দেশৰ জীৱনী স্বৰূপ হৈছে বয়-বস্তু পৰিবহণ কৰা ট্রাকসমূহ। এক অর্থত এনে ট্রাকসমূহক ৰাজহুৱা পৰিবহণৰ প্ৰাণ স্বৰূপ বুলি ধৰা হয়। লক্ষ্যণীয় যে ভাৰতৰ ৰাজপথত চলাচল কৰা মুঠ যানবাহনৰ মাথোঁ তিনি শতাংশহে হৈছে ট্রাক। তৎসত্ত্বেও মালবস্তু কঢ়িওৱাত মূল ভূমিকা লোৱা ট্রাকসমূহেই মুঠ প্ৰদূষণৰ ৫০ শতাংশৰো অধিক সৃষ্টি কৰে।
এক তথ্য অনুসৰি, বায়ুমণ্ডলত মিহলি হোৱা প্ৰদূষকসমূহৰ ৫৩ শতাংশ ৰাজপথত চলাচল কৰা ট্রাকসমূহৰ পৰা নিৰ্গত হয়। এনে প্ৰদূষকৰ মাজত ৬০ শতাংশৰো অধিক ক’লা কার্বন আৰু ৭০ শতাংশৰো অধিক নাইট্র’জেন অক্সাইড আছে।
স্মার্ট ফ্রেইট চেণ্টাৰ ইণ্ডিয়া, টেৰি আৰু আইআইএম বাংগালুৰুৱে শেহতীয়াভারে প্রকাশ কৰা এক তথ্য অনুসৰি, স্বাভাৱিক পৰিস্থিতি বিৰাজ কৰি থাকিলে ২০৩০-৩১লৈ গধুৰ যানবাহনৰ পৰা নিৰ্গত প্ৰদূষকৰ পৰিমাণ দেশত ২০১৯-২০ৰ ২৭ শতাংশৰ পৰা ৩৫ শতাংশলৈ বৃদ্ধিৰ আশংকা আছে। গতিকে যানবাহনৰ পৰা সৃষ্ট প্রদূষক নিয়ন্ত্ৰণৰ ক্ষেত্ৰত এক ৰাষ্ট্ৰীয় পদক্ষেপ গ্ৰহণৰ পোষকতা কৰিছে উক্ত তিনি সংস্থাই।
উল্লেখ্য যে বিশেষজ্ঞসকলৰ মতে, গধুৰ যানবাহনসমূহে আন যানবাহন অথবা সৰু গাড়ী, স্কুটাৰ মটৰ চাইকেল আদিতকৈ অধিক প্ৰদূষণ সৃষ্টি কৰাৰ কাৰণ হ’ল-ভাৰতত গধুৰ যানবাহনসমূহৰ অধিকাংশই ইন্ধনৰূপে ডিজেল ব্যৱহাৰ কৰে। তদুপৰি সম্প্ৰতি চলাচল কৰি থকা গধুৰ যানবাহন বা ট্রাকসমূহৰ অধিকাংশই হৈছে ১০ বছৰতকৈ অধিক পুৰণি।
যিমানেই এখন ট্রাক অধিক পুৰণি হয়, সিমানেই অধিক প্রদূষণ সৃষ্টি কৰে। বিশেষজ্ঞসকলৰ মতে, এনে যানবাহনে সঘনে চলাচল কৰা পথসমূহত পিএম আৰু নাইট্র’জেন অক্সাইড অধিক পৰিমাণত পোৱা যায়। এনে প্রদূষকে বায়ু বিষাক্ত কৰি তোলে। গতিকে এনে অঞ্চলসমূহ বায়ু প্ৰদূষণৰ ক্ষেত্ৰত একপ্ৰকাৰ কেন্দ্ৰত পৰিণত হয়। স্বাভাৱিকতে এই প্ৰদূষিত বায়ুৱে মানুহৰ জীৱন তথা স্বাস্থ্যত বিৰূপ প্রভাৱ পেলাইছে।
উল্লেখ্য যে ভাৰতীয় শ্বেয়াৰ বজাৰ তদাৰক সংস্থা ছেবিয়ে ব্যৱসায়িক দায়িত্ব আৰু বহন ক্ষমতা প্রতিবেদন (বিআৰএছআৰ) দাখিল কৰাটো আঠশ প্রতিষ্ঠানৰ বাবে বাধ্যতামূলক কৰিছে। ইয়াৰ জৰিয়তে নির্গত হোৱা প্ৰদূষকৰ হিচাপ কৰা হয়। আশ্চর্যজনকভাৱে এই আঠশ প্ৰতিষ্ঠানৰ মাথোঁ সাত শতাংশইহে এই প্রতিবেদন দাখিল কৰিছে।
ফলত গধুৰ যানবাহনৰ পৰা নিৰ্গত প্ৰদূষকৰ জোখ-মাখ সঠিককৈ হোৱা নাই। এই সম্পর্কত কেন্দ্রীয় বাণিজ্য আৰু উদ্যোগ মন্ত্রণালয়ৰ সাগৰ কাড়ুৱে কয়, ‘এই পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি মালবাহী গধুৰ বাহনৰ পৰা প্ৰদূষক নির্গমনৰ সমস্যাটো যুগপট প্রচেষ্টাৰে সমাধান কৰাৰ প্ৰয়োজন হৈছে।’
আনহাতে, ছেবিৰ উক্ত প্রতিবেদন দাখিল ব্যৱস্থাত আঙুলিয়াই দিয়া হৈছে যে চিমেন্ট কোম্পানীসমূহৰ পৰা নিৰ্গত প্ৰদূষকৰ হিচাপ পাঁচটা সুকীয়া বিশ্ব মাপকাঠি অনুসৰি কৰা হয়। এই মাপকাঠিসমূহত বছৰি কাৰ্বন-ডাই-অক্সাইড নির্গমনৰ পৰিমাণ ২৬৫ৰ পৰা তিনি হেজাৰ টনলৈ জোখাৰ ব্যৱস্থা আছে; কিন্তু মালবাহী গধুৰ বাহনৰ ক্ষেত্ৰত এনে নিখুঁত প্রদূষক নিয়ন্ত্ৰণ ব্যৱস্থা উপলব্ধ হোৱা নাই।গতিকে এই ক্ষেত্রত এক পদ্ধতিগত ব্যর্থতাও আছে।
কেনেদৰে প্ৰদূষক নির্গমন ৰোধ কৰিব পাৰি?
