বিশাখাপত্তনমত বিশ্ব নৌ-শক্তিৰ সমাবেশ, MILAN অনুশীলনত যোগ বহু দেশৰ যুদ্ধজাহাজ

Navy

ভাৰতীয় নৌসেনাৰ বৃহৎ আন্তঃৰাষ্ট্ৰীয় মহড়া মিলন উপলক্ষে বিশাখাপত্তনমত উপস্থিত হৈছে বহু দেশৰ যুদ্ধজাহাজ। ইন্দোনেছিয়া, ইউএই আৰু বাংলাদেশৰ নৌবাহিনীৰ জাহাজ ইতিমধ্যে এই মহড়াত যোগদান কৰিছে।

সেনা সূত্ৰ অনুসৰি, ইন্দোনেছিয়াৰ ফ্ৰিগেট KRI Bung Tomo, ইউএইৰ কৰ্ভেট Al-Emarat আৰু বাংলাদেশৰ যুদ্ধজাহাজ BNS Samudra Abhijan এই মহড়াত অংশ লৈছে।

ইয়াৰ উপৰি থাইলেণ্ড, অষ্ট্ৰেলিয়া আৰু শ্ৰীলংকাৰ যুদ্ধজাহাজো বিশাখাপত্তনমত উপস্থিত হৈছে।

এই বৃহৎ মহড়াত ভাৰতীয় নৌসেনাৰ ৪৫টা আৰু বিদেশৰ ১৯টা জাহাজসহ মুঠ ৭১টা জাহাজ আৰু সাবমেৰিন অংশ ল’ব।

ভাৰতৰ বিমানবাহী ৰণতৰী INS Vikrant এই মহড়াৰ অন্যতম মুখ্য আকর্ষণ।

১৮ ফেব্ৰুৱাৰীত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে এই নৌবহৰ পৰ্যালোচনা কৰিব। সামৰিক শক্তি প্ৰদৰ্শনৰ লগতে এই মহড়াক গুৰুত্বপূৰ্ণ কূটনৈতিক পদক্ষেপ বুলিও ধৰা হৈছে।

Exit mobile version