দেউলীয়া ঘোষণা কৰি বন্ধ ‘ইষ্ট ইণ্ডিয়া কোম্পানি’

1772138069 east india

ইতিহাসত উপনিবেশিক শাসনৰ স’তে নিবিড়ভাৱে জড়িত East India Company নামটো পুনৰবাৰ আৰ্থিক সংকটত পতিত। লণ্ডনভিত্তিক বিলাসী পণ্য বিক্ৰী কৰা আধুনিক সংস্কৰণৰ সংস্থাটোৱে দেউলীয়া ঘোষণা কৰি লিকুইডেশনৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে।

তথ্য অনুসৰি, বৃদ্ধি পোৱা ঋণ আৰু অন্যান্য আৰ্থিক দায় পূৰণত অক্ষম হোৱাৰ ফলতেই এই সিদ্ধান্ত লোৱা হৈছে। সংস্থাটোৱে উচ্চমানৰ চাহ, কফি আৰু উপহাৰ সামগ্ৰী বিক্ৰী কৰি আহিছিল।

উল্লেখ্য যে, ১৭শ শতিকাত বাণিজ্যৰ অজুহাতত ভাৰতত প্ৰৱেশ কৰা ইষ্ট ইণ্ডিয়া কোম্পানীয়ে পিছলৈ বিস্তৃত অঞ্চলত শাসন বিস্তাৰ কৰিছিল। ১৮৫৭ চনৰ চিপাহী বিদ্ৰোহৰ পাছত ১৮৫৮ চনত শাসন ক্ষমতা ব্ৰিটিছ চৰকাৰলৈ হস্তান্তৰ কৰা হয় আৰু কোম্পানীৰ শাসনৰ অধ্যায়ৰ সমাপ্তি ঘটে।

দীৰ্ঘ সময় পাছত বাণিজ্যিক ব্রেণ্ড হিচাপে পুনৰুজ্জীৱিত হোৱা এই নামটো এতিয়া পুনৰবাৰ পতনৰ মুখামুখি। ইতিহাসৰ স’তে জড়িত বিতৰ্কিত পৰিচয় আৰু আধুনিক আৰ্থিক সংকট—দুয়োটাই এই ঘটনাক বিশেষ গুৰুত্ব দিছে।

Exit mobile version