দীঘাৰ সমুদ্ৰ তীৰত নতুন প্ৰজাতিৰ প্ৰাণী আৱিষ্কাৰ

digha pic

দীঘা আৰু বাঁকিপুট সমুদ্র তীৰৰ পৰা দুটা নতুন প্ৰজাতিৰ প্ৰাণীৰ সন্ধান পালে বিজ্ঞানীয়ে। যি দুটা হৈছে এনিলিডা পর্ব (ফাইলাম)ৰ অন্তর্গত দুটা নতুন প্রজাতিৰ সামুদ্রিক কীট।

সদ্য সন্ধান পোৱা এই দুই প্ৰজাতিৰ প্ৰাণীকেই ⇒ ‘নেৰিডিড বার্ম’ বা ‘পলিকেট’ অর্থাৎ এক ধৰণক সামুদ্রিক কেঁচুৰূপেও চিহ্নিত কৰা হৈছে।

বংগোপসাৰৰ উত্তৰ দিশৰ অৰ্থাৎ ওড়িছা আৰু পশ্চিমবংগৰ সংলগ্ন অংশ, যি জীৱবৈচিত্র্যৰে ভৰপূৰ তথা এই অঞ্চলত যথাযথ অনুসন্ধান চলালে নতুন প্ৰজাতিৰ বহুতো প্ৰাণীৰ সন্ধান পোৱা যাব। এনে দাবী দীর্ঘদিনৰ পৰাই কৰি আহিছে ভাৰতৰ ভূতত্ত্ব জৰীপে।

মেক্সিকোৰ একাংশ বিজ্ঞানীৰ স’তে মিলিত হৈ গৱেষণা চলাইছিল ভাৰতৰ ভূতত্ত্ব জৰীপে। তাতেই এনিলিডা পৰ্বৰ দুটা নতুন প্ৰজাতিৰ প্ৰাণীৰ সন্ধান পোৱা যায় বুলি বিভাগটোৱে জনাইছে।

ভাৰতৰ ভূতত্ত্ব জৰীপৰ সূত্ৰই জনাইছে যে ‘ডেছক্রিপচন অৱ টু নিউ নেবিডিডছ ফ্রম ৱেষ্ট বেংগল, ইন্ডিয়া, বে’ অব বেংগল’ শীর্ষক প্রতিবেদনত এই দুই প্রাণীৰ বৈশিষ্ট্য আৰু বাসস্থান সম্পর্কে বিস্তাৰিতভাবে লিখা হৈছে। দুটা প্ৰজাতিৰ মাজত এটাৰ বৈজ্ঞানিক নাম ৰখা হৈছে ‘নামালিকাষ্টিচ ছোলেনোটোনাথা’।

এই নামটো লোৱা হৈছে দুটা গ্রীক শব্দ ‘ছোলেনোটোছ’ বা খাজকটা আৰু ‘নাথা’ বা খুঁতৰিৰ পৰা। এই প্ৰজাতিৰ প্ৰাণীৰ খাজকটা খুঁতৰিৰ অজস্ৰ নলীৰ জৰে অংশ বাহিৰ হৈছে।

ভাৰতৰ ভূতত্ত্ব জৰীপৰ তৰফৰ পৰা বিজ্ঞানী অনিল মহাপাত্ৰ আৰু জ্যোৎস্না প্রধানে জনাইছে যে ২০২৫ৰ জুলাইত এই দুটা সামুদ্রিক কীটৰ সন্ধান পোৱা যায়। এই কেঁচুৱে চৰম প্ৰতিকূল পৰিৱশেতো জীয়াই থাকিব পাৰে।

আনহাতে, ‘নেৰিছ ধৃতি’ নামৰ প্ৰজাতিটোৰ নামকৰণ কৰা হৈছে ভাৰতৰ ভূতত্ত্ব জৰীপৰ প্ৰথম মহিলা সঞ্চালক ধৃতি বেনাৰ্জীৰ নামত।

উপকূলীয় পৰিৱেশৰ সু-স্বাস্থ্য বজাই ৰখাত নেৰিডিডবোৰে অত্যন্ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। বিশেষকৈ পলস স্তৰত অক্সিজেন চলাচলত ইহঁতৰ অবদান অনস্বীকার্য।

Exit mobile version