ECI:
বিধানসভা নিৰ্বাচনৰ বাবে অসমত প্ৰস্তুতিৰ সামগ্রিকভাৱে সকলো দিশৰ বুজ ল’বলৈ সোমবাৰে তিনিদিনীয়া কাৰ্যসূচীৰে গুৱাহাটীত উপস্থিত হয় ভাৰতৰ নির্বাচন আয়োগৰ পূৰ্ণাংগ দল। মুখ্য নির্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ নেতৃত্বত অহা দলটোৱে মঙলবাৰে ৰাজ্যৰ স্বীকৃতিপ্ৰাপ্ত বিভিন্ন ৰাজনৈতিক দলৰ প্ৰতিনিধিৰে এক পৰ্যালোচনা বৈঠকত মিলিত হয় ৷ মহানগৰীৰ ৰেডিশ্ব’ন ব্লু’ত অনুষ্ঠিত বৈঠকত বিজেপিৰ সাংসদ প্রদান বৰুৱা, মন্ত্ৰী ৰণোজ পেগু, সিদ্ধার্থ ভট্টাচাৰ্য আৰু ধ্ৰুৱজ্যোতি ডাউকা, কংগ্ৰেছ দলৰ সাংসদ ৰকিবুল হুছেইন, ৰিপুণ বৰা,প্রদীপ সৰকাৰ, ৰতন ইংতি,ইউপিপিএলৰ ৰাজু কুমাৰ নাৰ্জাৰী, উইলচন হাজদা, ব্রজ কুমাৰ বসুমতাৰী, অমৰজিৎ বসুমতাৰী, চিপিএমৰইচফাকুৰ ৰহমান, নিৰংকুশ নাথ, পৰিমল সেন, বিপিএফৰ দুর্গা দাস বড়ো, ৰবিনচন মুছাহাৰী, প্রবীণ বড়ো, দ্বীপজ্যোতি চহৰীয়া, আপৰ প্রবীণ শৰ্মা, আব্দুল ৰজ্জক, সুজিত দাস, অগপ দলৰৰমেন্দ্ৰ নাৰায়ণ কলিতা, সুনীল ডেকা, নৃপ কুমাৰ ফুকন, পার্থ প্রতিম মেধি,এআইইউডিএফৰ আমিনুল ইছলাম, আৱাল মজিদ, ছিদ্দিক আলী ঠাকুৰীয়া, হাফিজ ৰফিকুল ইছলাম উপস্থিত থাকে ৷ বৈঠকত আয়োগৰ দুই আয়ুক্ত ড: সুখবীৰ সিং সান্ধু আৰু ড: বিবেক যোশীয়ে অংশ লয় ৷
তিনিজনীয়া নিৰ্বাচন আয়ুক্তৰ দলটোৱে ৰাজ্যৰ আৰক্ষী মহাপৰিদৰ্শক, জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ সৈতে এক বৈঠকত মিলিত হোৱাৰ লগতে বুধবাৰে মুখ্য সচিব আৰু আৰু আৰক্ষী সঞ্চালক প্ৰধানৰ সৈতেই এক বৈঠকত অংশ ল’ব ৷বিয়লি সংবাদমেল সম্বোধন কৰিব নির্বাচন আয়োগে ৷
আনহাতে অসম জাতীয় পৰিষদক পৰ্যালোচনা বৈঠকলৈ নির্বাচন আয়োগে নিমন্ত্ৰণ নকৰাত ক্ষোভ প্ৰকাশ কৰে সভাপতি লুৰিণজ্যোতি গগৈয়ে। এই সন্দৰ্ভত নেতা গৰাকীয়ে কয়, ‘অসমলৈ কেন্দ্রীয় নির্বাচন আয়োগ আহিছে আৰু পঞ্জীয়নভুক্ত ৰাজনৈতিক দলসমূহক আলোচনাৰ বাবে মাতিছে। আমি পঞ্জীয়নভুক্ত ৰাজনৈতিক দল নহয় যদিও আমি যোৱা বিধানসভা আৰু লোকসভা নির্বাচন খেলিছো। অসমৰ সমাজ জীৱনত ৰাজনৈতিকভাবে কাম-কাজ কৰি আছো; কিন্তু আমাক আলোচনালৈ নিমন্ত্ৰণ কৰা নাই।’ আঞ্চলিক ৰাজনৈতিক দলৰ প্ৰতি বিজেপিৰ যি দৃষ্টিভংগী সেইটো নির্বাচন আয়োগে অনুসৰণ কৰিছে। নির্বাচন আয়োগক কেন্দ্রীয় পক্ষপাতমূলক ভূমিকা নল’বলৈ আহ্বান জনায় গগৈয়ে।




































