নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যত বলিছে নিৰ্বাচনী গৰম বতাহ। শাসকীয় বিজেপিৰ লগতে কংগ্ৰেছ আৰু অন্যান্য ৰাজনৈতিক দলৰ প্ৰাৰ্থীত্ব প্ৰাত্যাশী সকলৰ লগতে ভিন্ন দল-সংগঠনে নিজৰ পছন্দৰ প্ৰাৰ্থী লৈ ভোটাৰ ৰাইজৰ সমস্যৰ বুজ লৈছ।
ইয়াৰ সমান্তৰালকৈ নিৰ্বাচনত দলীয় টিকটৰ দৌৰ নামিছে বিভিন্ন দলৰ বহু ন পুৰণি নেতা কৰ্মী। একেদৰে বিশিষ্ট সমাজকৰ্মী তথা আৰ এছ এছৰ এগৰাকী প্ৰবীণ কৰ্মী প্ৰান্তোষ ৰায়ে ৩৬ নং মধ্য গুৱাহাটী বিধানসভা সমষ্টিত শাসকীয় বিজেপিৰ প্ৰাৰ্থীত্বৰ দৌৰত নামি পৰিছে।
বিশিষ্ট সমাজকৰ্মী তথা পৰবীণ আৰএছএছ নেতা গৰাকীয়ে সম অধিকাৰ, সম উন্নয়নৰ বাৰ্তা লৈ সমষ্টিত প্ৰচাৰ চলাবলৈ আৰম্ভ কৰিছে। উল্লেখ্য যে
ষাঠিৰ দশকত আৰ এছ এছৰ মতাদৰ্শৰ প্ৰতি অনুপ্ৰাণিত হৈ প্ৰবীণ নেতা গৰাকী সংগঠনটোত সদস্য হিচাপে যোগদান কৰে।
পিছলৈ ১৯৮০ চনত তেওঁ আনুষ্ঠানিকভাৱে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰাৰ লগতে বিভিন্ন সময়ত বিজেপিৰ গুৱাহাটী জিলা সমিতিৰ বিভিন্ন পদত অধিষ্ঠিত হৈছিল। বৰ্তমান তেওঁ প্ৰদেশ বিজেপিৰ কাৰ্যবাহী সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। বিগত প্ৰায় ৬৫ বছৰ ধৰি তেওঁ আৰ এছ এছ আৰু বিজেপিত নিষ্ঠাৰে আৰু সক্ৰিয়ভাৱে কাম কৰি আহিছে।
উল্লেখ্য যে আৰ এছ এছত থকাৰ সময়ত প্ৰান্তোষ ৰয়ে ইন্দিৰা গান্ধীৰ জৰুৰীকালীন অৱস্থাত একেৰাহে ১৯ মাহ জেলত কটাবলগীয়া হৈছিল। অসম সংঘ যাত্ৰাত বিজেপি নেতা প্ৰান্তোশষ ৰায়ে বিশেষ ভূমিকা পালন কৰিছিল। ১৯৭০ চনত তেল শোধনাগাৰ আন্দোলনৰ সময়ত প্ৰান্তোষ ৰয় ‘সদৌ গুৱাহাটী ছাত্ৰ সন্থা’ৰ সদস্য আছিল।
আনহাতে, তেওঁ ১৯৯০ চনৰ পৰা সদৌ গুৱাহাটী ব্যৱসায়ী সন্থাৰ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক আছিল আৰু তেওঁ অসম ব্যৱসায়ী সন্থাৰ মুখ্য আহ্বায়ক পদত সেৱা আগবঢ়াই আছে। তদুপৰি তেওঁ পল্টনবজাৰ বিহুৰ মূখ্য উপদেষ্টা পদত অধিষ্ঠিত হৈ আছে।
