মাদক সৰবৰাহকাৰীৰ নৌকাত আমেৰিকাৰ সামৰিক আক্ৰমণ, নিহত ১১

1771396555 strike 1

সমুদ্ৰপথে চলি থকা মাদক সৰবৰাহ ৰোধ কৰিবলৈ সামৰিক অভিযান তীব্ৰ কৰিলে আমেৰিকাই। পূব প্ৰশান্ত মহাসাগৰ আৰু কেৰিবিয়ান অঞ্চলত মাদক সৰবৰাহ সন্দেহত তিনিখন নৌকাত আক্ৰমণ চলাই আমেৰিকাৰ সেনাই হত্যা কৰিলে ১১ জন লোক।

মাৰ্কিন সেনাৰ ‘Southern Command’ৰ মতে, সোমবাৰ নিশা চোৰাংচোৱা তথ্যৰ ভিত্তিত অভিযান আৰম্ভ কৰা হৈছিল। তল্লাচিৰ সময়ত তিনিখন নৌকাত একাধিক লোক থকা দেখা যায় আৰু তেওঁলোকক আগতীয়াকৈ সতর্ক কৰা হৈছিল।

যদিও সতর্কবাণী অগ্ৰাহ্য কৰি নৌকা আগুৱাই নিবলৈ ধৰাত সেনাই আক্ৰমণ চলায়।

অভিযানত পূব প্ৰশান্ত মহাসাগৰ অঞ্চলৰ দুখন নৌকাত আঠজন আৰু কেৰিবিয়ান অঞ্চলৰ আন এখন নৌকাত তিনিজন লোক নিহত হয়। সেনাৰ দাবী মতে, এই অঞ্চলসমূহ মাদক সৰবৰাহৰ এক গুৰুত্বপূর্ণ পথ হৈ পৰিছিল।

উল্লেখযোগ্য যে, বিগত বছৰৰ ছেপ্টেম্বৰৰ পৰা এতিয়ালৈকে এই দুই অঞ্চলত মাদক সৰবৰাহবিৰোধী অভিযানত মুঠ ১৩৫ জন সৰবৰাহকাৰী নিহত হৈছে বুলি জানিবলৈ দিছে আমেৰিকাৰ সেনাই।

Exit mobile version