Middle East War:
ইৰানৰ ভয়ংকৰ প্রত্যাক্ৰমণত বিবুধিত পৰাৰ ইংগিত স্পষ্ট হৈছে মার্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পৰ শেহতীয়া আচৰণত। বহুসংখ্যক মার্কিন সংবাদ মাধ্যমৰ আগত শেহতীয়াভাবে দিয়া সাক্ষাৎকাৰত ট্রাম্পে উল্লেখ কৰিছে যে ইৰানৰ নতুন ধর্মীয় নেতা আলিৰাজা আৰাফি আৰু দেশখনৰ প্ৰধান বিচাৰপতি গোলাম হুছেইন মোহছেনিৰ স’তে আলোচনাত বহিবলৈ ইচ্ছুক।
ট্রাম্পে এনেদৰে যুদ্ধবিৰতিৰ ইংগিত দিয়াৰ সময়তে ইৰান আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজত মধ্যস্থতাকাৰীৰ ভূমিকা পালন কৰিবলৈ ওমানে ইচ্ছা প্রকাশ কৰিছে। এই সন্দৰ্ভত দেশখনৰ বৈদেশিক মন্ত্ৰী বদৰ আলবুছাইদিয়ে সংবাদ মাধ্যমৰ আগত কয়, ‘ওমানৰ শাসকে যুদ্ধবিৰতিৰ আহ্বান জনাই আহিছে আৰু দুয়োপক্ষ আলোচনালৈ ঘূৰি অহাটো বিচাৰিছে।’ ইয়াৰ সমান্তৰালভাৱে ট্রাম্পে কয়, ‘আলোচনাৰ বাবে মই সম্মত হৈছো। আমি তেওঁলোকৰ স’তে কথা পাতিবলৈ বিচাৰো। মই তেওঁলোকৰ স’তে কথা পাতিম।’
অৱশ্যে ট্রাম্পে আলোচনাৰ বাবে ইচ্ছা প্ৰকাশ কৰিলেও বাতৰি লিখা পৰলৈ ইৰানে ইয়াক লৈ প্রতিক্রিয়া প্রকাশ কৰা নাই। তদুপৰি ট্রাম্পে শেহতীয়া এক সাক্ষাৎকাৰ প্ৰসংগত দাবী কৰে যে মার্কিন আৰু ইজৰাইল বাহিনীৰ শেহতীয়া যৌথ আক্ৰমণত ইৰানৰ ৪৮ জনকৈ ৰাজনৈতিক নেতাৰ মৃত্যু হৈছে।
ইপিনে, ইৰানে ভয়ংকৰ প্ৰত্যাক্ৰমণ কৰাত মধ্য প্রাচ্যত তৈল সম্পদত চহকী দেশসমূহত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে। মার্কিন সামৰিক ঘাটিক লক্ষ্য কৰি ইৰানে ড্র’ন আৰু ক্ষেপণাস্ত্র আক্রমণ অব্যাহত ৰখাত ভূমধ্য সাগৰৰ পৰা ওমান উপসাগৰলৈ বিস্তীর্ণ অঞ্চলৰ আকাশ ক’লা ধোঁৱাই আৱৰি ৰাখিছে। ফলত ডুবাইৰ পৰা আবু ধাবিলৈ বন্ধ ঘোষিত হৈছে। মুঠতে মধ্য প্রাচ্যৰ ১০ খন দেশত ৰুদ্ধশ্বাস পৰিৱেশ বিৰাজ কৰি আছে। ইয়াৰ ফলত এই দেশসমূহ ব্যাপক অর্থনৈতিক ক্ষতিৰ সন্মুখীন হ’ব লগা হৈছে।
এনে অৱস্থাতে ইৰানে দাবী কৰিছে যে দেশখনৰ সেনাবাহিনীয়ে মার্কিন বাহিনীৰ ব্যয়বহুল তথা বিশাল আব্রাহাম লিংকন নামৰ যুদ্ধ বিমানবাহী জাহাজখনত ক্ষেপণাস্ত্ৰৰে ভয়াৱহ আক্রমণ সংঘটিত কৰিছে। উল্লেখ্য যে ইৰানৰ প্ৰত্যাক্ৰমণত তিনিজন মার্কিন সেনা নিহত হোৱাৰ কথা মার্কিন প্রতিৰক্ষা বিভাগে স্বীকাৰো কৰিছে। এনে পৰিস্থিতিত ৰাষ্ট্ৰপতি ট্রাম্প স্বদেশত প্রবল প্রতিবাদৰ সন্মুখীন হোৱাৰ সম্ভাৱনা বৃদ্ধি পাইছে।
