Odisha:✒️ওড়িশাত সংঘটিত এক মৰ্মান্তিক ঘটনাই সমগ্ৰ দেশক স্তম্ভিত কৰি তুলিছে। গভীৰ নিশা এখন বৃহৎ চৰকাৰী চিকিৎসালয়ৰ ICU বিভাগত হঠাতে ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়।
জুই আৰু ঘন ধোঁৱাৰ মাজত আৱদ্ধ হৈ কমেও ১০ জন ৰোগীয়ে প্ৰাণ হেৰুৱায়। ঘটনাটোৰ পাছতে চিকিৎসালয়খনত আতংক আৰু হাহাকাৰৰ পৰিৱেশ সৃষ্টি হয়।
এই ঘটনাটো সংঘটিত হয় ওড়িশাৰ কটকত অৱস্থিত এছ চি বি মেডিকেল কলেজ আৰু হাস্পতাল(SCB Medical College and Hospital)ত। তথ্য অনুসৰি , পুৱতি নিশা হঠাতে ICU বিভাগৰ ভিতৰত জুই লাগে। সেই সময়ত ICUত বহু গুৰুতৰ অসুস্থ ৰোগী চিকিৎসাধীন আছিল।
জুই লাগাৰ লগে লগে চিকিৎসালয়ৰ ভিতৰত চাঞ্চল্য সৃষ্টি হয় আৰু চিকিৎসক-কৰ্মচাৰীয়ে তৎক্ষণাৎ উদ্ধাৰ অভিযান আৰম্ভ কৰে।
অগ্নিনিৰ্বাপক বাহিনী ঘটনাস্থলীত উপস্থিত হৈ বহু ৰোগীক অন্য বিভাগলৈ স্থানান্তৰ কৰে। তথাপিও জুই আৰু ধোঁৱাৰ তীব্ৰতাৰ বাবে বহু ৰোগীক বচাব নোৱাৰা হয়।
প্ৰাথমিক তথ্য অনুসৰি সাতজন ৰোগীৰ ঘটনাস্থলতেই মৃত্যু হয়, আন কেবাজনক স্থানান্তৰ কৰাৰ সময়ত মৃত্যুৰ ঘটনা ঘটে।
এই ঘটনাত কেবাজন চিকিৎসালয় কৰ্মচাৰীও আহত হৈছে। তেওঁলোকৰ বহুতেই ICUত থকা ৰোগীসকলক উদ্ধাৰ কৰাৰ সময়ত দগ্ধ হয়। আহতসকলক চিকিৎসালয়ৰ অন্য বিভাগত চিকিৎসা প্ৰদান কৰা হৈছে।
প্ৰাথমিক তদন্তত ধাৰণা কৰা হৈছে যে বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলতেই এই ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হ’ব পাৰে। যদিও ঘটনাটোৰ সঠিক কাৰণ জানিবলৈ চৰকাৰে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে।
ঘটনাটোৰ পিছতে ওড়িশাৰ মুখ্যমন্ত্ৰী মোহন চৰণ মাজী(Mohan Charan Majhi)য়ে গভীৰ শোক প্ৰকাশ কৰে। তেওঁ নিহতসকলৰ পৰিয়াললৈ সহায়ৰ বাবে ক্ষতিপূৰণ ঘোষণা কৰাৰ লগতে আহতসকলৰ চিকিৎসাৰ সম্পূৰ্ণ দায়িত্ব চৰকাৰে ল’ব বুলি জানিবলৈ দিয়ে।
এই মৰ্মান্তিক ঘটনাই পুনৰবাৰ দেশৰ চিকিৎসালয়সমূহত অগ্নি-নিৰাপত্তা ব্যৱস্থাক লৈ গুৰুতৰ প্ৰশ্ন উত্থাপন কৰিছে। ICUৰ দৰে গুৰুত্বপূৰ্ণ বিভাগত এই ধৰণৰ অগ্নিকাণ্ডে বহু মূল্যবান জীৱন কঢ়িয়াই নিয়াত সমগ্ৰ দেশত শোকৰ ছাঁ পৰিছে।































