Dalgaon:
দলগাঁও-শিয়ালমাৰী প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত শিলবৰী গাঁও পঞ্চায়তৰ অন্তৰ্ভুক্ত কৌপাটী বালিকা প্ৰাথমিক বিদ্যালয়ৰ পৰিচালনা সমিতি গঠনৰ বিষয়টো ইতিমধ্যে চৰ্চিত বিষয় হৈ পৰিছে। কিয়নো দুদিন ধৰি ৰাজহুৱা সভাৰ বৈঠক অনুষ্ঠিত হৈ যোৱাৰ পিছতো সমিতি গঠন কৰিবলৈ সক্ষম নহ’ল বিদ্যালয় কৰ্তৃপক্ষই। প্ৰথম সভা ১৩ ফেব্ৰুৱাৰীত অনুষ্ঠিত হৈছিল আৰু যোৱা শনিবাৰে দ্বিতীয় দিনাৰ সাধাৰণ সভাৰ বৈঠকৰ আৰম্ভণিতে স্থানীয় বয়োজ্যেষ্ঠ নাগৰিক ৰুস্তম আলীয়ে প্ৰথমে পৰিস্থিতি উত্তপ্ত কৰি তোলে।
সাংবাদিকে ভিডিঅ’ কৰাকলৈ ৰুস্তম আলীয়ে প্ৰথমে তৰ্কত লিপ্ত হয় আৰু সভাকক্ষ পৰিত্যাগ কৰে। ৰুস্তম আলীৰ সভা ত্যাগ কৰা দেখা পাই তেওঁৰ লগত আন দুগৰাকী মহিলা সভাৰ কোঠালিৰ পৰা বাহিৰ ওলাই যায়। পিছত চি.আৰ.চি.চি প্ৰণৱ জ্যোতি কুমাৰে প্ৰসংগটোত মাত মাতি মিলাই দিয়াৰ পিছত পুনৰ সভা কক্ষত প্ৰবেশ কৰে যদিও অভিভাৱক কম থকাৰ বাবে সমিতি গঠন কৰিব পৰা নগ’ল।
উল্লেখ্য যে পৰিস্থিতি উত্তপ্ত কৰি তোলা ৰুস্তম আলীৰ নিজৰ সন্তান উক্ত বিদ্যালয়ত অধ্যয়ন কৰা নাই আনকি তেওঁ মূল সমিতিত অন্তৰ্ভুক্তও নহয়। তথাপিও প্ৰত্যেক কাৰ্যকৰী সভা আৰু অভিভাৱক সভাত কি কাৰণত উপস্থিত থাকে সেয়া ৰহস্যই ঘনীভূত কৰিছে। কিয়নো প্ৰধান শিক্ষক দেৱেন বড়োৱে বিদ্যালয়ৰ পাৰ্শ্বৱৰ্তী অন্য শিক্ষিত ব্যক্তি, অৱসৰপ্ৰাপ্ত ব্যক্তি থকাৰ পিছতো ৰুস্তম আলীক কি কাৰণত প্ৰাধান্য দিছে সেয়া হৈছে গভীৰ ৰহস্যৰ কথা।
আনহাতে বিদ্যালয়ৰ মধ্যাহ্ন ভোজনৰ চাউল ৰুস্তম আলীৰ ঘৰৰ পৰাই উঠাই আনিব লগা হয় কিয়নো তেওঁৰ গৃহত সুলভ মূল্যৰ দোকানৰ সামগ্ৰী আছে। তেওঁৰ তত্ত্বাবধানত থকা চাউল বিদ্যালয়ৰ মধ্যাহ্ন ভোজনৰ বাবে প্ৰধান শিক্ষকজনে লৈ আহে। অৱশ্যে চাউলৰ ক্ষেত্ৰত কিবা গোপন বুজাবুজি আছে নেকি সেয়া এতিয়াও স্পষ্ট হোৱা নাই। বিগত দিনৰ হিচাপ-নিকাচৰ অন্তত সকলো স্পষ্ট হৈ যাব।
