Bjp Yuba Marcha Pratest:ৰাজীৱ ভৱনৰ সন্মুখত বিজেপিৰ যুৱ মৰ্চা আৰু অগপৰ যুৱ পৰিষদৰ উত্তাল প্ৰতিবাদ

দিল্লীত এই আই আন্ত:ৰাষ্ট্ৰীয় সন্মিলনত যুৱ কংগ্ৰেছীয়ে কৰা প্ৰতিবাদৰ বিৰোধিতাৰে এই প্ৰতিবাদ

WhatsApp Image 2026 02 21 at 4.44.20 PM

Bjp Yuba Marcha Pratest:

অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ কাৰ্যালয় ৰাজীৱ ভৱনৰ সন্মুখত বিজেপিৰ যুৱ মৰ্চা আৰু অগপৰ যুৱ পৰিষদৰ উত্তাল প্ৰতিবাদ । শাসকীয় মিত্ৰজোঁটৰ দুই যুৱ সংগঠনৰ কে’বা সহস্ৰাধিক নেতা- কৰ্মীয়ে হাতে হাতে দলীয় পতাকা আৰু প্লেকাৰ্ড লৈ জিএছ ৰোডত এক বৃহৎ সমদলৰে আহি অৱস্থান কৰে ৰাজীৱ ভৱনৰ সন্মুখত ৷ অৱশ্যে পূৰ্বে বৃহৎ বেৰিকেডৰে আৰক্ষী সষ্টম হৈ প্ৰতিবাদকাৰীক বাধা প্ৰদান কৰে । ৰাহুল গান্ধী মুৰ্দাবাদ,কংগ্ৰেছ হায় হায় আদি কংগ্ৰেছ বিৰোধী বিভিন্ন শ্ল’গানেৰে আকাশ- বতাহ মুখৰিত কৰি তোলে।

উল্লেখ্য যে দেশৰ ৰাজধানী চহৰ দিল্লীৰ ভাৰত মণ্ডপনত অনুষ্ঠিত হোৱা এই আই আন্ত:ৰাষ্ট্ৰীয় সন্মিলনৰ মাজতে একাংশ যুৱ কংগ্ৰেছীয়ে দিল্লীৰ ভাৰত মণ্ডপনত প্ৰৱেশ কৰি মোদী বিৰুদ্ধে বিভিন্ন শ্ল’গান দি পৰিবেশ উত্তাল কৰি তুলিছিল। অৱশ্যে সেই সময়ত তাত উপস্থিত থকা নিৰাপত্তাৰক্ষী আৰু একাংশ কৰ্মকৰ্তাই প্ৰতিবাদকাৰী যুৱ কংগ্ৰেছীৰ দলটোক উত্তম- মাধ্যম দি চৌহদৰ পৰা বাহিৰ কৰি দিয়ে। যুৱ কংগ্ৰেছীৰ এই আকস্মিক প্ৰতিবাদত অস্বস্তিত পৰে আয়োজক গোষ্ঠী ৷

যুৱ কংগ্ৰেছীৰ এই প্ৰতিবাদৰ পিছতে দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় ৷ শাসকীয় বিজেপি সহ এনডিএ অংশীদাৰ দল সমূহৰ টাৰ্গেট হৈ পৰে ৰাহুল গান্ধী ৷ গান্ধীৰ পৰামৰ্শমৰ্মে যুৱ কংগ্ৰেছী দলটোৱে আই আন্ত:ৰাষ্ট্ৰীয় সন্মিলনত ব্যাঘাত জনোৱাৰ বাবে ভাৰত মণ্ডপনলৈ আহিছিল।

Exit mobile version