গৌৰৱ গগৈৰ নেতৃত্বত অসম কংগ্ৰেছে মিত্ৰতাৰ ৰাজনীতিৰ চাকনৈয়াত ঘূৰপাক খাইছে বুলি শাসক পক্ষই সমালোচনা কৰি থকাৰ মাজতে আকস্মিকভাৱে বিভিন্ন মহলক হতবাক কৰি আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে প্ৰথমখন প্রার্থী তালিকা ঘোষণা কৰি দলে চমক দিলে বুলি এইবাৰ আৰম্ভ হৈছে আন এক ৰাজনৈতিক চর্চা।
সাম্প্রতিক ৰাজনৈতিক প্রেক্ষাপটত পৰম্পৰাগতভাৱে কংগ্ৰেছৰ প্ৰাৰ্থী তালিকা ঘোষণাত আন প্রতিদ্বন্দ্বী দল বিশেষকৈ বিজেপিৰ দৰে আগ্রাসী দলৰ তুলনাত যথেষ্ট বিলম্ব হয় যদিও এইবাৰ প্ৰথমখন তালিকা প্রকাশ কৰি চমক দিয়াই নহয়, অসমৰ সংসদীয় ৰাজনীতিত প্রদেশ কংগ্ৰেছৰ সভাপতি তথা লোকসভাৰ বিৰোধী উপ-দলপতি গৌৰৱক প্ৰক্ষেপ কৰি তেওঁৱেই যে দলৰ মুখ্যমন্ত্রী পদৰ প্ৰাৰ্থী সেই ইংগিতো দিলে।
অথচ কালিলৈকে গৌৰৱ গগৈয়ে যোৰহাট বিধানসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব বুলি কোনো নিশ্চিত ইংগিত প্রকাশ কৰা নাছিল কংগ্রেছে। বিগত লোকসভা নিৰ্বাচনত পূৰ্বৰে পৰা চলি থকা আন এক মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা কেন্দ্ৰিক চৰ্চাও পুনৰবাৰ এই পৰিস্থিতিত প্রাসংগিক হৈছে। মুখ্যমন্ত্রীয়ে যোৰহাট বিধানসভা সমষ্টিত প্রতিদ্বন্দ্বিতা কৰিব বুলি বিগত লোকসভা নিৰ্বাচনৰ পূৰ্বৰে পৰা চৰ্চা চলি আছে।
এই চৰ্চাৰ মূল কেন্দ্রবিন্দু মুখ্যমন্ত্রী শর্মা নিজেই। কিয়নো তেওঁ বিভিন্ন সময়ত সামাজিক মাধ্যমতো এই কথা প্ৰকাশ কৰিছে যে ৰাইজে বিচাৰিলে তেওঁ যোৰহাটৰ পৰা প্রতিদ্বন্দ্বিতা কৰিব। বিগত লোকসভা নির্বাচনত ই চর্চা হৈয়ে ৰ’ল আৰু একপ্ৰকাৰ ৰাজনৈতিক ধেমেলীয়া বিষয় হৈয়ে থাকিল যদিও আগন্তুক বিধানসভা নিৰ্বাচনৰ ধামখুমীয়াত এই চর্চা সজীৱ হৈছে।
কিয়নো মুখ্যমন্ত্রীয়ে যোৰহাটত বিধানসভা নির্বাচনত প্রতিদ্বন্দ্বিতা কৰিব পাৰে বুলি তেওঁৰ বিভিন্ন ভাষ্যৰ বাবেই ৰাইজৰ মাজত চলি আছে গুণাগঁথা। ইয়াৰ মাজতে এতিয়া গৌৰৱ গগৈক যোৰহাটত কংগ্ৰেছে প্রার্থীৰূপে প্ৰক্ষেপ কৰাত প্রশ্ন উঠিছে যে কোনে কাক প্রত্যাহ্বান জনালে। একাংশ ৰাজনৈতিক মহলৰ মতে গৌৰৱে যোৰহাটত প্রার্থীৰূপে থিয় দি মুখ্যমন্ত্রীকে প্রত্যাহ্বান জনালে।
