ড্ৰ’ন আক্রমণে কঁপালে বিমানবন্দৰ!

ইৰাণৰ দূতক তলব কৰিলে আজাৰবাইজান

1772707672 azarbaijan 1

আঞ্চলিক উত্তেজনাৰ মাজতেই ড্ৰ’ন আক্রমণে কঁপালে বাকু (Baku)। আজাৰবাইজান (Azerbaijan)ৰ নাখিচেভান অঞ্চলত অৱস্থিত নাখচিভান আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ(Nakhchivan International Airport)ত ড্ৰন আঘাত হোৱাৰ অভিযোগ উত্থাপন হৈছে।

ঘটনাটোৰ পিছতেই তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বাকুৱে ইৰানৰ ( Iran)ৰ দূতক তলব কৰি স্পষ্ট ব্যাখ্যা দাবী কৰিছে।

তথ্য অনুসৰি, সীমান্ত পাৰ হৈ অহা দুটা ড্ৰন নাখিচেভান অঞ্চলত পতিত হয়। তাৰ ভিতৰত এটা বিমানবন্দৰৰ কাষত আঘাত কৰে আৰু আনটো এখন বিদ্যালয়ৰ ওচৰত পৰে। ঘটনাটোত দুজন লোক আঘাতপ্ৰাপ্ত হোৱাৰ লগতে কিছু ক্ষয়ক্ষতিও হৈছে।

এই ঘটনাক আন্তঃৰাষ্ট্ৰীয় আইন উলংঘন বুলি অভিহিত কৰি আজাৰবাইজানে কঠোৰ প্ৰতিবাদ জনাইছে। লগতে দেশখনে স্পষ্ট কৰি দিছে—এনে আক্রমণৰ উচিত উত্তৰ দিবলৈ তেওঁলোক প্ৰস্তুত।

বিশ্লেষকসকলৰ মতে, ইৰাণক কেন্দ্ৰ কৰি চলি থকা আঞ্চলিক উত্তেজনাৰ প্ৰভাৱ এতিয়া দক্ষিণ ককেচাছ অঞ্চলতো বিস্তাৰ হোৱাৰ আশংকা বৃদ্ধি পাইছে।

Exit mobile version