Ragging Incident in Cachar :
কাছাৰত ৰেগিঙৰ বলি নৱোদয় বিদ্যালয়ৰ নৱম শ্ৰেণীৰ এগৰাকী ছাত্ৰৰ ৰহস্যজনক মৃত্যুৰ ঘটনাই বৰাক উপত্যকাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। কাছাৰ জিলাৰ লক্ষীপুৰ সমষ্টিৰ পয়লাপুলৰ জৱাহৰ নৱোদয় বিদ্যালয়ত নৱম শ্ৰেণীৰ ছাত্ৰ এগৰাকীৰ ৰহস্যজনক মৃত্যুৰ ঘটনাই শৈক্ষিক মহলত ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰে। মৃত ছাত্ৰজনৰ নাম অৰিন্দম দাস।
বুধবাৰে পুৱা বিদ্যালয়ৰ শৌচাগাৰৰ পৰা উদ্ধাৰ কৰে তেওঁৰ ওলমি থকা মৃতদেহ। বিদ্যালয়ৰ সূত্ৰৰ পৰা জানিব পৰা মতে, ঘটনাৰ পিছত এজন শিক্ষকে অৰিন্দমৰ পিতৃ অনুপম দাসক ফোন কৰি বিষয়টো অৱগত কৰে। ঘটনাৰ খবৰ পোৱাৰ লগে লগে শিলচৰৰ চেংকুৰি ৰোডৰ নিবাসী অনুপম দাসে পৰিয়ালৰ লোকৰ সৈতে পয়লাপুল নৱোদয় বিদ্যালয়ত উপস্থিত হয় আৰু তাতেই পুত্ৰৰ ওলমি থকা মৃতদেহ দেখিবলৈ পায়। মৃত ছাত্ৰজনৰ পকেটৰ পৰা এটুকুৰা কাগজত নোট উদ্ধাৰ কৰা হয়। নোটখনত তিনিজন ছাত্ৰ নাম লিখা আছিল – স্বপ্নজিত, সিদ্ধাৰ্থ আৰু ফাহিম। এই ঘটনাত মৃত ছাত্ৰজনৰ পিতৃ অনুপম দাসে লক্ষ্মীপুৰ থানাত এটা গোচৰ তৰিছে। গোচৰত তিনিজন ছাত্ৰ – স্বপ্নজিৎ, সিদ্ধাৰ্থ আৰু ফাহিমৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে। পিছত লক্ষ্মীপুৰ আৰক্ষীয়ে সেই স্থানত উপস্থিত হৈ পিতৃৰ উপস্থিতিত মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে শিলচৰ মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰে।
পিতৃয়ে অভিযোগ কৰে যে, তিনিওজন ছাত্ৰই দীৰ্ঘদিন ধৰি ৰেগিঙৰ নামত অৰিন্দমক মানসিক নিৰ্যাতন চলাই আহিছিল। অৰিন্দমে এই বিষয়ে কেইবাবাৰো নিজৰ হাউচ মাষ্টৰ আৰু স্কুলৰ অধ্যক্ষক অৱগত কৰিছিল যদিও কোনো ফলপ্ৰসূ ব্যৱস্থা লোৱা নাছিল। পৰিয়ালৰ দাবী অৰিন্দমৰ ৰেগিঙৰ চাপৰ বাবে মানসিকভাৱে ভাগি পৰিছিল আৰু অৱশেষত আত্মহননৰ পথ বাচি লয় ৷। মন কৰিবলগীয়া যে পয়লাপুল নৱোদয় বিদ্যালয়ত পূর্বেও এনে আত্মহত্যাৰ ঘটনা সংঘটিত হৈছিল ৷ সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে।




































