জুবিন ক্ষেত্ৰ তীৰ্থস্থান হৈ পৰিছে, সোণাপুৰস্থিত জুবিন ক্ষেত্ৰত শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জনাই পৱন খেৰাৰ মন্তব্য

IMG 20260312 WA0057

Zubeen Garg:✒️নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সংবাদ মাধ্যম আৰু যোগাযোগ বিভাগৰ অধ্যক্ষ পৱন খেৰাই কালি সোণাপুৰস্থিত জুবিন ক্ষেত্ৰলৈ গৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গক শ্ৰদ্ধাজ্ঞলি জ্ঞাপন কৰে। জুবিন ক্ষেত্ৰলৈ যোৱাৰ সময়ত সৰ্বভাৰতীয় কংগ্ৰেছ নেতাগৰাকীক অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মিডিয়া বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰা, মিডিয়া বিভাগৰ ৰাজ্যিক সমন্বয়ক গোপাল শৰ্মা, বিভাগটোৰ সাধাৰণ সম্পাদক তথা জ্যেষ্ঠ মুখপাত্ৰ ৰূপক দাস, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সম্পাদক কৃদীপ বৰ্মনকে আদি কৰি কেবাগৰাকী জ্যেষ্ঠ কংগ্ৰেছ নেতা-কৰ্মীয়ে সংগ দিয়ে।

শ্ৰদ্ধাজ্ঞলি জ্ঞাপনৰ অন্তত পৱন খেৰাই সংবাদ মাধ্যমৰে হোৱা বাৰ্তালাপত জুবিন ক্ষেত্ৰত তীৰ্থস্থান আখ্যা দিয়ে। তেওঁ কয়, ”ইয়ালৈ আহি মই অনুভৱ কৰিছো যে জুবিন ক্ষেত্ৰ বৰ্তমান এক তীৰ্থস্থান হৈ পৰিছে। কিয়নো লক্ষ লক্ষ অনুৰাগীয়ে ইয়ালৈ আহি জুবিন গাৰ্গক পূজা কৰিছে। যিধৰণে তেখেতৰ মৃত্যু হৈছিল, সেই অকল্পনীয় ঘটনাটোৱে অসমবাসীক আজিও শোকৰ সাগৰত ডুবাই ৰাখিছে। কেৱল অসমেই নহয়, দেশৰ আন প্ৰান্তৰ লগতে বিদেশতো জুবিন গাৰ্গৰ লক্ষ লক্ষ অনুৰাগী আছে। মই প্ৰায় ডেৰ-দুই মাহ পূৰ্বেও গুৱাহাটীলৈ আহিছিলো যদিও সেইবাৰ ইয়ালৈ আহিব নোৱাৰিলো বাবে মনত আক্ষেপ ৰৈ গৈছিল।’’

জুবিন ক্ষেত্ৰলৈ গৈ ৰাজনৈতিক কথা কোৱা উচিত নহয় যদিও সংবাদ মাধ্যমে মন্তব্য জানিব বিচৰাত সৰ্বভাৰতীয় কংগ্ৰেছ নেতাগৰাকীয়ে প্ৰাণৰ শিল্পীগৰাকীক লৈ আন কেবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে।

তেওঁ কয়, ”ইয়ালৈ আহি ৰাজনৈতিক কথা কোৱা উচিত নহয়। কিন্তু যিগৰাকী শিল্পী কোটি কোটি লোকৰ হৃদয়ত আছে সেইগৰাকী শিল্পীয়ে য’ত শেষবাৰৰ বাবে জিৰাইছে সেই ঠাইলৈ প্ৰধানমন্ত্ৰীয়ে হওক বা গৃহমন্ত্ৰীয়ে হওক বা বিৰোধী দলৰ নেতাই হওক সকলোৱে এবাৰ হ’লেও অহা উচিত। কিয়নো ৰাজনীতি মানেই হৈছে সমাজসেৱা আৰু যিগৰাকী শিল্পীক সমাজৰ কোটি কোটি লোকে শ্ৰদ্ধা-ভক্তি কৰে সেই গৰাকী লোকৰ শেষ বিশ্ৰামস্থলীলৈ নহাকৈ থকা মানেই হৈছে উক্ত সমাজখনৰ সামূহিক চিন্তা-ভাৱনাক তুচ্ছ জ্ঞান কৰা। প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীয়ে ভোট বিচাৰি ১৫ দিন, এমাহৰ মূৰে মূৰে অসমলৈ আহি আছে। তাৰ মাজতে সময় উলিয়াই তেখেতসকল এবাৰৰ বাবে হ’লেও ইয়ালৈ অহাতো অসমৰ সকলোৱে বিচাৰে।’’

