সকলো চৰকাৰী অনুষ্ঠানত বাধ্যতামূলক হ’ল বন্দে মাতৰম’ৰ পৰিবেশন

Vande Mataram

Vande Mataram:✒️সকলো চৰকাৰী অনুষ্ঠানত ৰাষ্ট্রীয় গীত ‘বন্দে মাতৰম’ৰ পৰিবেশন বাধ্যতামূলক হ’ল। বুধবাৰে কেন্দ্রীয় গৃহ মন্ত্রণালয়ে জাৰি কৰা এক নির্দেশনাত কোৱা হৈছে যে চৰকাৰী অনুষ্ঠানসমূহত ৰাষ্ট্ৰীয় গীতৰ ছটা স্তৱক ১৯০ ছেকেণ্ড অর্থাৎ তিনি মিনিট ১০ ছেকেণ্ডত পৰিবেশন কৰিব লাগিব।

ৰাষ্ট্ৰীয় গীত পৰিবেশনৰ নিয়মো বান্ধি দিছে কেন্দ্রীয় গৃহ মন্ত্রণালয়ে। সেই অনুসৰি, চৰকাৰী অনুষ্ঠানৰ কোন কোন সময়ত ‘বন্দে মাতৰম’ পৰিবেশন কৰিব লাগিব সেয়া গৃহ মন্ত্রণালয়ৰ উক্ত নির্দেশনাত স্পষ্টভাৱে কোৱা হৈছে।

এই নির্দেশনা অনুসৰি, ৰাষ্ট্ৰীয় পতাকা উত্তোলনৰ সময়ত, চৰকাৰী অনুষ্ঠানত ৰাষ্ট্ৰপতিৰ আগমন আৰু প্ৰস্থানৰ সময়ত, দেশবাসীক উদ্দেশি ৰাষ্ট্ৰপতিয়ে দিয়া ভাষণৰ আগত আৰু পাছত, চৰকাৰী অনুষ্ঠানত ৰাজ্যপাল বা উপ-ৰাজ্যপালৰ আগমন আৰু প্ৰস্থানৰ সময়ত ৰাষ্ট্ৰীয় গীত পৰিবেশন কৰিব লাগিব।

তদুপৰি কোনো নাগৰিকক সম্মান বা বঁটা প্রদান আৰু নিৰাপত্তা বাহিনীৰ কুচকাৱাজত ৰাষ্ট্ৰীয় পতাকা অনাৰ সময়ত ৰাষ্ট্ৰীয় গীত পৰিবেশন বাধ্যতামূলক কৰা হৈছে। উল্লেখ্য যে বর্তমানে বিভিন্ন চৰকাৰী অনুষ্ঠানত ৰাষ্ট্ৰীয় সংগীত পৰিবেশন কৰা হয়। এনে অনুষ্ঠানসমূহত এতিয়াৰে পৰা ৰাষ্ট্ৰীয় সংগীত পৰিবেশনৰ পূৰ্বে ৰাষ্ট্ৰীয় গীত পৰিবেশন কৰিবলৈ কেন্দ্রই নির্দেশ জাৰি কৰিছে।

এই গীত পৰিবেশনৰ সময়ত অনুষ্ঠানত সমবেতসকলে আসনৰ পৰা উঠি থিয় দিব লাগিব। তদুপৰি ৰাষ্ট্ৰীয় গীতৰ পংক্তি সমবেতসকলক আওৰোৱাৰো প্ৰস্তাৱ কেন্দ্রই আগবঢ়াইছে। উল্লেখ্য যে বংকিম চন্দ্র চেটার্জী ৰচিত দেশপ্রেমমূলক গীত ‘বন্দে মাতৰম’ এইবাৰ ১৫০ বছৰ পূৰ্তি উদ্যাপন চলিছে। ১৮৭৫ত চেটার্জীয়ে ৰচনা কৰা এই গীত প্রথম প্রকাশ পায় ১৮৮২ত ‘আনন্দমঠ উপন্যাস’ত।

বিশ্বকবি ৰবীন্দ্রনাথ ঠাকুৰে প্ৰথমবাৰৰ বাবে এই গীত শুনে। ব্রিটিছ বিৰোধী স্বাধীনতা আন্দোলনত জঁপিয়াই পৰা দেশৰ চাৰিও দিশৰ অগণন লোকক এই গীতে উদ্বেলিত কৰে। দেশৰ সংবিধানেও ৰাষ্ট্ৰীয় সংগীতৰ সমানে বাষ্ট্রীয় গীতৰো স্বীকৃতি আৰু মর্যাদা প্রদান কৰিছে। গতিকে ৰাষ্ট্ৰীয় গীত পৰিবেশনৰ বাবে স্বাধীনতাৰ অত বছৰে সুকীয়া বিধি নাছিল।

