“এয়াৰপর্ট পে নেহি, সড়ক পে লেন্ড কাৰেঙ্গে”—এই কথা সত্য কৰিলে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। আজি ৰাজ্যখনৰ ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত অৱতৰণ কৰিলে তেওঁৰ হাৰকিউলিছ বিমান।
শনিবাৰে পুৱাতে অসমৰ চাবুয়া বিমানঘাঁটিৰ পৰা বায়ুসেনাৰ C-130J হাৰকিউলিছ বিমানেৰে যাত্ৰা আৰম্ভ কৰে মোদীয়ে। গন্তব্য আছিল ডিব্ৰুগড়ৰ মৰাণ অঞ্চল। মৰানত ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত নিৰ্মাণ কৰা হৈছে উত্তৰ-পূৰ্ব ভাৰতৰ প্ৰথম জৰুৰী অৱতৰণ পথ (Emergency Landing Facility)। সেই পথতেই সুৰক্ষিতভাৱে অৱতৰণ কৰে প্ৰধানমন্ত্ৰীৰ বিমান।
ৰাষ্ট্ৰীয় ঘাইপথত বিমান অৱতৰণ কৰা ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী হিচাপে নতুন ইতিহাস গঢ়িলে মোদীয়ে। ইয়াৰ পাছতেই তেওঁ গুৱাহাটীলৈ ৰাওনা হ’ব।






























