AIUDF Mla Protest:মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে সদনৰ বাহিৰত এআইইউডিএফ বিধায়ক সকলৰ প্ৰতিবাদ

উজনিত মিঞা মুছলমানক অত্যাচাৰৰ সন্দৰ্ভত সদনত আলোচনাৰ প্ৰস্তাৱ দিছিল এআইইউডিএফ বিধায়ক সকল, অধ্যক্ষই নাকচ কৰাত এআইইউডিএফ বিধায়কৰ সদন ত্যাগ

WhatsApp Image 2026 02 17 at 1.03.24 PM

AIUDF Mla Protest:

উজনি অসমত মিঞা মুছলমানক অত্যাচাৰ কৰাৰ অভিযোগ কৰি সদনত আজি আলোচনা বিচাৰিছিল এআইইউডিএফ বিধায়ক সকলে। কিন্ত অধ্যক্ষই এই প্ৰস্তাৱ নাকচ কৰাত এআইইউডিএফ বিধায়ক সকলে ক্ষোভ প্ৰকাশ কৰি সদন ত্যাগ কৰে ৷ সদনত বাহিৰলৈ আহি এআইইউডিএফ বিধায়ক সকলে হাতে হাতে বেনাৰ পোষ্টাৰ লৈ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে বিভিন্ন শ্ল’গানেৰে আকাশ- বতাহ মুখৰিত কৰি তোলে। উজনি অসমত মিঞা মুছলমানক অত্যাচাৰ কৰাৰ অভিযোগ কৰি বিধায়ক ৰফিকুল ইছলামে এই ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ লগতে কংগ্ৰেছৰ বিৰুদ্ধেও সৰৱ হৈ পৰে ৷

কংগ্ৰেছে দীৰ্ঘদিন ধৰি মিঞা মুছলমানত ভোট বেংক হিচাপে ব্যৱহাৰ কৰি আহিছে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য দি বিধায়ক গৰাকীয়ে আৰু কয় যে,মুছলমানক ব্যৱহাৰ কৰিব, মুছলমানৰ ভোটো লাগিব। কিন্তু আগত যাব নিদিয়ে মুছলমানক | মুছলমানক গামোচা পিন্ধাবলৈ গলেও খেদি দিয়া হয়। মুছলমানক নেতৃত্ব দিলে মূৰৰ কামোৰণি হয় কংগ্ৰেছৰ। আগন্তুক দিনত সংখ্যালঘু ৰাইজে কংগ্ৰেছক উচিত প্ৰত্যুত্তৰ দিব।

Exit mobile version