Amit Shah Assam Visit:
ৰাজ্যৰ বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ ডেৰটা মাহ থকা অৱস্থাত শাসক – বিৰোধীৰ শীৰ্ষ নেতা এতিয়া ঢাপলি মেলিছে অসমলৈ ৷দুদিনীয়া কাৰ্যসূচীৰে বৃহস্পতিবাৰে পুৱা গুৱাহাটীৰ উপস্থিত হয় কংগ্ৰেছৰ জ্যেষ্ঠ নেত্ৰী প্ৰিয়ংকা গান্ধী।
আনহাতে আজি বিয়লি শিলচৰত উপস্থিত হ’ব গৃহমন্ত্ৰী অমিত শ্বাহ। তিনিদিনীয়া সূচীৰে গৃহমন্ত্ৰী গৰাকীয়ে বিএছএফৰ বিশেষ বিমানেৰে শিলচৰত উপস্থিত হ’ব ৷অমিত শ্বাহক এয়াৰপৰ্টত আদৰণি জনাব মুখ্যমন্ত্রী ড:হিমন্ত বিশ্ব শর্মাই ৷ নিশাটো গৃহ মন্ত্ৰী গৰাকীয়ে শিলচৰত কটাই শুকুৰবাৰে কাছাৰৰ ভাৰত-বাংলা সীমান্তৰ নাতানপুৰলৈ যাব ৷ নাতানপুৰ সীমান্ত আৰক্ষী চকী পৰিদৰ্শনৰ লগতে বৃক্ষৰোপণ কৰিব । একেদৰে
নাতানপুৰতে ‘ভাইব্রেন্ট ভিলেজ প্রগ্রাম’ত অংশগ্ৰহণ কৰিব । ইয়াৰ পৰা হেলিকপ্তাৰেৰে উৰা মাৰিব চুবুৰীয়া ত্ৰিপুৰালৈ ৷ ত্ৰিপুৰাত চৰকাৰী কাৰ্যসূচী এটাত অংশ লৈ তাৰ পৰা বিমানেৰে উপস্থিত হ’ব গুৱাহাটী বিমানকোঠত। নিশাটো গুৱাহাটীৰ ৰাত্ৰিযাপন কৰি শনিবাৰে সৰুসজাইত চিআৰপিএফৰ প্ৰতিষ্ঠা দিৱসত বিশেষ কাৰ্যসূচীত অংশ ল’ব শ্বাহে। অনুষ্ঠানত উপস্থিত থাকিব মুখ্যমন্ত্রী ড:হিমন্ত বিশ্ব শর্মা।




































