দেশজুৰি ‘বন্দে মাতৰম’ বিতৰ্কঃ কেন্দ্ৰৰ নতুন নিৰ্দেশনাক লৈ মুছলিম ল’ ব’ৰ্ডৰ তীব্ৰ আপত্তি

IMG 20260213 114436

দেশজুৰি নতুন বিতৰ্কৰ সূচনা কৰিছে ‘বন্দে মাতৰম’ক লৈ কেন্দ্ৰীয় নিৰ্দেশনাই। বুধবাৰে অমিত শ্বাহৰ নেতৃত্বাধীন কেন্দ্ৰীয় স্বৰাষ্ট্ৰ মন্ত্ৰালয়ে এক নতুন গাইডলাইন জাৰি কৰে।

এতিয়াৰ পৰা গানটো বজালে সকলোৱে উঠি সন্মান জনাব লাগিব। এই সিদ্ধান্তৰ কঠোৰ বিৰোধিতা কৰিছে অল ইণ্ডিয়া মুছলিম পাৰ্চনেল ল’ ব’ৰ্ড। সংগঠনটোৱে স্পষ্টকৈ কয়,এই নিৰ্দেশ সংবিধান বিৰোধী আৰু ধৰ্মীয় স্বাধীনতাৰ বিৰুদ্ধে।

ব’ৰ্ডে জাৰি কৰা বিবৃতিত কোৱা হৈছে যে এই সিদ্ধান্ত,ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ ৰায়ৰো বিপৰীত আৰু সংখ্যালঘুসকলৰ মৌলিক অধিকাৰ লঙ্ঘন কৰে। তেওঁলোকৰ যুক্তি অনুসৰি, গীতটিত দেৱ-দেৱীৰ উল্লেখ আছে, যি ইছলামিক বিশ্বাসৰ স’তে সঙ্গতিপূৰ্ণ নহয়। সেয়ে কেন্দ্ৰই সিদ্ধান্ত প্রত্যাহাৰ নকৰিলে আদালতৰ দুৱাৰস্থ হোৱাৰো সতৰ্কবাণী দিয়ে সংগঠনটোৱে।

গাইডলাইন অনুসৰি, সকলো চৰকাৰী অনুষ্ঠান আৰু বিদ্যালয়ত জাতীয় সংগীত’জন গণ মন পৰিবেশনৰ পাছতেই বজাব লাগিব ‘বন্দে মাতৰম’। ৰাষ্ট্ৰপতি উপস্থিত থকা অনুষ্ঠান, পদ্ম বঁটা প্ৰদান অনুষ্ঠানতো এই গীত বজোৱা বাধ্যতামূলক কৰা হৈছে। অৱশ্যে চিনেমা হলত এই নিয়ম বাধ্যতামূলক নহয়।

ইয়াৰ উপৰিও, এতিয়াৰ পৰা ‘বন্দে মাতৰম’ৰ ছয়টা স্তবক সম্পূৰ্ণ ৰূপে পৰিবেশন কৰাৰো নিৰ্দেশ দিয়া হৈছে। কেন্দ্ৰৰ মতে, নাগৰিকৰ মাজত দেশপ্ৰেম আৰু শৃংখলা বঢ়োৱাৰ লক্ষ্যেই এই পদক্ষেপ গ্ৰহণ কৰা হৈছে।

Exit mobile version