Akhil Gogoi Pressmert:
ৰাইজৰ দলৰে মধুচন্দ্ৰিকা অন্ত পৰাৰ দিশে কংগ্ৰেছৰ ৷নিৰ্বাচনলৈ মাজত মাত্ৰ ডেৰটা মাহ থকা অৱস্থাত কংগ্ৰেছে দলে ব্যাপক তৎপৰতা আৰম্ভ কৰিছে ৷দিছপুৰৰ মছনদৰ পৰা বিজেপি মিত্ৰজোঁটক উৎখাতৰ লক্ষ্যৰে কংগ্ৰেছে বিৰোধী দল সমূহৰ লগত ঐক্য মঞ্চ গঠনৰ উদ্দেশ্যৰে কুজকাৱাজ আৰম্ভ কৰিছিল যদিও আসন বুজাপৰা ক্ষেত্ৰত হোহোকাই পিছলা কৰি থকাৰ অভিযোগ উদ্থাপন কৰিছে ৰাইজৰ দল ,অসম জাতীয় পৰিষদ ৷
বিশেষকৈ ১৫ খন আসন দাবীৰে অটল হৈ থকা অখিল গগৈৰ দাবীৰ প্ৰতি কোনো সহাৰি দিয়া নাই এপিচিচি সভাপতি গৌৰৱ গগৈ ৷ যাৰবাবে ক্ষুন্ন হৈ পৰিছে অখিল গগৈ। এক প্ৰকাৰ চৰম অনিশ্চয়তাত বিৰোধীৰ মিত্রতা । কংগ্ৰেছে ইতিমধ্যে ১০০ আসনত প্ৰতিদ্বন্দ্বীতা আগবঢ়াব বুলি ঘোষণা কৰি ২৬ খন আসনত আন আন বিৰোধী দলকো এৰি দিয়াৰ প্ৰতি পক্ষপাতী ৷ কংগ্ৰেছৰ এনে স্থিতিত সন্ধিহান হৈ সোমবাৰে এক সংবাদমেলত অখিল গগৈয়ে কেতবোৰ বিস্ফোৰক মন্তব্য আগবঢ়াই। ৰাইজৰ দলৰ সৈতে আসন বুজাবুজি নকৰে কংগ্ৰেছে ৷ ৰাইজৰ দলক আসন এৰি নিদিয়ে কংগ্রেছে ৷ অখিল গগৈক বাদ দি বিৰোধীৰ মিত্ৰতা কৰিবলৈ সাজু কংগ্ৰেছ ৷ মঙলবাৰে ঘোষণা কৰিব বিৰোধীৰ দলসমূহৰ সমষ্টি ৷
গগৈয়ে আৰু কয় যে ৰাইজৰ দলক বাদ দি আসন ভাগ-বাটোৱাৰা কৰিবলৈ সাজু হৈছে কংগ্রেছ ৷বিৰোধী দলৰ এজন নেতাই এই কথা তেওঁক জানিব দিয়ে ৷ মোৰ এতিয়াৰ বিশ্বাস আছে যে কংগ্রেছে বিশ্বাসঘাতকতা নকৰে ৷ মিত্ৰজোঁটত অন্তৰ্ভুক্তিৰ বাবে এতিয়াও আশাবাদী ৷ কংগ্ৰেছৰ একপক্ষীয় সিদ্ধান্ত মানি নলয় বুলি উল্লেখ কৰি অখিল গগৈয়ে আৰু কয় যে,কংগ্ৰেছৰ পৰা ১৫টা সমষ্টি বিচাৰিছো ৷ এই পর্যন্ত কংগ্ৰেছে চূড়ান্ত সিদ্ধান্ত জনোৱা নাই । ৰাইজৰ দলক আঁতৰাই ৰাখিলে বিপদত পৰিব কংগ্ৰেছ মিত্ৰজোঁট ৷ যদিহে কংগ্ৰেছে বিশ্বাসঘাতকতা কৰে তেন্তে তেওঁলোকে আসন্ন নিৰ্বাচনত এখনো আসন নাপাব ৷




































