Gaurav Gogoi:✒️জনতাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ আদৰ্শৰে নতুন বৰঅসম গঢ়াৰ লক্ষ্য লোৱা বুলি দোহাৰিলে প্রদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে। আসন্ন নিৰ্বাচনৰ দলৰ প্ৰাৰ্থী তালিকা ঘোষণা হোৱাৰ পাছত প্ৰথমবাৰৰ বাবে কালি যোৰহাটত পদার্পণ কৰে গগৈয়ে। এইবাৰ সমষ্টিটোৰ প্ৰাৰ্থীৰূপেও অহা গগৈৰ সাক্ষাৎ পাই দলীয় নেতা-কর্মীসকল উৎফুল্লিত হৈ উঠে।
পাছত তেওঁ সাংবাদিকৰ আগত কয়, ‘আমি সকলো মিলিজুলি এনে এখন নতুন বৰঅসমৰ পৰিকল্পনা কৰিছো, যিখন অসমত জুবিনদাই কোৱাৰ দৰে অসমৰ ৰাইজ হ’ব নিৰ্ভয় আৰু স্পষ্টবাদী।’ কাৰোৰে নাম উল্লেখ নকৰাকৈ তেওঁ লগতে কয়, ‘এই অসম সকলোৰে হ’ব। মাত্র এজন ব্যক্তি বা এটা পৰিয়ালৰ বাবে নহয়। তেনে এখন নতুন বৰঅসম সৃষ্টি কৰাটো হৈছে আমাৰ প্ৰধান লক্ষ্য।’
তেওঁ আগন্তুক ৩০ দিনৰ ভিতৰত দলীয় কর্মীসকলক ঘৰে ঘৰে গৈ প্ৰচাৰ চলাবলৈয়ো আহ্বান জনায়। সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত গগৈয়ে লগতে কয়, ‘আমি সঠিক পথত আছো। আমাৰ তালিকা দেখি অসমৰ ৰাইজে আমাক স্বাগতম জনাইছে, ৰাইজে সন্তুষ্টি প্রকাশ কৰিছে। ৰাইজৰ কথাহে গুৰুত্বপূৰ্ণ। আমাৰ তালিকা দেখি মুখ্যমন্ত্রীয়ে কি কৈছে, সেইটো আমাৰ বাবে গুৰুত্বপূৰ্ণ নহয়। চলিত মাহ আমাৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ। আমাৰ দলীয় সতীর্থসকলক ভোটাৰৰ ঘৰে ঘৰে যাবলৈ আহ্বান জনাইছো।’
আজি অসমৰ মানুহে মুক্ত মনেৰে কথা ক’বলৈ ভয় কৰা হৈছে বুলিও বিজেপি চৰকাৰক তেওঁ সমালোচনা কৰে। অসমত কেৱল এটা পৰিয়ালৰহে দোপতদোপে উন্নতি হৈছে বুলি মন্তব্য কৰি গগৈয়ে আকৌ কয়, ‘সমগ্র অসমতে সেই বিশেষ পৰিয়ালে ১২ হেজাৰ বিঘা মাটি দখল কৰিবলৈ সক্ষম হৈছে। গাঁৱৰ ভিতৰত মদৰ দোকানৰ সংখ্যা বৃদ্ধি পাইছে। চৰকাৰী বিদ্যালয়বোৰ বন্ধ কৰি দিয়া হৈছে।’
মুখ্যমন্ত্রীক কঠোৰ ভাষাৰে সমালোচনা কৰি গগৈয়ে লগতে কয় যে মুখ্যমন্ত্ৰীয়ে নিজৰ আসনৰ মৰ্যাদা বাৰম্বাৰ হানি কৰিছে।
আনহাতে, বিৰোধীৰ মিত্ৰতা সন্দৰ্ভত গগৈয়ে আজি কয়, ‘বিৰোধীৰ মিত্ৰতাক লৈ মই আশাবাদী। তিনিটা দলৰ স’তে কালি আমি সংবাদমেলো কৰিলো। তেওঁলোকৰ স’তে কিছুদিনৰ ভিতৰতে আমি একেলগে প্ৰচাৰ অভিযানলৈ ওলাই যাম। অসমৰ বিভিন্ন ঠাইত আমি লগ হৈ ৰাজহুৱা সভাত অংশগ্রহণ কৰিম।’ ৰাইজৰ দলৰ সম্পৰ্কত তেওঁ কয়, ‘মই এতিয়াও আশাবাদী। নিশ্চয়কৈ অচিৰে কথাবোৰ মিলিব।’
বিধায়ক গগৈয়ে ফেচবুকত ‘শেষ চেষ্টাও ব্যর্থ’ বুলি দিয়া প’ষ্ট সন্দৰ্ভত প্রদেশ কংগ্ৰেছৰ সভাপতিজনে কয়, ‘মই এতিয়াও হতাশ হোৱা নাই। মিত্রতা হ’ব বুলি মই এতিয়াও আশাবাদী। নিশ্চয় অলপ সময় লৈছে; কিন্তু এতিয়াও সময় শেষ হৈ যোৱা নাই।’
ইপিনে, শনিবাৰে সন্ধিয়া যোৰহাট নগৰত যুৱ কংগ্ৰেছে গগৈক লৈ এক মটৰ চাইকেল সমদলো উলিয়ায়। তদুপৰি গগৈয়ে সাংসদ পুঁজিৰে ৰূপায়ণ হ’ব লগা কে’বাখনো আঁচনিৰ আধাৰশিলা স্থাপন কৰে।






























