Rajya Sabha Election Nomination:
১৬মাৰ্চত অসমৰ তিনি খন আসনৰ বাবে অনুষ্ঠিত হ’ব নির্বাচন ৷ মনোনয়ন পত্র দাখিলৰ অন্তিম দিন ৫ মার্চ ৷ ইতিমধ্যে ব্যাপক কুজকাৱাজ আৰম্ভ কৰিছে শাসকীয় বিজেপি দলে ৷ সোমবাৰে জ্যেষ্ঠ বিজেপি নেতা ৰামেশ্বৰ তেলী , যোগেন মহন , পুলক গোহাঁই , তেৰছ গোৱালা , তপন গগৈ আৰু দিপ্লূৰঞ্জন শৰ্মাৰ নামত তেওঁলোকৰ হৈ মনোনয়ন সংগ্ৰহ কে’বাজনো প্ৰতিনিধিয়ে ৷
একেদৰে ইউ পিপিএলৰ মুৰব্বী প্ৰমোদ বড়োৰ নামতো মনোনয়ন পত্র সংগ্রহ কৰে দলীয় কৰ্মকৰ্তাই ৷ উল্লেখ্য যে বৰ্তমানৰ সাংসদ ৰামেশ্বৰ তেলী এখন আসনত প্ৰাৰ্থী হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে দ্বিতীয় খন আসনত পুলক গোহাঁই নে আন বিজেপি নেতা হব প্ৰাৰ্থী । সেইটো এই পৰ্যন্ত স্পষ্ট হোৱা নায় ৷
আনহাতে তৃতীয়খন আসনত এনডিএৰ প্ৰাৰ্থী হ’ব পাৰে প্ৰমোদ বড়ো । কিন্ত ইতিমধ্যে দলটোৰ এজন জ্যেষ্ঠ নেতা ৰাজ্যসভাৰ সদস্য ৰূপে কাৰ্যনিৰ্বাহ কৰি থকা হেতুকে আৰু এজনক কোনো ক্ষেত্ৰত প্ৰাৰ্থী ৰূপে থিয় নকৰাব বিজেপিয়ে। শেহতীয়াকৈ বিটিচিত বিপিএফৰে বিজেপিৰ মধুৰ সম্পৰ্ক গঢ় লৈ উঠাৰ বিপৰীতে ইউ পিপিএলৰে সম্পৰ্ক প্ৰায় অন্ত পৰাৰ উপক্ৰম হৈছে ৷ অৱশ্যে এই সকলোবোৰ দিশ নিৰ্ণয় কৰিব বিজেপিৰ সংসদীয় বৰ্ডে ৷




































