Barpeta circut House:
মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে বৰপেটাত নতুনকৈ নিৰ্মাণ কৰা আৱৰ্ত ভৱনটো উদ্বোধন কৰে। মন্ত্ৰীদ্বয় ৰণজিৎ কুমাৰ দাস আৰু চন্দ্ৰমোহন পাটোৱাৰীৰ উপস্থিতিত প্ৰায় ১৪ কোটি টকা ব্যয় সাপেক্ষে অত্যাধুনিকভাবে নিৰ্মাণ কৰা আৱৰ্ত ভৱনটো উদ্বোধন কৰি মুখ্যমন্ত্ৰীয়ে কয় যে বৰপেটা সত্ৰ দৰ্শনৰ লগতে বৰপেটালৈ অহা বিশিষ্ট অতিথিসকলে এই আৱৰ্ত ভৱনটোত এতিয়াৰে পৰা থকাৰ সুব্যৱস্থা লাভ কৰিব ।
আৱৰ্ত ভৱনটোত ২০টা কোঠা থকাৰ লগতে ৭০গৰাকী লোক বহিব পৰাকৈ এটা সভাকক্ষও নিৰ্মাণ কৰা হৈছে। তদুপৰি দুটা কোঠা ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰীয়ে থাকিব পৰা পৰ্যায়ত নিৰ্মাণ কৰা হৈছে। তদুপৰি আন ১৮টা কোঠাও থাকিব বুলি মুখ্যমন্ত্ৰীয়ে জনায়।
ইপিনে মুখ্যমন্ত্ৰীয়ে বৰপেটাৰ সত্ৰ সমুহৰ উন্নয়নৰ বাবে গ্ৰহন কৰা পদক্ষেপ সম্পৰ্কেও প্ৰকাশ কৰে। তেওঁ কয় , পাটবাউসীৰ শংকৰদেৱ থান আৰু দামোদৰদেৱ সত্ৰৰ লগতে বৰপেটাৰ চূণপোৰা ভিঠিৰ উন্নয়নৰ কাম চলি আছে । ভৱিষ্যতে মাধৱদেৱ গুৰুজনাৰ সুন্দৰীদিয়া সত্ৰ আৰু মহাপুৰুষ হৰিদেৱৰ বহৰি সত্ৰ উন্নয়নৰ পৰিকল্পনা থকাৰ কথা তেওঁ সদৰী কৰে। বৰপেটাৰ গণককুছি সত্ৰৰ পৰা মধুপুৰলৈ সত্ৰ সমুহৰ উন্নয়নৰ পৰিকল্পনা আছে বুলিও জনায়।
ৰাজ্য চৰকাৰে এইটো কাৰ্যকালত অসমত ডেৰ লাখ বিঘা ভূমি বেদখলমুক্ত কৰাৰ পিচত অহা পাচ বছৰত পাচ লাখ বিঘা ভূমি বেদখলমুক্ত কৰা হব বুলিও তেও সাংবাদিকৰ আগত প্ৰকাশ কৰে।
ইপিনে বিধায়ক অখিল গগৈয়ে মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ শেষ দিনটোলৈকে কি কৰিব, কি নকৰিব সেই বিষয়ে খাটাংকৈ একো কব নোৱাৰি বুলি সাংবাদিকৰ আগত মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে। ইয়াৰ বিপৰীতে বিজেপি, এজিপি, বিপিএফ, গণশক্তি, ৰাভা যৌথমঞ্চই নিশ্চিতভাবে ৰাইজৰ আশীৰ্বাদত চৰকাৰ গঠন কৰিব বুলিও মুখ্যমন্ত্ৰীয়ে দৃঢ়তা প্ৰকাশ কৰে।






























