এক নতুন অধ্যয়নৰ তথ্যত উল্লেখ কৰা অনুসৰি বিশ্বজুৰি স্তন কৰ্কটত মৃত্যু হোৱা মহিলাৰ সংখ্যা দ্রুতগতিত বৃদ্ধি পাইছে।
ভাৰতত ১৯৯০ৰ পৰা ২০২৩ৰ সময়ছোৱাত স্তন কৰ্কটৰ সংখ্যা বৃদ্ধিয়ে নতুন অভিলেখ ৰচিলে। এই সময়ছোৱাত ভাৰতত স্তন কৰ্কটৰ প্রকোপ ৪৭৭ শতাংশ বৃদ্ধি পোৱাৰ লগতে এই ৰোগত মৃত্যু হোৱা ঘটনা ৩৫২ শতাংশ বৃদ্ধি পাইছিল।
লেনছেট অংক’ল’জিত প্রকাশিত অধ্যয়নত প্রতিবেদনত উল্লেখ কৰা অনুসৰি ২০৫০ বর্ষলৈকে বিশ্বত স্তন কর্কটত আক্ৰান্তৰ সংখ্যা ৩৫ লাখলৈ বৃদ্ধি পাব। একেদৰে উক্ত সময়লৈ স্তন কৰ্কটত মৃত্যুৰ সংখ্যা ৪৪ শতাংশ বৃদ্ধিৰে বছৰি ১৩ লাখ হ’ব।
২০২৩ বৰ্ষত ভাৰতত ২.০৩ লাখ কৰ্কট ৰোগীক চিনাক্ত কৰা হৈছিল আৰু ১৯৯০ৰ তুলনাত স্তন কৰ্কট ৰোগীৰ সংখ্যা ৪৭৭ শতাংশ অধিক বৃদ্ধি পাইছিল। একেদৰে ২০২৩ত ভাৰতত স্তন কৰ্কটত মৃতকৰ সংখ্যা এক লাখৰ অধিক হৈছিল আৰু শতাংশ হিচাপত আছিল ৩৫২.৩ শতাংশ বৃদ্ধি।






























