ টকা নিয়মীয়াকৈ উপলব্ধ কৰিব পাৰিব। প্ৰধানমন্ত্ৰীৰ এই আঁচনিত আপোনাৰ পত্নীয়ে কিমান পেন্সন পাব সেয়া আপুনি নিজেই সিদ্ধান্ত ল’ব পাৰে।
কিমান ধন বিনিয়োগ কৰিব পাৰি জানি থওক:এই আঁচনিত আপোনাৰ সুবিধা অনুসৰি, আপুনি প্রতি মাহে বা প্রতি বছৰে একাউন্টত টকা ৰাখিব পাৰে। ইয়াত টকা জমা কৰাৰ ন্যূনতম সীমা হ’ল এহেজাৰ টকা।
এই পেন্সন একাউন্টটো পত্নীৰ ৬০ বছৰ বয়সৰ পাছতহে পৰিপক্ক হ’ব। নতুন নিয়ম অনুসৰি, আপুনি যদি বিচাৰে এই একাউন্টটো আপোনাৰ পত্নীৰ ৬৫ বছৰ বয়সলৈকেও চলাব পাৰে। লগতে বিনিয়োগ আৰম্ভকৰাৰ পাছৰে পৰা যিকোনো সময়তে টকা উলিয়াব পাৰে।
