দেশৰ যুৱ প্ৰজন্মৰ মাজত কে’বাটাও অনলাইন গে’মিং প্লেটফর্ম যথেষ্ট জনপ্রিয় হৈছে। কিছুমান অনলাইন গে’ম প্রতিদিনে কোটি কোটি ইণ্টাৰনেট ব্যৱহাৰকাৰীয়ে খেলি আহিছে।
শেহতীয়াভাৱে ভাৰত চৰকাৰৰ চাইবাৰ ছিকিউৰিটি এজেন্সী ১৪ চিয়ে গে’মিং আসক্তি আৰু ইয়াৰ কুপ্ৰভাৱৰ সন্দৰ্ভত কিছু তথ্য সদৰী কৰিলে। সংস্থাটোরে জনোৱা অনুসৰি অনলাইন গে’মিং এতিয়া কেরল বিনোদনৰ মাধ্যমতে সীমিত থকা নাই, বৰঞ্চ ই দেশৰ নতুন প্ৰজন্মৰ এক এৰাব নোৱৰা আসক্তিত পৰিণত হৈছে।
অনলাইন গে’মিঙৰ এই আসক্তিৰ একাধিক কুপ্রভাব প্রত্যক্ষ হৈছে। এই অভ্যাসে যুৱ প্ৰজন্মৰ খং, ক্ষোভ, অস্থিৰতা বৃদ্ধি কৰাৰ লগতে কাণ আৰু মানসিক সমস্যাও বৃদ্ধি কৰিছে বুলি ১৪ চিয়ে প্রতিবেদনত উল্লেখ কৰিছে।
ই গে’মিং ফেডাৰেছনৰ তথ্য অনুসৰি ভাৰতত বৰ্তমানে ৪০ কোটিৰো অধিক গে’মাৰ আছে আৰু ইয়াৰে প্রায় ৭০ শতাংশৰ বয়স ২৪ বছৰতকৈ কম।
অনলাইন গে’ম খেলা ব্যক্তিসকলৰ ১৫-২০ শতাংশ সম্প্রতি গে’মিং আসক্তিত আক্রান্ত হৈছে বুলি জানিবলৈ দি সংস্থাটোৱে লগতে কয় যে ভাৰতত আঠ কোটি লোক গে’ম আসক্ত হৈছে।
এইসকল লোকে দিনটোৰ অধিক সময় স্মার্টফোন আৰু কম্পিউটাৰ আদিত অনলাইন গে’ম খেলি অতিবাহিত কৰে। দৈনিক দুঘণ্টাতকৈ অধিক সময় অনলাইন গে’ম খেলিলে সেই ব্যক্তিক গে’মিং আসক্ত গণ্য কৰা হয়।
