নক্ষত্ৰক গ্রাস কৰাৰ পাছত উগাৰ মাৰি আছে এক কৃষ্ণ গহ্বৰে

IMG 20260215 110211

মহাকাশত এটা নতুন কৃষ্ণ গহ্বৰ (ব্লেক হোল) ৰ সন্ধান পাইছে বিজ্ঞানীসকলে। সেই প্রকাণ্ড গহ্বৰৰ আচৰণ দেখি বিজ্ঞানীসকল স্তম্ভিত হৈ পৰিছে। এটা বিৰাট নক্ষত্ৰক ফালি-চিৰি খাই পেলালে সেই কৃষ্ণ গহ্বৰে।

তাৰ পাছৰ পৰাই সেই সদ্য আবিষ্কৃত কৃষ্ণ গহ্বৰে উগাৰ মাৰি আছে। প্ৰতিটো উগাৰৰ লগত গহ্বৰে উগাৰি দিছে ৰাশি ৰাশি পদার্থ। একাংশ বিজ্ঞানীয়ে ধাৰণা কৰিছে যে সেইবোৰ আচলতে কৃষ্ণ গহ্বৰৰ বুকুত নিঃশেষ হৈ যোৱা সেই নক্ষত্রটোৰেই অৱশিষ্ট অংশ।

এনে কাণ্ড ইয়াৰ আগতে কোনেও দেখা পোৱা নাছিল।মহাশূন্যৰ অন্যতম ৰহস্য হৈছে কৃষ্ণগহ্বৰ। সূর্যতকৈ লক্ষ লক্ষ গুণ ডাঙৰ বিপুল ঘনবিশিষ্ট এই মহাজাগতিক বস্তুৰ সিংহভাগেই এতিয়াও বিজ্ঞানীমহলৰ বাবে অজ্ঞাত।

অধিক ঘনত্বৰ কাৰণে কৃষ্ণ গহ্বৰৰ মধ্যাকর্ষণ শক্তি তীব্র। পোহৰৰ কণিকাও ইয়াৰ ভিতৰত প্ৰৱেশ কৰিলে ওলাই আহিব নোৱাৰে। মহাকাশত ঘূৰি ঘূৰি কোনো পদার্থই কৃষ্ণ গহ্বৰৰ কাষত উপস্থিত হ’লেই সর্বনাশ। মুহূর্ততে গহ্বৰে সিবোৰক গ্রাস কৰে।

এবাৰ কৃষ্ণ গহ্বৰৰ ভিতৰলৈ গ’লেই আৰু নিস্তাৰ নাই। উভতি অহাৰ কোনো উপায়েই নাই। প্রতিদিনে কিমান শ শ নক্ষত্রক বিভিন্ন অচিন কৃষ্ণ গহ্বৰে গিলি আছে, তাৰ কোনো লেখ-জোখ নাই। এয়া যেন বিজ্ঞানৰ এক নিমিলা অংক। সেই অংক মিলা নাই বাবেই এই বিষয়ত বিজ্ঞানীসকলৰ উৎসাহো বেছি। গৱেষণাৰ বহৰো ইয়াত বেছি।

কৃষ্ণ গহ্বৰে নক্ষত্ৰক কাষত পালে যে গিলি খায়, সেই কথা কোনেও নজনা নহয়। যদিও যিটো নতুন কৃষ্ণ গহ্বৰ বিজ্ঞানীসকলে দেখা পাইছে, তাৰ আচৰণে সকলোকে হতবাক কৰি তুলিছে। নক্ষত্রক গিলি খোৱাৰ পাছত উগাৰ মৰাৰ নজিৰ আগতে কেতিয়াও পোৱা নাছিল। বিজ্ঞানীসকলে জনাইছে যে এই কৃষ্ণ গহ্বৰটো পৃথিৱীৰ পৰা ৬৫.৫ কোটি আলোকবর্ষ দূৰত অৱস্থিত।

পৃথিৱী যি হাতীপটিৰ মাজত আছে, তাৰ কেন্দ্ৰতো এটা কৃষ্ণ গহ্বৰ আছে। নতুনকৈ আৱিষ্কৃত কৃষ্ণ গহ্বৰটোৰ ভৰ আমাৰ মিল্কিৱে’ হাতীপটিৰ সেই কৃষ্ণ গহ্বৰৰ স’তে তুলনীয়। ই আমাৰ সূৰ্যতকৈ ৫০ লক্ষ গুণ ডাঙৰ। একেলগে ৫০ লাখ সূৰ্যক গিলি খাব পাৰে এই কৃষ্ণ গহ্বৰে। যিটো নক্ষত্ৰ এই গহ্বৰৰ সংস্পৰ্শলৈ আহি ধ্বংস হৈ গৈছে, সেইটোও আমাৰ সূৰ্যতকৈ ১০ গুণ ডাঙৰ আছিল।

Exit mobile version