ভাৰত-ফ্ৰান্স কৌশলগত সহযোগিতাত এক ডাঙৰ পদক্ষেপ হিচাপে দেশত প্ৰথমবাৰৰ বাবে উচ্চ উচ্চতাত উৰণ কৰিব পৰা H125 হেলিকপ্টাৰৰ ফাইনেল এছেম্বলি লাইন স্থাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।
ফ্ৰান্সৰ এৰোস্পেচ প্ৰতিষ্ঠান এয়াৰবাছ সহযোগিতাত এই প্ৰকল্প বাস্তৱায়ন হ’ব আৰু ইয়াক ভাৰতৰ এৰোস্পেচ উৎপাদন খণ্ডত এক গুৰুত্বপূৰ্ণ মাইলফলক হিচাপে ধৰা হৈছে।
এই উদ্যোগ উদ্বোধন কৰে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰোঁয়ে। দুয়ো নেতাই এই প্ৰকল্পক ভাৰত-ফ্ৰান্সৰ ৰণকৌশলগত সম্পৰ্ক শক্তিশালী কৰাৰ এক গুৰুত্বপূৰ্ণ পদক্ষেপ বুলি উল্লেখ কৰে।
এই অত্যাধুনিক হেলিকপ্টাৰসমূহ বিশেষকৈ পাহাৰীয়া আৰু কম অক্সিজেন থকা কঠিন পৰিৱেশত উৰণৰ বাবে ডিজাইন কৰা হৈছে। উল্লেখযোগ্য যে, এই শ্ৰেণীৰ হেলিকপ্টাৰে বিশ্বৰ সৰ্বোচ্চ শৃংগ Mount Everestৰ উচ্চতাতো সফলভাৱে উৰণ কৰাৰ নজিৰ স্থাপন কৰিছে। ফলত জৰুৰী উদ্ধাৰ অভিযান, সামৰিক ব্যৱস্থা আৰু পাহাৰীয়া পৰ্যটনৰ ক্ষেত্ৰত ইয়াৰ বিশেষ গুৰুত্ব আছে।
এই ফাইনেল এছেম্বলি লাইনটো কৰ্ণাটকৰ ভেমাগালত স্থাপন কৰা হ’ব বুলি জানিব পৰা গৈছে। ২০২৭ চনৰ পৰা উৎপাদন আৰম্ভ কৰাৰ লক্ষ্য ধৰা হৈছে আৰু আগন্তুক ২০ বছৰত প্ৰায় ৫০০টা হেলিকপ্টাৰ নিৰ্মাণ কৰাৰ পৰিকল্পনা কৰা হৈছে।
প্ৰকল্পটো সফলভাৱে বাস্তৱায়ন হ’লে ভাৰতত নিৰ্মিত এই হেলিকপ্টাৰসমূহ বিশ্বৰ বিভিন্ন দেশলৈ ৰপ্তানি কৰা হ’ব। বিশেষজ্ঞসকলৰ মতে, এই উদ্যোগে ভাৰতক বিশ্বমানৰ এৰোস্পেচ উৎপাদন কেন্দ্ৰ হিচাপে গঢ়ি তোলাত সহায় কৰাৰ লগতে নতুন কর্মসংস্থানৰ সুযোগো সৃষ্টি কৰিব।
সামগ্ৰিকভাৱে, এই পদক্ষেপে ভাৰতৰ ৰাষ্ট্ৰীয় সুৰক্ষা, উদ্ধাৰ অভিযান আৰু গ্ল’বেল এৰোস্পেচ ক্ষেত্ৰত দেশৰ স্থান অধিক শক্তিশালী কৰাৰ দিশে এক ডাঙৰ অগ্ৰগতি হিচাপে বিবেচিত হৈছে।






























