অকণো নপচা অৱস্থাত উদ্ধাৰ পাঁচ লক্ষ বছৰ পুৰণি কাঠৰ নক্সা

1771501572 wood 1

সম্প্রতি আফ্রিকাত প্রায় পাঁচ লাখ বছৰৰ পুৰণি এক কাঠৰ গাঁথনি আৱিষ্কাৰ কৰিলে এদল বিজ্ঞানীয়ে। এনে এক গাঁথনি, যিটো তৈয়াৰ হৈছিল আধুনিক মানর (হোমো ছেপিয়েন্স)ৰ জন্মৰ বহু আগতেই। ফলত এই গাঁথনি যে আধুনিক মানৱে তৈয়াৰ কৰা নাই, সেই বিষয়ত বিজ্ঞানীৰ দলটো নিশ্চিত হৈছে।

এই নতুন আৱিষ্কাৰে সলনি কৰিবলৈ ওলাইছে ইমান দিনৰ ধাৰণা। আধুনিক মানুহৰ পূর্বসূৰীসকলেও কাঠৰ ব্যৱহাৰ জানিছিল বুলি ইমানদিনে জ্ঞাত হোৱা নাছিল।

প্রাচীন যুগৰ অধিকাংশ নিদর্শনেই পাথৰৰে তৈয়াৰী। মাটি খান্দি পোৱা পুৰণি পাথৰ বা মানুহৰ হাড়-দাঁতৰ নমুনা বিশ্লেষণ কৰিয়েই লক্ষ লক্ষ বছৰ পূৰ্বৰ আদি মানৱৰ জীৱনযাত্ৰাৰ সন্ধান পায় বিজ্ঞানীসকলে। পাথৰ, দাঁত বা হাড় সহজে ধ্বংস নহয়। বছৰৰ পাছত বছৰ ধৰি একেদৰেই থাকি যায়।

ফলত প্রাচীন কালৰ এই ধৰণৰ নমুনাবোৰ বিচাৰি পোৱাটো তুলনামূলকভাৱে সহজ; কিন্তু কাঠ? পচনশীল কাঠ সহজেই মাটিৰ স’তে মিহলি হৈ পৰে। বছৰৰ পাছত বছৰ ধৰি কাঠৰ কোনো গাঁথনি অবিকৃত হৈ থকাৰ ঘটনা সততে চকুত নপৰে। অথচ এই ক্ষেত্রত সেয়াই ঘটিছে আৰু সেই কাৰণেই বিজ্ঞানীসকলৰ কৌতূহল বৃদ্ধি পাইছে।

মধ্য আফ্রিকাৰ দেশ জাম্বিয়াৰ জনপ্রিয় জলপ্রপাত কালাম্বো ফলছ। এই জলপ্রপাত সংলগ্ন পাহাৰৰ পাথৰ খান্দি একাংশ বিজ্ঞানীয়ে এই কাঠৰ নক্সা বিচাৰি পাইছে। ১৯৬০ৰ দশকত ইয়াত প্রথমবাৰলৈ খননকার্য চলোৱা হৈছিল।

তেতিয়াই যথেষ্ট পৰিমাণৰ কাঠ উদ্ধাৰ হয়; কিন্তু সেয়া কিমান পুৰণি, তেতিয়াই নিশ্চিত কৰিব পৰা নাছিল। ফলত বিষয়টো চৰ্চাহীন হৈ পৰে। সম্প্রতি উক্ত অঞ্চলৰ পৰা আকৌ কাঠ পোৱা গৈছে।

ব্রিটেইনৰ লিভাৰপুল বিশ্ববিদ্যালয় আৰু এবেৰিষ্টুইথ বিশ্ববিদ্যালয়ৰ এদল বিজ্ঞানীয়ে পাথৰ কাটি কাঠবোৰ বাহিৰ কৰে। তাৰ পাছত নিখুঁত গৱেষণাত নিশ্চিত কৰে সিবোৰৰ প্ৰাচীনত্ব।

তেওঁলোকৰ গৱেষণাই জনাইছে যে কাঠবোৰ চাৰি লাখ ৭৬ হেজাৰ বছৰৰ পুৰণি। আধুনিক মানৱ বা হোমো ছেপিয়েন্স পৃথিৱীলৈ আহিছে তাৰো প্ৰায় দুই বছৰৰ পাছত।

জাম্বিয়াত উদ্ধাৰ হোৱা কাঠবোৰ বিজ্ঞানীসকলে ভালদৰে বিশ্লেষণ কৰি চাইছে। লিভাৰপুল বিশ্ববিদ্যালয়ৰ অধ্যাপক লেৰী বাৰহেমে সেইবোৰৰ ভিতৰত এটা শংকু, এডাল লাঠি আৰু এজোপা গছৰ গুৰি চিহ্নিত কৰে।

বিজ্ঞানীসকল নিশ্চিত যে গছৰ গুৰিটোক কোনো যন্ত্ৰৰ দ্বাৰা কটা হৈছিল আৰু লাঠিডাল ব্যৱহৃত হৈছিল মাটি খন্দা কামত। তদুপৰি গঠৰ নিৰ্দিষ্ট খাঁজযুক্ত এটা ডালৰ সেই নমুনাৰ ভিতৰৰ পৰা চিহ্নিত কৰা হৈছে।

চাৰে চাৰি লাখ বছৰৰ পূৰ্বে এই ধৰণৰ কাঠৰ কাম যে সম্ভব, ইমানদিনে বিজ্ঞানীসকলে সেয়া ভাবিবও পৰা নাছিল। ধাৰণা কৰা হৈছে যে কালাম্বো ফলছত বিশেষ কোনো পানী আবদ্ধ পৰিস্থিতিত কাঠবোৰ ইমানদিনে সংৰক্ষিত হৈ থাকি গৈছে।

তাত সামান্যও পচন ধৰা নাই। বিশেষ পদ্ধতি প্রয়োগ কৰি কাঠবোৰৰ বয়স নিশ্চিত কৰিছে বিজ্ঞানীসকলে।

প্রাচীন নিদর্শনৰ অভাৱ থকাত আদি মানৱৰ কাঠৰ ব্যৱহাৰ সম্পৰ্কে বৰ বেছি কিবা জনা নাযায়। বিজ্ঞানীসকলে কেৱল কেইটামান বিষয় নিশ্চিত কৰিছে-জুই জ্বলোৱা কামত কাঠ ব্যৱহাৰ কৰা হৈছিল, মাচি খন্দা কামত কাঠ ব্যৱহাৰ কৰা হৈছিল তথা যাঠীৰ দৰে হাতিয়াৰৰূপেও কেতিয়াবা কাঠ ব্যৱহাৰ কৰিছিল আদিম মানৱে।

ইয়াৰ বাহিৰে কাঠেৰে সেই সময়ত আৰু কি কি কাম কৰা হৈছিল, তাৰ সন্ধান ওলোৱা নাছিল। কালাম্বো জলপ্রপাতৰ আৱিষ্কাৰে সেই ইতিহাসৰ পাতত নতুন সংযোজন ঘটাব পাৰে।

Exit mobile version