এইবাৰ দেশৰ ছবিজগতক নব্য প্রযুক্তিৰে সমৃদ্ধ কৰিবলৈ স্থাপন আইআইচিটি

cactus day2 034

নতুন প্রজন্মৰ সৃষ্টিশীলতাক শেহতীয়া প্ৰযুক্তিৰে সংযোগ কৰি সময়ৰ লগত আগবঢ়াই নিবলৈ আৰু সম্প্ৰচাৰ মন্ত্রণালয়ৰ তত্ত্বাবধানত তথা মহাৰাষ্ট্র চৰকাৰৰ সহযোগত ৰাজহুৱা-ব্যক্তিগত খণ্ডত মুম্বাইত প্রতিষ্ঠা কৰা হৈছে ইন্ডিয়ান ইনষ্টিটিউট অৱ ক্রিয়েটিভটেকন’লজী (আইআইচিটি)।

এনিমেচনৰ জগতখনক কৃত্রিম বুদ্ধিমত্তাৰ সহায়েৰে সকলো প্ৰজন্মৰ লোকৰ সম্মুখত সর্বোকৃষ্ট ৰূপত উপস্থাপনেই এই প্রতিষ্ঠান স্থাপনৰ মূল লক্ষ্য আৰু উদ্দেশ্য। এই লক্ষ্য আৰু উদ্দেশ্যৰ মূল ভেটি হ’ল নৱপ্রজন্মৰ সৃষ্টিশীলতাক নিয়োগৰ ক্ষেত্রলৈ সম্প্রসাৰিত কৰা। আইআইচিটি কর্তৃপক্ষই সদৰী কৰা অনুসৰি, এনিমেচন আৰু কৃত্রিম বুদ্ধিমত্তাৰ ক্ষেত্ৰখনে অপাৰ সম্ভাৱনীয়তা বহন কৰিছে আৰু আগন্তুক সময়তো ইয়াৰ ধাৰাবাহিকতা অব্যাহত থাকিব।

গতিকে কেৱল মাত্র নিজৰ সৃষ্টিশীল মনটোক সঠিক ৰূপত ব্যৱহাৰ কৰাৰ ওপৰতে নিৰ্ভৰ কৰিছে প্রতিষ্ঠানখন স্থাপনৰ লগতে ব্যক্তিগত সফলতাৰ আধাৰ।এনিমেছন, ভিজুৱেল এফেক্ট, গেমিং, কমিকক সদ্যহতে মূল বিষয়ৰূপে লৈ স্থাপন কৰা আইআইচিটিৰ পোষ্ট প্ৰডাকচনৰ শাখাৰ মুৰব্বী সলিল দেশপাণ্ডে কয় যে ছবি নিৰ্মাণৰ সকলো ব্যৱস্থাৰেও সুসজ্জিত কৰা এই প্রতিষ্ঠানখন।

বিশেষকৈ স্বতন্ত্র নির্মাতা-পৰিচালকৰ বাবে আটাইতকৈ উৎকৃষ্ট তথা সুবিধাজনক হ’ব আইআইচিটি। দেশপাণ্ডে কয়, ‘তেওঁলোকে চিত্রনাট্য হাতত লৈ প্রতিষ্ঠানখনত প্ৰৱেশ কৰি ছবিৰ প্রিন্ট সাজু কৰি ওলাই যাব পাৰিব। আশুতোষ গোৱাৰিকাৰকে ধৰি বলিউদৰ কে’বাগৰাকী ছবি নির্মাতাই প্রতিষ্ঠানখনৰ সম্পূৰ্ণ দিশ পর্যবেক্ষণ কৰিছে। এই প্রতিষ্ঠানখন এনেদৰে সজ্জিত কৰা হৈছে য’ত অৱতাৰৰ দৰে হলিউদৰ ছবি নির্মাণো ইয়াত সম্ভব।’ দেশপাণ্ডে লগতে সদৰী কৰে যে প্রযুক্তিয়ে সর্বদিশত যি ধৰণে পৰিৱৰ্তন আনিছে তাৰ প্রভাৱ চিনেমা নির্মাণৰ ক্ষেত্ৰখনত কেতিয়াবাই পৰিছে। এনেক্ষেত্ৰত ভৱিষ্যতৰ দিনৰ প্রতি লক্ষ্য ৰাখি প্রতিষ্ঠানখনক সাজু কৰা হৈছে।

