Khowang:
যিটো বয়সত ঘৰতে শুই বহি জীৱন পাৰ কৰিব লাগিছিল, সেইটো বয়সত মৰাণৰ খোৱাঙত এহাল দম্পতীৰ কৰ্মসংস্কৃতি দেখিলে তবধ মানিব আপুনি । মৰাণৰ সমীপৰ খোৱাং চেনিমাৰীৰ এহাল ৭০ উৰ্দ্ধৰ বৃদ্ধ দম্পতীয়ে বিঘাই বিঘাই কল, কাজি নেমু আৰু বিভিন্ন ধৰণৰ ৰবি শস্যৰ খেতি কৰি চৰ্চিত হৈ পৰিছে অঞ্চলটোত ।
হৰিনাৰায়ণ বৰুৱা আৰু গোলাপী বৰুৱা নামৰ বৃদ্ধ দম্পতীহালে প্ৰায় ১৬ বছৰ ধৰি কৃষি কৰ্মৰে জীৱন সংগ্ৰাম চলাই আহিছে । বানে গৰকা খোৱাং চেনিমাৰী গাঁৱত নিজা খেতি মাটিত হৰিনাৰায়ণ বৰুৱা নামৰ বৃদ্ধ জনে কোৰ মাৰি কেইবা বিঘা মাটিত কল, কাজিনেমু আদি খেতি কৰিছে । ইয়াৰ উপৰিও বিধে বিধে ৰবি শস্যৰ খেতি কৰি চলাই নিছে পৰিয়ালটো ।
উৎপাদিত শস্য বজাৰতো বিক্ৰী কৰিবলৈ নিয়ে বৃদ্ধ জনে । এই ক্ষেত্ৰত তেওঁক সহায় কৰে বৃদ্ধা পত্নী গোলাপী বৰুৱাই । পৰিতাপৰ কথা, টিংখাং বিধানসভা সমষ্টিৰ অন্তৰ্গত চেনিমাৰী গাঁৱৰ এই বৃদ্ধ দম্পতীহালক চুব পৰা নাই কোনো চৰকাৰী আঁচনিয়ে । কৃষক সন্মান নিধিৰ ধন, চৰকাৰী আৱাস গৃহ আদি কোনো আঁচনিয়ে পোৱা নাই দম্পতীহালে । কেৱল কৰ্মৰে চলাই নিছে জীৱন । ৭০ উৰ্দ্ধৰ দম্পতীহালৰ এই কৰ্মসংস্কৃতিয়ে বহুজনক অনুপ্ৰাণিত কৰক ।




