আন একাংশৰ প্রশ্ন মুখ্যমন্ত্রী ড° শৰ্মাই এতিয়া গৌৰৱক প্রত্যাহ্বান জনাই সঁচাকৈয়ে যোৰহাটত বিধানসভাৰ প্রার্থী হ’বনে? এনেবোৰ বিষয়ক লৈ এতিয়া যোৰহাট অসমৰ ৰাজনীতিৰ অন্যতম গুরুত্বপূর্ণ সমষ্টি হৈ পৰাৰ লগতে কংগ্ৰেছৰ সদ্যঘোষিত প্রার্থী তালিকাই নির্বাচনী ৰাজনীতিৰ বতাহ গৰম কৰি তুলিলে। উল্লেখ্য যে শাসক পক্ষই শেহতীয়াভাবে কৈছে যে গৌৰৱ উৰণীয়া মৌ, বিধানসভা নিৰ্বাচনৰ অন্তত অসমৰ এৰি দিল্লীলৈ গুচি যাব।
এতিয়া গৌৰৱৰ প্ৰাৰ্থিত্ব ঘোষণা হোৱাৰ পাছত তেওঁ উৰণীয়া মৌ হৈ থাকিব নে অসমৰ ৰাজনীতিৰ পানী ঘোলা কৰাই নহয়, পূব অসমৰ ৰাজনৈতিক সমীকৰণ সলনি কৰিব সেয়া সময়ে ক’ব। সাম্প্ৰতিক সময়ৰ ৰাজনৈতিক প্রত্যাহ্বান তেওঁ কিমান অতিক্ৰম কৰিব সেয়াও চাবলগীয়া বিষয়। দলীয় সূত্রই কয় যে যোৰহাটৰ দৰে সমষ্টিত গৌৰৱ গগৈয়ে নির্বাচনী প্রতিদ্বন্দ্বিতা কৰিবলৈ আগবাঢ়ি আহি তেওঁ সম্মুখৰ পৰা নেতৃত্ব দিব বিচৰাটোৱে প্রতীয়মান হৈছে।
গৌৰৱে সাহস দেখুৱাইছে বুলিও কংগ্ৰেছৰ অভ্যন্তৰত চৰ্চা হৈছে।মন কৰিবলগীয়া যে গৌৰৱৰ প্ৰাৰ্থিত্ব ঘোষণাৰ পাছত যোৰহাটত বিজেপিৰ আন কিছুমান নাম চৰ্চালৈ আহিছে। ইয়াৰ ভিতৰত আছে কেন্দ্রীয় মন্ত্রী পবিত্র মাৰ্ঘেৰিটাৰ নামো। মাৰ্ঘেৰিটাই তেওঁৰ ভোটাৰ তালিকাৰ নাম মাৰ্ঘেৰিটা সমষ্টিৰ পৰা প্ৰত্যাহাৰ কৰি যোৰহাটত নতুন ভোটাৰ হোৱাৰ সুবাদতে এই চর্চাই প্রাণ পাইছে। তদুপৰি আছে আহোম ভোটাৰৰ কথাও। এই পৰিস্থিতিত বিজেপিৰ যোৰহাটৰ প্ৰাৰ্থী কোন হ’ব সেয়াও লক্ষ্যণীয় হ’ব।
আনহাতে, কংগ্রেছে কালি প্ৰকাশ কৰা ৪২ জনীয়া তালিকাৰ ভিতৰত আছে পাঁচগৰাকী মহিলা প্রার্থী। বৰাকৰ ৰামকৃষ্ণ নগৰত সুৰুচি ৰয়, হাজো-শুৱালকুছি সমষ্টিত বর্তমান বিধায়িকা নন্দিতা দাস, দিছপুৰত মীৰা বৰঠাকুৰ গোস্বামী,টীয়কত পল্লবী শইকীয়া গগৈ আৰু নাহৰকটীয়াত প্রাক্তন বিধায়িকা প্রণতি ফুকনে প্রার্থিত্ব লাভ কৰিছে।
