Himanta Viswa Sarma:
পঞ্চাদশ অসম বিধানসভাৰ অন্তিম খন অধিবেশনৰ বৃহস্পতিবাৰে অন্তিম দিনত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ বিৰুদ্ধে সৰৱ হৈ পৰে ৷প্ৰিয়ংকা গান্ধী অহাৰ বাবে কংগ্ৰেছে ৱাক আউট কৰিছে ৷ সদনৰ পৰা ওলাই গৈ প্ৰিয়ংকা গান্ধীৰে মিটিঙত বহিব কংগ্রেছী সকল। দেশৰ বাবে কংগ্ৰেছে সদন ত্যাগ কৰা নাই ৷ আজি অধিৱেশনৰ অন্তিম দিনত তেওঁলোক উপস্থিত নাথাকি নিজৰ আচল ৰূপটো আকৌ এবাৰ উদঙাই দিলে ৷
১০ মাৰ্চৰ আগতে গুৱাহাটীত মাটিৰ পট্টা দিয়া হ’ব ৷ প্ৰথমবাৰলৈ গুৱাহাটীৰ পাহাৰত থকা লোকসকলে মাটিৰ পট্টা পাব ৷ ট্রাইবেল লোককো মাটিৰ পট্টা দিয়া হ’ব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী কয়,চৰকাৰী নিযুক্তিৰ ক্ষেত্ৰত নতুন কমিটী গঠন হ’ব I অহা চৰকাৰৰ প্ৰথম ৩ বছৰত ৫৬ হাজাৰক দিয়া হ’ব নিযুক্তি I এডিআৰই পৰীক্ষাত কেলেংকাৰী হোৱা বুলি হাইকৰ্টত গোচৰ নাই I সদনত বিৰোধীৰ প্ৰতিবাদ নাই ৷ আমি পাঁচ বছৰত প্ৰায় ১ লাখ ৬৫ হাজাৰ নিযুক্তি দিলোঁ৷ এজন মুখ্যমন্ত্ৰীৰ বাবে ইয়াতকৈ আৰু কি প্রাপ্তি লাগে ৷
নিৰ্বাচনৰ পূৰ্বে শিক্ষা বিভাগত ৫ হাজাৰ নতুন নিযুক্তি দিয়া হ’ব মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে আৰু কয় যে ২০২৮লৈ ১০ লাখ কোটি টকাৰ অৰ্থনীতিত উপনীত হ’ব অসম I ৫ বছৰত অসমৰ অৰ্থনীতিৰ বিকাশৰ হাৰ ৪৫ শতাংশ I দেশৰ আটাইতকৈ বিকশিত অৰ্থনীতিৰ ৰাজ্য হৈছে অসম I ১০ দিনৰ ভিতৰত মুকলি হ’ব কপিলী হাইড্ৰ’ পাৱাৰ প্ৰকল্প| ১৫০ মেগা ৱাট বিদ্যুৎ উৎপাদন হ’ব এই প্রকল্পত’ ‘কার্বি লাংপিত ২৫ মেগা ৱাটৰ হাইড্ৰ’ পাৱাৰ প্ৰকল্পৰ কাম |




