বহুতেই লক্ষ্য কৰে যে বজাৰত মালবাহী বাহনৰ মালবস্তুসহ ওজন জোখাৰ ব্যৱস্থা আছে। ইয়াৰ বাবে ব্যৱসায়ীসকলে বিভিন্ন জোখ-মাখৰ যন্ত্ৰ ব্যৱহাৰ কৰে। ট্রাকসমূহৰ পৰা নিৰ্গত প্ৰদূষক নিয়ন্ত্ৰণৰ বাবেও এনে ব্যৱস্থা উদ্ভাৱনৰ প্ৰয়োজন হৈছে বুলি বিশেষজ্ঞসকলে মন্তব্য কৰিছে। অৱশ্যে বর্তমানে বিশ্বজুৰি গৃহীত আইএছঅ’ ১৪০৮৩ শীর্ষক যানবাহনৰ পৰা নিৰ্গত প্রদূষক জোখাৰ এক ব্যৱস্থা আছে। এই জোখ-মাখৰ পদ্ধতি ভাৰততো বহুলভাৱে গ্ৰহণৰ পোষকতা কৰিছে বিশেজ্ঞসকলে।
এই সম্পর্কত স্মার্ট ফ্রেইট চেণ্টাৰ ইণ্ডিয়াৰ দীপালী ঠাকুৰে কয়, ‘আপুনি যিটোৰ জোখ-মাখ কৰিব নোৱাৰে, তাক কেনেকৈ কাৰ্বনমুক্ত কৰিব? গতিকে ট্রাকসমূহৰ পৰা নিৰ্গত প্রদূষক নিয়ন্ত্ৰণৰ বাবে এক মানসম্পন্ন ভাৰতকেন্দ্ৰিক পদ্ধতি প্রয়োজন হৈছে।’
গ্ৰহণৰ স্বাভাৱিকতে এনে ব্যৱস্থা গ্রহণ নকৰিলে দেশত জনস্বাস্থ্যৰ ক্ষতি অব্যাহত থকাটো নিশ্চিত। বায়ু প্রদূষণে যে স্বাস্থ্যত বিৰূপ প্ৰভাৱ পেলায়, সেয়া কোৱা বাহুল্যহে মাথোঁ। ইতিমধ্যে বিশ্বৰ আন দেশসমূহে কেতবোৰ আমদানিকৃত সামগ্ৰীয়ে সৃষ্টি কৰা প্ৰদূষণ ৰোধৰ বাবে এক মাচুল আৰোপ কৰিবলৈ লৈছে। চলিত বৰ্ষৰ পৰা কাৰ্যকৰী হোৱা ইউৰোপীয় সংঘৰ কাৰ্বন ব’ৰ্ডাৰ এডজাস্টমেন্ট মেকানিজম শীৰ্ষক ব্যৱস্থাৰ জৰিয়তে প্ৰদূষণ সৃষ্টিকাৰী আমদানিকৃত সামগ্ৰীৰ ওপৰত জৰিমনামূলক মাচুল আৰোপ কৰিছে। গতিকে ইউৰোপীয় সংঘৰ দেশসমূহলৈ
সামগ্ৰী ৰপ্তানি কৰা দেশসমূহে তেনে সামগ্রীয়ে প্রদূষণ সৃষ্টি নকৰাটো নিশ্চিত কৰিব লাগিব। লক্ষ্যণীয় যে শেহতীয়াভাৱে ভাৰতে ইউৰোপীয় সংঘৰ স’তে মুক্ত বাণিজ্য চুক্তি স্বাক্ষৰৰ সিদ্ধান্ত চূড়ান্ত কৰিছে।
