বুধবাৰৰ পুৱা কানাডাৰ টাম্বলাৰ ৰিজ অঞ্চলৰ এখন বিদ্যালয়ত সংঘটিত ভয়াৱহ গুলিচালনাত কমেও ১০ জন শিক্ষাৰ্থী মৃত্যু হোৱাৰ লগতে প্ৰায় ২৫ জন আহত হৈছে।
পাঠদান চলি থকা সময়তে এজন লোকে হঠাৎ স্কুলত প্ৰৱেশ কৰি শিক্ষাৰ্থীসকলক লক্ষ্য কৰি হঠাৎ গুলিচালনা কৰে।
আৰক্ষীৰ প্ৰত্যুত্তৰত আক্ৰমণকাৰীক গুলিচলনা কৰাত লোকজনৰ মৃত্যু হৈছে যদিও এই আক্ৰমণৰ আঁৰত আৰু কোনো ব্যক্তি জড়িত আছে নেকি সেই বিষয়ে এতিয়াও স্পষ্ট তথ্য লাভ হোৱা নাই।
আহতসকলক তৎক্ষণাত চিকিৎসালয়লৈ স্থানান্তৰ কৰা হৈছে আৰু মৃত্যুৰ সংখ্যা বৃদ্ধি পাব পাৰে বুলি আশংকা কৰা হৈছে।
এই ঘটনাত গভীৰ শোক প্ৰকাশ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কয়,এই দুখৰ সময়ত ভাৰত কানাডাৰ জনতাৰ স’তে আছে। নিহতসকলৰ পৰিয়াললৈ সমবেদনা আৰু আহতসকলৰ দ্রুত আৰোগ্য কামনা কৰে তেওঁ।






























