Assam Aassembly:
অসম বিধানসভাত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক যাত্ৰাৰ ৰূপালী জয়ন্তী উদযাপন কৰিলে অসম বিধানসভাই। পঞ্চদশ বিধানসভা অধিৱেশনৰ সামৰণিৰ আগনিশা অৰ্থাৎ বুধবাৰে এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰে অধ্যক্ষ ড:বিশ্বজিৎ দৈমাৰীয়ে ৷ সতীৰ্থ মন্ত্ৰী-বিধায়কৰ সৈতে ২৫ বছৰীয়া ৰাজনৈতিক যাত্ৰাৰ কেক কাটিলে মুখ্যমন্ত্রী গৰাকীয়ে ৷ এই অনুষ্ঠানতে মুখ্যমন্ত্ৰীক অধ্যক্ষ ড:বিশ্বজিৎ দৈমাৰীয়ে বিধানসভাৰ হৈ সম্বর্ধনা জনোৱাৰ লগতে বিভিন্ন জনেও জনায় সম্বর্ধনা ৷
উল্লেখ্য যে মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই একেলেথাৰিয়ে ২০০১বৰ্ষৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হৈ আহিছে ৷ তৰুণ গগৈ আৰু সৰ্বানন্দ সোনোৱাল মন্ত্ৰী সভাৰ বিভিন্ন দপ্তৰৰ মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহৰ কৰাৰ পিছত ২০২১ ত ৰাজ্যৰ মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত হয় ৷




