উল্লেখ্য যে ৰাষ্ট্ৰীয় গীতৰ মর্যাদা বৃদ্ধিৰ পক্ষত বাৰম্বাৰ সৰৱ হৈ আহিছে বিজেপি। ৰাষ্ট্ৰীয় গীতৰ গুৰুত্বপূর্ণ স্তৱক কর্তন কৰা বুলি কংগ্ৰেছৰ বিৰুদ্ধে বিজেপিয়ে অভিযোগ উত্থাপন কৰি আহিছে। সূত্রই জনোৱা মতে, ৰাষ্ট্ৰীয় গীতৰ মর্যাদা বৃদ্ধিৰ বিষয়ে যোৱা জানুৱাৰীত দিল্লীত এক বৈঠকত মিলিত হয় কেন্দ্রীয় গৃহ মন্ত্রণালয়।

এই বৈঠকত কেন্দ্রীয় গৃহ মন্ত্রণালয়ৰ একাধিক জ্যেষ্ঠ বিষয়াৰ উপৰি অন্যান্য কেন্দ্রীয় মন্ত্রণালয়ৰ শীর্ষ বিষয়াবর্গই অংশগ্রহণ কৰে। এই বৈঠকতে ৰাষ্ট্ৰীয় গীতৰ মর্যাদা বৃদ্ধিৰ সিদ্ধান্ত গৃহীত হয় বুলি সূত্রই জনায়। ইয়াৰ সমান্তৰালভাৱে ৰাষ্ট্ৰীয় গীত পৰিবেশনৰ বিধিও প্রস্তুত কৰে কেন্দ্ৰই। কেৱল চৰকাৰী অনুষ্ঠানতেই নহয়, বিদ্যালয়সমূহতো প্রার্থনাৰ সময়ত বা বিদ্যালয়ৰ কোনো অনুষ্ঠানত ৰাষ্ট্ৰীয় গীত পৰিবেশনৰ প্ৰস্তাৱো চৰকাৰে দিছে।

কেন্দ্রীয় গৃহ মন্ত্রণালয়ে জাৰি কৰা উক্ত নির্দেশনাত লগতে কোৱা হৈছে যে স্কুলীয়া ছাত্ৰ-ছাত্ৰীসকলৰ মনত ৰাষ্ট্রীয় গীত, ৰাষ্ট্ৰীয় সংগীত আৰু ৰাষ্ট্ৰীয় পতাকাৰ প্ৰতি শ্ৰদ্ধাৰ ভাব বৃদ্ধি কৰাৰ বাবে স্কুল কর্তৃপক্ষসমূহে প্রয়োজনীয় ব্যৱস্থা গ্রহণ কৰা উচিত। নির্দেশনাটোত লগতে কোৱা হৈছে যে ঘোষিতভাবে চৰকাৰী কৰ্মসূচী নহ’লেও কোনো অনুষ্ঠানত যদি মন্ত্রীব উপস্থিতি গুৰুত্বপূর্ণ অনুভৱ কৰা হয়, তেনে অনুষ্ঠানতো ৰাষ্ট্ৰীয় গীত পৰিবেশন কৰিব পাৰে।

অৱশ্যে কেন্দ্রীয় গৃহ মন্ত্রণালয়ৰ এই ১০ পৃষ্ঠাৰ নিৰ্দেশনাত স্পষ্ট কৰি দিয়া হৈছে যে কোনো চলচ্চিত্রব অংশৰূপে ৰাষ্ট্ৰীয় গীত পৰিবেশন হ’লে সেই ক্ষেত্রত দর্শকসকলে আসনৰ পৰা উঠি থিয় হোৱাটো বাধ্যতামূলক নহয়। অন্যথা এখন চলচ্চিত্র উপভোগত সমস্যা দেখা দিব পাৰে বা চিত্ৰগৃহৰ ভিতৰত বিশৃংখল পৰিৱেশৰ সৃষ্টি হ’ব পাৰে। গতিকে ৰাষ্ট্ৰীয় গীতৰ প্ৰতি সম্মান জনাওঁতে যাতে বিভ্রান্তিৰ সৃষ্টি নহয়, তাৰ বাবে এই পদক্ষেপ গ্রহণ কৰা হৈছে বুলি সদৰী কৰিছে গৃহ মন্ত্রণালয়ৰ সূত্রই।

Exit mobile version