কাৰ্যকাল উকলি যোৱা পূৰ্বৰ সমিতি গঠনৰ সময়ত অতি চতুৰালি কৰি নিম্ন প্ৰাথমিক অনুত্তীৰ্ণ পৰ্যায়ৰ ব্যক্তি ঈশ্ৰাফিল আলীক গোপন বুজাবুজিত সভাপতি হিচাপে নিৰ্বাচিত কৰিছিল। ৰাইজে বাছনি কৰা সদস্যসকলৰ ভিতৰত এজনে এটা ভোট বেছি দিছিল আৰু এটা ভোট অধিক লাভ কৰি তিনি বছৰ কাৰ্যকাল কৰি গৈছে। প্ৰতিদ্বন্দ্বী সভাপতি হিচাপে অৱৰ্তীণ হোৱা যুৱকজন আছিল মেজৰসহ প্ৰথম বিভাগত স্নাতক উত্তীৰ্ণ থকাৰ লগতে অসম টেট উত্তীৰ্ণ , ডি.এল.এড সম্পন্ন এগৰাকী শিক্ষকৰূপে জনাজাত যুৱক। কিন্তু কি কাৰণত যুৱকজনক প্ৰাধান্য দিয়া নহ’ল সেয়াও ৰহস্যৰ আৱৰ্তত সোমাই থাকিল।
বিদ্যালয়ত সভাপতি বাছনি কৰাত শিক্ষিত আৰু যোগ্য জনক সমৰ্থন নকৰি অশিক্ষিত আৰু শিক্ষাৰ মূল নুবুজা জনক নিৰ্বাচন কৰা বিষয়টো অতি চিন্তনীয়। পূৰ্বৰ সমিতি খনত শিক্ষিত যুৱকক চতুৰালি কৰি বাছনি নকৰাৰ পিছত মহিলা সভানেত্ৰী এগৰাকী বাছনি কৰাৰ বাবে প্ৰাধান্য দিয়া হৈছিল এইক্ষেত্ৰত প্ৰধান শিক্ষক গৰাকী পুৰুষ হোৱা হেতুকে মহিলা সভানেত্ৰী হোৱা হ’লে বিভিন্ন ক্ষেত্ৰত যোগাযোগ, অ’ত-ত’ত অহা-যোৱা কৰাত সমস্যাৰ লগতে অন্যান্য দিশত সমস্যা আহিব বুলি মঞ্চত থকা লোকে যুক্তি দৰ্শাই মহিলাক প্ৰাধান্য দিয়া হোৱা নাছিল।
উল্লেখ্য যে পূৰ্বৰ প্ৰধান শিক্ষকজনে অৱসৰ গ্ৰহণ কৰাৰ পিছত দেৱেন বড়োৱে প্ৰধান শিক্ষকৰ দায়িত্বভাৰ লৈছিল। পূৰ্বৰ তুলনাত বিশেষকৈ যোৱা তিনি বছৰ ধৰি বিদ্যালয়খনত ছাত্ৰ-ছাত্ৰী হ্ৰাস পাবলৈ ধৰিছে আৰু যিকোনো সভা-সমিতিত অভিভাৱক কম হোৱাৰ দৃশ্য পৰিলক্ষিত হৈ আহিছে। কি কাৰণত বিদ্যালয়খনৰ প্ৰতি অভিভাৱৰ গুৰুত্ব হ্ৰাস পাইছে দিনক দিনে জটিল বিষয় হৈ পৰিছে। অৱশ্যে শিক্ষাৰ দিশত অভিজ্ঞতা থকা, উচ্চ শিক্ষিত আৰু যোগ্যতাৰ ভিত্তিত যদি নতুন পৰিচালনা সমিতিৰ সভাপতি বাছনি কৰাৰ লগতে বাকী সদস্যসকল যোগ্যতাৰ ভিত্তিত গঠন কৰা হয় তেন্তে বিদ্যালয়খনৰ শৈক্ষিক দিশৰ লগতে অন্যান্য দিশত অগ্ৰগতি লাভ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে।




































