অসমৰ জি আই টেগযুক্ত সুগন্ধিযুক্ত জহা চাউলে আন্তঃৰাষ্ট্ৰীয় বজাৰত নতুন দিশ মুকলি কৰিছে। প্ৰথমবাৰৰ বাবে অসমৰ পৰা ইউনাইটেড কিংডম আৰু ইটালীলৈ ২৫ মেট্ৰিক টন জহা চাউল ৰপ্তানিৰ ফ্লেগ অফ্ কৰে ৰাজ্যৰ কৃষিমন্ত্ৰী অতুল বৰা (Atul Bora)।
এই উপলক্ষে তেওঁ কয় যে অসমৰ কৃষকসকলৰ বাবে এয়া গৌৰৱ আৰু আশাৰ এক নতুন বতৰা।মন্ত্ৰী বৰাই উল্লেখ কৰে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ (Himanta Biswa Sarma) দূৰদৰ্শী নেতৃত্বত অসম চৰকাৰে কৃষকৰ সমৃদ্ধিশালী ভৱিষ্যৎ নিশ্চিত কৰাৰ লক্ষ্যৰে কৃষি খণ্ডৰ উন্নয়ন আৰু কৃষিজাত সামগ্ৰীৰ ৰপ্তানিত বিশেষ গুৰুত্ব আৰোপ কৰি আহিছে।
অসম চৰকাৰৰ কৃষি বিভাগ আৰু Agricultural and Processed Food Products Export Development Authority (APEDA)ৰ সহযোগত APEDAৰ পঞ্জীয়নভুক্ত ৰপ্তানিকাৰক মেছাৰ্ছ ছেফ এগ্ৰিট্ৰেড প্ৰাইভেট লিমিটেডে এই জহা চাউল বিদেশলৈ ৰপ্তানি কৰে।
উল্লেখযোগ্য যে অসমৰ থলুৱা সুগন্ধিযুক্ত জহা চাউলে ২০১৭ চনত ভৌগোলিক সূচাংক (জি আই) টেগ লাভ কৰিছিল। ইয়াৰ অনন্য সুগন্ধি, সূক্ষ্ম দানা আৰু উৎকৃষ্ট সোৱাদৰ বাবে দেশ-বিদেশৰ বজাৰত ইয়াৰ চাহিদা দিনকদিনে বৃদ্ধি পাইছে।
পৰম্পৰাগত আৰু স্বাস্থ্যসন্মত শস্যৰ প্ৰতি বিশ্বজুৰি আগ্ৰহ বৃদ্ধি পোৱাৰ ফলত জহা চাউলেও আন্তঃৰাষ্ট্ৰীয় বজাৰত বিশেষ স্বীকৃতি লাভ কৰিছে।
ইয়াৰ পূৰ্বে ভিয়েটনামলৈ এক মেট্ৰিক টন জহা চাউল ৰপ্তানি কৰা হৈছিল। তাৰপাছত মধ্যপ্ৰাচ্যৰ পাঁচখন দেশ—কুৱেইট, বাহৰেইন, কাটাৰ, ওমান আৰু চৌদি আৰৱলৈ দুই মেট্ৰিক টন জহা চাউল ৰপ্তানি কৰা হৈছিল।
ইউনাইটেড কিংডম আৰু ইটালীলৈ এই বৃহৎ পৰিমাণৰ প্ৰথম ৰপ্তানিৰ জৰিয়তে অসমৰ জহা চাউলে আন্তঃৰাষ্ট্ৰীয় মানদণ্ড অটুট ৰাখি বিশ্ববজাৰত নিজৰ স্থান সুদৃঢ় কৰিছে। ইয়াৰ জৰিয়তে ৰাজ্যখনৰ কৃষকসকলৰ আয় বৃদ্ধি হোৱাৰ লগতে কৃষিখণ্ড অধিক শক্তিশালী হ’ব বুলি আশা প্ৰকাশ কৰা হৈছে।
এই অনুষ্ঠানত কৃষি বিভাগৰ আয়ুক্ত সচিব তথা কৃষি উৎপাদন আয়ুক্ত অৰুণা ৰাজ’ৰিয়া, ARIAS ছ’চাইটিৰ ৰাজ্যিক প্ৰকল্প সঞ্চালক বীৰেন্দ্ৰ মিট্টাল, কৃষি সঞ্চালক ডাঃ পি উদয় প্ৰবীণ, উদ্যানশস্য সঞ্চালক নৃপেন দাস আদি বিষয়া, APEDAৰ প্ৰতিনিধি আৰু মেছাৰ্ছ ছেফ এগ্ৰিট্ৰেড প্ৰাইভেট লিমিটেডৰ প্ৰতিনিধিসকল উপস্থিত থাকে।































