Howraghat:
কৰ্মস্থানৰ বাবে বহি:ৰাজ্যলৈ ঢাপলি মেলা অসমীয়া যুৱক এতিয়া সুৰক্ষিত নহয় ৷ ইজনৰ পিছত সিজনকৈ যুৱকৰ মৃত্যুৰ খবৰে সকলোকে কৰি তোলে মিয়ম্ৰান ৷ বহি:ৰাজ্যত পুনৰ প্ৰাণ গ’ল আৰু এজন অসমীয়া যুৱকৰ ৷ হাইদৰাবাদত কাম কৰিবলৈ গৈ বন্ধুৰ হাতত নিহত হ’ল হাওৰাঘাটৰ এজন তেজাল যুৱক ৷ হোলীৰ আনন্দ উছাহৰ মাজতে একেটা কোঠাতে থকা বন্ধু প্রীতম দাসৰ সৈতে কাজিয়া হৈছিল হাওৰাঘাটৰ বিক্ৰম দাসৰ ৷ কাজিয়াৰ পৰিণতিতে বন্ধু প্রীতমে আক্রমণ কৰে বিক্ৰমক ৷ সংকটজনক অৱস্থাত বিক্ৰমক ততাতৈয়াকৈ এখন ব্যক্তিগত চিকিৎসালয়ত ভর্তি কৰোৱা হৈছিল যদিও চিকিৎসাধীন অৱস্থাত শেষ নিশ্বাস ত্যাগ কৰে বিক্ৰমে ৷ আনহাতে হাইদৰাবাদ আৰক্ষীয়ে লগে লগে গ্ৰেপ্তাৰ কৰে প্রীতম দাস নামৰ যুৱকজনক ৷
ইতিমধ্যে মৰনোত্তৰ পৰীক্ষা সম্পন্ন হোৱা দুৰ্ভগীয়া বিক্ৰম দাসৰ নিথৰদেহ দুই- এদিনৰ ভিতৰতে অসম চৰকাৰৰ তত্ত্বাৱধানত হাউৰাঘাটলৈ অনাৰ দিহা কৰিছে সংশ্লিষ্ট প্ৰশাসনে ৷ আনহাতে পুত্ৰৰ মৃত্যুৰ খবৰ লাভ কৰি শোকাহত হৈ পৰে বিক্ৰম দাসৰ হাউৰাঘাট পিতৃ- মাতৃ ৷ পুত্ৰক হত্যা কৰা ঘাতকৰ কঠোৰতম শাস্তিৰ দাবী কৰে দুৰ্ভগীয়া পিতৃ- মাতৃয়ে ৷




