ইপিনে, এই তালিকাত কে’বাখনো নতুন মুখে স্থান লাভকৰিছে। উদাহৰণস্বৰূপে মাজুলী (অনুসূচিত জনজাতি) সমষ্টিৰ প্রার্থী ইন্দ্রনীল পেগু মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপক। তদুপৰি তালিকাত থকা আন কেইখনমান নতুন মুখৰ ভিতৰত আছে পশ্চিম কাৰ্বি আংলঙৰ ৰংখাং (অনুসূচিত জনজাতি)ত যুব নেতা অগষ্টিন ইংহি, জোনাই (অনুসূচিত জনজাতি) ত ৰাজকুমাৰ মেদক, গোৱালপাৰা পশ্চিমত মার্কলেন মাৰাক আদি।
অৱশ্যে ইয়াৰ মাজতে অসমৰ দুই কংগ্ৰেছী সাংসদ প্রদ্যুৎ বৰদলৈ আৰু ৰকিবুল হুছেইনৰ পুত্রদ্বয় ক্রমে প্রতীক বৰদলৈ আৰু তাঞ্জিল হুছেইনৰ প্ৰাৰ্থিত্বক লৈ সমালোচনা হৈছে। বিশেষকৈ শাসকীয় বিজেপিয়ে কংগ্রেছত এতিয়াও পৰিয়ালকেন্দ্ৰিক ৰাজনীতি অব্যাহত থকা বুলি তীব্র সমালোচনা কৰে। আনহাতে এই তালিকাত বৰ্তমানৰ চাৰিজন বিধায়ক গৌৰীপুৰত আব্দুছ চোবাহান আলী লস্কৰ, হাজো-শুৱালকুছিত নন্দিতা দাস, বৰক্ষেত্ৰীত দিগন্ত বৰ্মন, ৰূপহীহাটৰ নুরুল হুদা আৰু নাজিৰাত দেবব্রত শইকীয়াই প্রার্থিত্ব লাভ কৰে।
তদুপৰি ১০ জন প্রাক্তন বিধায়কেও প্রার্থিত্ব লাভ কৰিছে। এইসকলৰ ভিতৰত আছে অগপ ত্যাগ কৰি কংগ্রেছলৈ অহা কমলপুৰৰ প্ৰাক্তন বিধায়ক সত্যব্রত কলিতা, বিজেপিৰ পৰা কংগ্রেছলৈ অহা নলবাৰীৰ অশোক কুমাৰ শৰ্মা, ছিপাঝাৰত বিনন্দ কুমাৰ শইকীয়া, জাগীৰোড (অনুসূচিত জাতি) সমষ্টিত বুবুল দাস, বৰছলাত দলৰ প্রাক্তন সভাপতি তথা বিধায়ক ৰিপুন বৰা, ডুমডুমাত দুর্গা ভূমিজ, নাহৰকটীয়াত প্রণতি ফুকন, উদাৰবন্দত অজিত সিং, সোণাইত আমিনুল হক লস্কৰ, পাথাৰকান্দিত বিজেপিৰ পৰা কার্তিক সেনা সিনহা।
উল্লেখ্য যে সিনহা ২০০৬ত পাথাৰকান্দি সমষ্টিৰ পৰা বিজেপি বিধায়কৰূপে নির্বাচিত হৈছিল আৰু ২০০১ত তেওঁ এআইইউডিএফৰ পৰাও প্ৰাৰ্থীৰূপেও অবতীর্ণ হৈছিল। এইবাৰ বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত প্রায় চাৰিমাহ পূর্বে তেওঁ কংগ্রেছত যোগ দিয়ে।
ইপিনে, এই তালিকাত স্থান লাভ কৰিছে কংগ্ৰেছৰ জিলা কমিটীৰ সভাপতি সাতজনে, এপিচিচিৰ বিষয়ববীয়া আঠজন, অনুসূচিত জনজাতিৰ চাৰিজন, অনুসূচিত জাতিৰ সাতজন, অন্যান্য পিছপৰা শ্ৰেণীৰ প্ৰাৰ্থী ১১ জন, অতি অন্যান্য পিছপৰা শ্ৰেণীৰ তিনিজনে।































