Amit Shah Assam Visit:
প্ৰতিকুল বতৰৰ বাবে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ ভ্ৰমণ কাৰ্যসূচীত ব্যাপক সালসলনি ৷ দেওবাৰে নিশা গুৱাহাটী উপস্থিত হোৱাৰ কথা আছিল যদিও ডাঠ কুঁৱলীৰ বাবে সোমবাৰে পুৱাহে বিএছএফৰ বিশেষ বিমানেৰে বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্ত:ৰাষ্ট্ৰীয় বিমান বন্দৰত উপস্থিত হোৱা কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকীক উস্ম আদৰণি জনায় মুখ্ ড:হিমন্ত বিশ্ব শৰ্মা,কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱাল আৰু ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই ৷
কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকী বৰঝাৰৰ পৰা পোনে পোনে ৰাওনা হয় নগাঁৱৰ শ্ৰীমন্তশঙ্কৰদেৱৰ জন্মস্থলী বটদ্ৰৱাৰ সাংস্কৃতিক প্ৰকল্পলৈ ৷ মন্ত্ৰী গৰাকীয়ে ৰাজ্য চৰকাৰে ২২৭ কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰা উলিওৱা বটদ্ৰৱা সাংস্কৃতিক প্ৰকল্প ৷ ইয়াতে বিশাল ৰাজহুৱা সভা সম্বোধন কৰিব গৃহমন্ত্ৰী গৰাকীয়ে।
উল্লেখ্য যে বটদ্ৰৱা সাংস্কৃতিক প্রকল্পৰ আৰ্বিভাৱ ক্ষেত্ৰত আছে গুৰু আসন, মণিকাঞ্চন নামঘৰ, দুটা জলপান ঘৰ, প্ৰশাসনিক ভৱন, যাত্রী নিৱাস, এটি দক্ষতা বিকাশ কেন্দ্র, গৱেষণা কেন্দ্ৰ, মূল প্ৰৱেশদ্বাৰ, চাৰিসীমাৰ দেৱাল, কলাকেন্দ্র, মিউজিকেল ফাউণ্টেইন আৰু লেজাৰ শ্ব’, কৃষ্ণলীলা, নাটঘৰ সহ অন্যান্য৷
আবেলি গৃহমন্ত্ৰী গৰাকীয়ে মহানগৰীৰ খানাপাৰাত ৰাজ্য চৰকাৰে নিৰ্মাণ কৰি উলিওৱা অত্যাধুনিক গুৱাহাটী আৰক্ষী আয়ুক্তৰ কাৰ্যালয়ৰ নৱনিৰ্মীত কাৰ্যালয়। একেদৰে গৃহমন্ত্ৰী গৰাকীয়ে মুকলি কৰিব Integrated Command and Control Centre।
আনহাতে আবেলিয়ে গৃহমন্ত্ৰী গৰাকীয়ে মুকলি কৰিব খানাপাৰাতে নিৰ্মাণ কৰা জ্যোতি-বিষ্ণু আন্ত:ৰাষ্ট্ৰীয় প্রেক্ষাগৃহ। ১১০০০ বর্গ মিটাৰ অঞ্চলজুৰি আগুৰি থকা
আটকধুনীয়া নৱনিৰ্মীত প্রেক্ষাগৃহটোত আছে ৫ হাজাৰ অত্যাধুনিক আসন। জ্যোতি-বিষ্ণুৰ গীতৰ তালত ছন্দায়িত হ’ব নানৰঙী জলধাৰা। প্ৰেক্ষাগৃহৰ চৌহদত আছে ৪খন ফুড ক’র্ট। একেদৰে প্রেক্ষাগৃহত আছে ৪৫০খন গাড়ী পাৰ্কিঙৰ সুবিধা। আটকধুনীয়াকৈ সাজি উলিয়াইছে মিউজিকেল ফাউণ্টেইন।
উল্লেখ্য যে আজি উদ্বোধন হ’বলগীয়া জ্যোতি-বিষ্ণু প্ৰেক্ষাগৃহটো উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰত সৰ্ববৃহৎ প্রেক্ষাগৃহ। আনহাতে পূৰ্ব নিৰ্ধাৰিত অনুসৰি সোমবাৰে পুৱা মহানগৰীৰ পশ্চিম বৰাগাঁওস্থিত শ্বহীদ স্মাৰকলৈ গৃহমন্ত্ৰী গৰাকী যাবলগীয়া আছিল যদিও কাৰ্যসূচী কিছু সালসলনি কৰি বিয়লিহে শ্বহীদ স্মাৰকক উপস্থিত হৈ শ্বহীদ স্মাৰকত শ্ৰদ্ধাঞ্জলী জনোৱাৰ লগতে পৰিদৰ্শন কৰিব চৌহদ ৷



































