Cosmic:মহাজাগতিক ‘মস্তিষ্ক’ বিচাৰি পালে জেমছ ৱেবে

পাঁচ হেজাৰ আলোকবর্ষ দূৰত্বত দেখা গ'ল তৰাৰ অন্তিম দশা

WhatsApp Image 2026 03 17 at 5.19.34 PM

Cosmic:

দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:কোৱা হয় যে এই ব্ৰহ্মাণ্ডৰ ৰসবোধ সাংঘাতিক। পাঁচ হেজাৰ আলোকবর্ষ দূৰত ভেলা নক্ষত্রপুঞ্জত দেখা পোৱা গ’ল তৰাৰ মৃত্যুৰ দৃশ্য। লগতে সেই সময়তে এনে এক দৃশ্যও দেখা গ’ল, যাক দেখিবলৈ অবিকল মানুহৰ মস্তিষ্কৰ দৰে লাগে। ইয়াক কেন্দ্ৰ কৰি সৃষ্টি হৈছে অপাৰ বিস্ময়।

ইতিমধ্যে ভাইৰেল হৈ পৰিছে ইয়াৰ ফটো। জ্যোতির্বিজ্ঞানীসকলে ইয়াৰ নাম ৰাখিছে ‘নেবুলা পিএমআৰ ১’ কিন্তু ইয়াৰ ভাল নাম। ইয়াৰ উপনাম হৈছে ‘উন্মুক্ত কৰোটি’। সদ্য জেমছ রেব স্পেচ টেলিস্কোপৰ লেন্সত ধৰা পৰিছে এই দৃশ্য। উল্লেখ্য যে এটা নেবুলা গঠিত হয় ধূলিকণা, হাইড্র’জেন, হিলিয়াম আৰু অন্যান্য আয়নিত গেছৰ মিশ্রণত। ই আচলতে নতুন তৰাৰ জন্মস্থল।

একে লগতে মৃত্যুমুখত পৰা নক্ষত্ৰবোৰৰ কবৰ বুলিও ক’ব পাৰি, যাক কোৱা হয় ছুপাৰনোভা। আলোচিত নেবুলাৰটোৰ নাম ক্রেনিয়াম নেবুলা। ই এটা প্লেনেটৰী নেবুলা। অৱশ্যে এই নাম সত্ত্বেও ই কোনোপধ্যেই কোনো গ্রহ নহয়।

বৰঞ্চ ই ক্ৰমশঃ প্ৰসাৰিত হৈ আছে।কোনো তৰাই যেতিয়া নিজৰ শেষ দশাত উপস্থিত হয়, তেতিয়া সি তাৰ ‘পেট’ৰ সকলো ইন্ধন হেৰুৱাই পেলায়। এই সময়ত তাৰ বাহিৰৰ স্তৰৰ গেছ আৰু ধূলিক তৰাটোৱে ত্যাগ কৰি থাকে। ফলত তাৰ বাহিৰত এটা খোলা তৈয়াৰ হয়। জেমছ ৱেবৰ সংগৃহীত ফটোত সেই অৱস্থাই দেখা গৈছে।

সেই ফটো দেখি এনেকুৱা ধাৰণা হৈছে যেন তাৰ শৰীৰৰ পৰা মাংসহে খহি পৰিছে তথা বাহিৰৰ স্তৰবোৰ শূন্যৰ দিশে বিলীন হৈ গৈছে। এনে আশ্চর্য দৃশ্য দেখি মহাকাশপ্রেমী লোকসকল মুগ্ধ হৈ পৰিছে।২০২১ৰ ডিচেম্বৰতে মহাকাশত উপস্থিত হৈছিল উচ্চ প্রযুক্তি সম্পন্ন জেমছ ৱেব স্পেচ টেলিস্কোপ। প্রায় দুসপ্তাহৰ পাছত সেইটো কর্মক্ষম হৈ উঠে।

হাবল স্পেচ টেলিস্কোপৰ উত্তৰসূৰীয়ে তেতিয়াৰে পৰাই বিভিন্ন মহাজাগতিক আশ্চৰ্যকৰ ফটো বিয়পি পৰিছে। হাবলৰ তুলনাত জেমছ ৱেবৰ ফটোসমূহ আৰু নিখুঁত তথা স্পষ্ট। এইবাৰ সেই টেলিস্কোপতে ধৰা পৰিল তৰাৰ অন্তিম দশা।

Exit mobile version