Immigration:✒️পূৰ্বৰ লেখীয়াকৈ বহুতৰে সপোনৰ আকাংক্ষাৰ স্থলী আৰু হৈ থকা নাই আমেৰিকা যুক্তৰাষ্ট্র। দেশখনে এইবাৰ প্ৰতিষ্ঠাৰ আঢ়ৈশ বছৰ পূৰণ কৰাৰ সময়তে এক তথ্য পোহৰলৈ আহিছে যে শেহতীয়াভাৱে আমেৰিকা যুক্তৰাষ্ট্ৰলৈ প্ৰব্ৰজনৰ হাৰতকৈ অধিকে দেশখন ত্যাগ কৰিছে।
বুকিংছ ইনষ্টিটিউছনৰ গৱেষকসকলে ২০২৬ৰ জানুৱাৰীৰ তথ্যৰ ভিত্তিত প্রকাশ কৰা এক প্রতিবেদন অনুসৰি আমেৰিকা যুক্তৰাষ্ট্ৰ ত্যাগ কৰা লোকৰ সংখ্যা বিগত ন দশকৰ ভিতৰতে সম্প্রতি সৰ্বাধিক হৈছে। ইয়াৰ পূৰ্বে শেষবাৰৰ বাবে ১৯৩৫তে দেশখনত এনে পৰিস্থিতিৰ উদ্ভৱ হৈছিল। তাৰ কাৰণ আছিল তেতিয়াৰ আর্থিক মহামন্দা।
দেশখনে এই মহামন্দা অতিক্ৰম কৰাৰ পাছত আমেৰিকা যুক্তৰাষ্ট্ৰলৈ সোঁত বয় বিশ্বৰ বিভিন্ন দেশৰ মানুহৰ। মূলতঃ জীৱিকাৰ সন্ধানত আমেৰিকা যুক্তৰাষ্ট্ৰলৈ উৰা মাৰে বিভিন্ন প্ৰান্তৰ লোকে। শেহতীয়াভাৱে পোহৰলৈ আহিছে যে ২০২৫ত আমেৰিকা যুক্তৰাষ্ট্ৰ প্ৰব্ৰজনৰ সংখ্যা শূন্যৰ তললৈও নামে। বুকিংছ ইনষ্টিটিউছনৰ গৱেষকসকলৰ বিশ্লেষণৰ জৰিয়তে পোহৰলৈ অহা অনুসৰি উক্ত বছৰত আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা তিনি লাখ ১০ হেজাৰৰ পৰা তিনি লাখ ১৫ হেজাৰ বিদেশী লোকক বহিষ্কাৰ কৰা হয়।
ইয়াৰ পূৰ্বৰ বছৰত দেশখনে দুই লাখ ৮৫ হেজাৰ বিদেশী নাগৰিকক বহিষ্কাৰ কৰে। বহিষ্কাৰৰ এনে হাৰৰ বিপৰীতে দেশখনলৈ বাস কৰিবলৈ অহা বিদেশী লোকৰ সংখ্যা চকুত লগাকৈ হ্রাস পায়। তদুপৰি ব্ৰুকিংছ ইনষ্টিটিউছনৰ তথ্য অনুসৰি, ২০২৫ত দুই লাখ ১০ হেজাৰৰ পৰা চাৰি লাখ পাঁচ হেজাৰ লোকে স্বেচ্ছাই দেশখন ত্যাগ কৰে।
স্বাভাৱিকতে এই ঘটনাই দেশখনৰ উদ্যোগিক জগতত নেতিবাচক প্রভাৱ পেলাইছে। শ্রমিকৰ অভাৱত কল-কাৰখানাসমূহত উৎপাদনী কামত ব্যাঘাত জন্মিছে। কাৰণ আমেৰিকা যুক্তৰাষ্ট্ৰৰ অর্থনৈতিক শ্রীবৃদ্ধিত অন্যতম মূল ভূমিকা পালন কৰি আহিছে প্রব্রজনে। কল-কাৰখানাসমূহত এনেদৰে উৎপাদনী কাম-কাজত ব্যাঘাত জন্মাত দেশখনত নিবনুৱা সমস্যা অধিক বৃদ্ধিৰ আশংকা কৰা হৈছে।
ইয়াৰ বিপৰীতে ট্রাম্প প্রশাসনে নিজৰ অনুপ্ৰৱেশ বিৰোধী কঠোৰ নীতি সফল হোৱা বুলি দাবী কৰিছে। অনুপ্ৰৱেশকাৰীক বহিষ্কাৰৰ বাবে গ্রহণ কৰা কঠোৰ নীতিৰ ফলত দেশখনলৈ প্রব্রজন হ্রাস পোৱা বুলি ট্রাম্প প্রশাসনে দাবী কৰিছে। উল্লেখ্য যে ট্রাম্প প্রশাসনে কিউবা, হাইটি, নিকাৰাগুৱা আৰু ভেনিজুৱেলাৰ নাগৰিকৰ বাবে ভিছাৰ ক্ষেত্রত নতুন প্রতিবন্ধকতা আৰোপ কৰিছে।
এনে ব্রুকিংছ ইনষ্টিটিউছনে আঙুলিয়াই দিছে যে ২০২৫ৰ অন্তিম ছমাহত প্রতি মাহে ২০ৰ পৰা ৫০ হেজাৰ নিয়োগৰ সুবিধাহে ওলায়। অর্থাৎ প্রব্রজন ৰোধে যে দেশখনৰ অৰ্থনীতিৰ বিশেষ বৰঙণি আগবঢ়োৱা নাই, সেয়াও স্পষ্ট হৈছে।






























