পৃথিৱীলৈ তুষাৰযুগ আহিছে আৰু গৈছে।এতিয়াও চলি আছে এক তুষাৰযুগ, যিটো আৰম্ভ হৈছিল প্রায় দুই কোটি ৬০ লাখ বছৰৰ পূৰ্বে। পৃথিৱীৰ দীর্ঘতম, কঠিনতম তুষাৰযুগটো স্থায়ী হৈছিল প্ৰায়ে চাৰে পাঁচ কোটি বছৰ। সেই যুগৰ আৰম্ভণিৰ ফালে পৃথিৱীখন একেবাৰে এক বৰফৰ গোলা বা বল (স্ন’বল আৰ্থ)ৰ দৰে আছিল। তাৰ পাছৰ তুষাৰযুগ কিন্তু অনক কম সময়হে স্থায়ী হৈছিল। এই তাৰতম্য কিয় বুলি বিজ্ঞানীসকলৰ মনত নানা প্রশ্ন উঠি আহিছে।
একাংশ বিজ্ঞানীৰ মতে, এই তাৰতম্যৰ নেপথ্যত থকা অন্যতম কাৰণ হৈছে মহাসাগৰৰ তলি আৰু ভিতৰৰ ৰাসায়নিক বিক্রিয়া।প্রায় ৬০ কোটি বছৰৰ পুৰণি শিল পৰীক্ষা কৰি দো গৈছে যে তুষাৰযুগ পৃথিবীৰ বুকুত একেই সময়ৰ বাবে স্থাী হোৱা নাই। ৱাশ্বিংটন বিশ্ববিদ্যালয়ৰ গৱেষক ট্রেন্ট বি টমাছে ধাৰণা কৰে যে নেপথ্য কাৰণ হৈছে সমুদ্ৰৰ গ্রীণহাউছ গেছ আৰু কিছু বিক্রিয়া।
কেতিয়া পৃথিৱীক বৰফৰ বল বুলি কোৱা হয়? বিজ্ঞানীসকলে জনাইছে যে যেতিয়া সমগ্র পৃথিৱীখনেই বৰফাবৃত হৈ থাকে, আনকি নিৰক্ষীয় অঞ্চলো বৰফবে ঢাক খাই থাকে, তেতিয়া পৃথিৱীক বৰফৰ বল আখ্যা দিয়া হয়। প্রায় ৬০ কোটি বছৰৰ পূৰ্বে দুবাৰ এই ধৰণৰ পৰিস্থিতি সৃষ্টি হৈছিল। এবাৰ প্ৰায় এক কোটি বছৰ ধৰি পৃথিৱীখন বৰফৰ বলৰ দৰে হৈ আছিল। দ্বিতীয়বাৰ ৪০ লাখ বছৰ ধৰি চলিছিল সেই অবস্থা। এই তাৰতম্যৰ কাৰণ সমুদ্ৰৰ বিক্রিয়া বুলি দাবী কৰিছে বিজ্ঞানী মহলে।
ভূপৃষ্ঠৰ কঠিন অংশ যেতিয়া বৰফাবৃত হয়, তেতিয়া তাত শিলৰ ভাঙোনৰ প্ৰক্ৰিয়াৰ গতি কমি যায়; কিন্তু সমুদ্রত তেনেকুৱা নহয়। কোনো ফাট পালে সাগৰৰ পানী ফুটি ওলাই আহে। সমুদ্রপৃষ্ঠৰ শিলৰ স’তেও তাৰ বিক্রিয়া চলি থাকে। সেই শিলে কার্বনক খনিজৰূপে বন্দী কৰি ৰাখে। ইয়াৰ ফলত আয়ন নির্গত হয়। তাৰ ফলত আৰু কার্বন জমা হৈ থাকে সাগৰত। সাগৰখন কাৰ্বনৰ গৰ্ভ হৈ পৰে আৰু পৰিৱেশত কাৰ্বনৰ মাত্রা কমি থাকে। গৱেষক টমাছে ধাৰণা কৰিছে যে এই প্রক্ৰিয়াৰ ফলত পৰিৱেশ কার্বনশূন্য হৈ পৰে।
তাৰ প্রকোপতেই পৃথিৱীখন লাখ লাখ বছৰ ধৰি বৰফাবৃত হৈ থাকে। প্রথম তুষাৰযুগৰ ক্ষেত্রত সেয়াই হৈছিল। বিজ্ঞানীসকলে জনাইছে যে সাগৰৰ পানীত কার্বন-ডাই-অক্সাইডৰ পৰিমাণ বৃদ্ধি পালে সেয়া এচিডিক হৈ উঠে। ইয়াৰ ফলত সমুদ্রত থকা শিলবোৰ দ্রুতগতিৰে ভাঙি থাকে। তুষাৰযুগত নদীবোৰো যিহেতু বৰফাবৃত আছিল, ফলত সেই নদীয়ে পলস নি সাগৰত পেলাব নোৱাৰিছিল। সেই বাবেই সমুদ্ৰগৰ্ভত নতুন স্তৰ সৃষ্টি নহৈছিল।
একেটা শিলাস্তৰেই দীর্ঘকাল ধৰি এচিডযুক্ত পানীৰ সংস্পৰ্শলৈ আহিছিল আৰু বিক্রিয়া চলি থাকিছিল। ইয়াৰ ফলত কাৰ্বন সঞ্চয় আৰু বৃদ্ধি পাই থাকে। পৰিৱেশৰ পৰা কাৰ্বন শোষিত হৈ জমা হয় সমুদ্রগর্ভত। তাৰ প্রকোপত পৰিৱেশ আৰু শীতল হৈ পৰে। ফলত বৰফ আৰু স্থায়ী হয়। একাংশ বিজ্ঞানীয়ে ধাৰণা কৰে যে সমুদ্ৰৰ পানীত ছালফেটৰ পৰিমাণ কম থকাও তুষাৰযুগৰ স্থায়িত্বৰ অন্যতম কাৰণ আছিল।
তাৰ ফলত ৰাসায়নিক বিক্রিয়া বাঢ়ি গৈ সমুদ্রগর্ভত কার্বন সঞ্চয়ো বাঢ়িছিল। বিপৰীতে পৰিৱেশত কমিছিল তাৰ পৰিমাণ।ইমানদিনে বিজ্ঞানীসকলে বিশ্বাস কৰি আহিছিল যে আগ্নেয়গিৰিৰ লাভা আৰু পৰিৱেশৰ কাৰ্বনেই পৃথিৱীত তুষাৰযুগৰ সূচনা আৰু হিমবাহৰ গলনৰ কাৰণ। যদিও টমাছ নেতৃত্বাধীন বিজ্ঞানীৰ দলটোৱে দাবী কৰিছে যে পৰিৱেশৰ কাৰ্বন নহয়, বৰঞ্চ সমুদ্ৰ গৰ্ভৰ ৰাসায়নিক বিক্রিয়াই আচলতে প্রথম পর্যায়ত দীর্ঘায়িত কৰিছিল তুষাৰযুগ। দ্বিতীয় পর্যায়ত যে ইমান দীঘলীয়া নহ’ল, তাৰ কাৰণো এই বিক্রিয়াই।






