উদাহৰণস্বৰূপে এজন অভিনেতাক ‘স্কেন’ কৰি সেই স্কেন চৰিত্ৰটোৰ দ্বাৰা ছবি এখনৰ দুঃসাহসী দৃশ্যসমূহ চিত্রায়ণ কৰিব পৰা অত্যাধুনিক কৌশলো অৱলম্বন কৰিব পাৰি। তেনে ব্যৱস্থা এই প্রতিষ্ঠানত গঢ়ি তোলা হৈছে বুলি দেশপাণ্ডে সদৰী কৰে।

শিক্ষা প্রতিষ্ঠান হিচাপে আইআইচিটিত বিষয়সমূহৰ লগত সংগতি ৰাখি কে’বাটাও পাঠ্যক্রম আৰম্ভ কৰা হৈছে। ইয়াৰ অধ্যাপকসকলে সদৰী কৰা অনুসৰি ডিপ্ল’মা পাঠ্যক্ৰমৰ ভিতৰত আছে-‘এনিমেছন ফিল্ম ডিজাইন’, ‘আর্ট এণ্ড ছায়েন্স অব পোষ্ট প্রডাকচন-ভিজুৱেল এফেক্ট’, ‘ইন্টারেক্টিভভিডিঅ’ গেম ডিজাইন এন্ড ডেভেলপমেন্ট’, ‘ইন্টাৱেক্টিভ কমিক এণ্ড ছিকুয়েন্টিয়েল আর্ট’, ‘ভিজুৱেল এফেক্ট মাছটেৰী’, ‘আর্ট এন্ড কেৰেক্টাৰ এণ্ড ক্রিয়েচাৰ এনিমেছন’, ‘থ্রি ডি টেকনিকেল আর্টিষ্ট আৰু ফিল্ম টেকন’লজী এন্ড পোষ্ট প্ৰডাকচন’।

একেদৰে চাৰ্টিফিকেট পাঠ্যক্ৰমৰ ভিতৰত আছে-‘ভার্চুৱেল আর্ট ডিপার্টমেন্ট কনটেন্ট ক্রিয়েচন’, ‘মেডিয়া টেক ৱৰ্কফ্লো’, ‘আইচিভিএফএক্স অন ছেট অপাৰেচন’, ‘ভইচ এক্টিং ফৰ এনিমেছন এণ্ড গেমিং’, ‘আর্ট অব কেৰেক্টাৰ এনিমেছন’, ‘আর্ট এন্ড চিনেমেটিক ইন্টেলিজেন্স অব এআই ফিল্ম মেকিং’ আৰু ‘এনভাইৰনমেন্ট আর্ট ফৰ ভিডিও গেম’। এই পাঠ্যক্রমসমূহ ছমাহৰ পৰা তিনি বছৰলৈ অধ্যয়নৰ সুবিধা আছে।

আইআইচিটিৰ চীফ অপাৰেটিং অফিচাৰ (চিঅ’অ’) নিনাদ ৰাইকৰে আজি দেশৰ কে’বাখনো ৰাজ্যৰ সাংবাদিকক প্রতিষ্ঠানখন প্রদর্শন কৰাই অৱগত কৰে যে দ্বাদশ শ্রেণী উত্তীৰ্ণ হোৱাৰ পাছতে আইআইচিটিত অধ্যয়নৰ বাবে আবেদন দাখিল কৰিব পাৰি। অৱশ্যে নামভর্তি কে ‘বাটাও প্ৰক্ৰিয়াৰ মাজেৰেহে সম্পন্ন হয়। সেই অনুসৰি প্ৰথমতে আবেদনকাৰীৰ কাউন্সেলিং কৰা হয়। তাৰ পাছত প্ৰৱেশ পৰীক্ষা, মৌখিক সাক্ষাৎকাৰ অনুষ্ঠিত হয়।

এনে প্রক্রিয়া সম্পন্ন কৰি যোৱা ২৫ জানুৱাৰীৰ পৰা প্ৰথমটো দলৰ পাঠদান আৰম্ভ হৈছে। ইয়াত জলপানিৰো সুবিধা আছে। লগতে ৰাইকৰে কয়, ‘আইআইচিটিক এখন স্বতন্ত্র বিশ্ববিদ্যালয়ৰূপে গঢ়ি তোলাৰ সকলো প্রক্রিয়া সম্পূর্ণ হৈছে। বিশ্ববিদ্যালয় অনুদান আয়োগতো আবেদন দাখিল কৰা হৈছে।’ ইয়াৰ পৰা উত্তীৰ্ণসকলৰ এশ শতাংশ নিযুক্তিও নিশ্চিত বুলি তেওঁ কয়।

Exit mobile version