খেৰাই আৰু কয় যে অসমৰ মুখ্যমন্ত্ৰী আৰু আন মন্ত্ৰীসকলে জুবিন গাৰ্গৰ অন্তিমখন চিনেমা ‘ৰৈ ৰৈ বিনালে’ চাবলৈ নাই যোৱা বুলি জানিব পাৰি তেওঁ আচৰিত হৈ পৰিছে। যিখন চৰকাৰৰ মন্ত্ৰী-পাৰিষদে কাশ্মীৰ ফাইলছ, কেৰালা ফাইলছ একেলগে চাবলৈ যায় সেইখন চৰকাৰৰ মুখ্যমন্ত্ৰী আৰু মন্ত্ৰীবৰ্গই জনতাৰ হৃদয়ৰ শিল্পীগৰাকীৰ অন্তিমখন চিনেমা কিয় একেলগে চাবলৈ যোৱা নাই সেয়া তেওঁ ভাবি পোৱা নাই বুলিও সংবাদ মাধ্যমৰ আগত সদৰী কৰে।

আনহাতে, জুবিন গাৰ্গৰ ন্যায়ৰ প্ৰসংগত তেওঁ কয় যে চৰকাৰে বিষয়টো গুৰুত্বসহকাৰে নাই লোৱা বাবেই, গোচৰটো শক্তিশালী নকৰা বাবেই আৰু পানী নসৰকা অভিযোগনামা প্ৰস্তুত নকৰা বাবেই অভিযুক্তৰ ফ্ৰিজড কৰা হোৱা বেংক একাউণ্ট আদালতে খুলিবলৈ নিৰ্দেশ দিবলগীয়া হৈছে। ইয়াতেই চৰকাৰে জুবিন গাৰ্গৰ ন্যায়ৰ প্ৰসংগক কিদৰে লৈছে সেয়া স্পষ্ট হৈ পৰে বুলিও খেৰাই মন্তব্য কৰে। সমগ্ৰ অসমবাসীৰ লগতে দেশৰ প্ৰতিজন লোকেই জুবিন গাৰ্গে অতি শীঘ্ৰে ন্যায় পোৱালৈ বাট চাই আছে বুলিও কয় নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সংবাদ মাধ্যম আৰু যোগাযোগ বিভাগৰ অধ্যক্ষগৰাকীয়ে।

উল্লেখ্য যে, ইণ্ডিয়া টুডে গ্ৰুপে গুৱাহাটীত আয়োজন কৰা এখন কনক্লেভতো পৱন খেৰাই অংশগ্ৰহণ কৰে। কনক্লেভত অসমত এইবাৰ গৌৰৱ গগৈৰ নেতৃত্বত কিয় কংগ্ৰেছৰ চৰকাৰ হ’ব সেই সম্পৰ্কে মতামদ দাঙি ধৰে। কনক্লেভখনত আন এটা বিষয়ত প্ৰাক্তন সাংসদ আব্দুল খালেকেও ভাগ লৈ কংগ্ৰেছ দলৰ সপক্ষে যুক্তি প্ৰদৰ্শন কৰে। কনক্লেভখনত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মিডিয়া বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰা, ৰাজ্যিক সমন্বয়ক গোপাল শৰ্মা, সাধাৰণ সম্পাদক ৰূপক দাস, মুখপাত্ৰ পলাক্ষী দাস, দেৱান মোস্তাফিজুৰ, প্ৰদেশ কংগ্ৰেছৰ সম্পাদক কৃদীপ বৰ্মন, এনএছইউআইৰ উপ-সভাপতি জুনেইদ আহমেদ প্ৰমুখ্যে বহুকেইজন কংগ্ৰেছ নেতা-কৰ্মী উপস্থিত থাকে। ইয়াৰ পূৰ্বে কংগ্ৰেছৰ সৰ্বভাৰতীয় নেতাগৰাকীয়ে আজি পুৱাৰ ভাগত মা কামাখ্যা দেৱালয় দৰ্শন কৰে।

Exit mobile version