Varanasi:✒️উত্তৰ প্ৰদেশৰ বাৰাণসী (Varanasi)ত সংঘটিত এক ঘটনাই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্য। পৱিত্ৰ গংগা নদী (Ganga River)ৰ মাজত নাওত উঠি ইফতাৰ উপলক্ষে বিৰিয়ানি পাৰ্টি আয়োজন কৰাৰ অভিযোগত আৰক্ষীয়ে ১৪ জন যুৱকক গ্ৰেপ্তাৰ কৰিছে।
আৰক্ষী সূত্ৰ অনুসৰি, ঘটনাটো সংঘটিত হৈছিল গংগাৰ মাজত চলি থকা এখন মোটৰবোটত। অভিযুক্তসকলে তাত ইফতাৰ আয়োজন কৰি চিকেন বিৰিয়ানি খায় আৰু অভিযোগ অনুসৰি খাদ্যৰ অৱশিষ্ট—বিশেষকৈ হাড় আদি—নদীত পেলাই দিয়ে। এই ঘটনাৰ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পিছতেই বিষয়টো পোহৰলৈ আহে।
ভিডিঅ’টো প্ৰচাৰ পোৱাৰ লগে লগে স্থানীয় লোকৰ মাজত প্ৰতিক্ৰিয়া সৃষ্টি হয় আৰু আৰক্ষীয়ে তৎক্ষণাৎ তদন্ত আৰম্ভ কৰে। তদন্তৰ পাছতে ২৪ ঘণ্টাৰ ভিতৰতেই ঘটনাৰ স’তে জড়িত ১৪ জনক আটক কৰা হয়।
আৰক্ষীয়ে জনাইছে যে ঘটনাটোক কেন্দ্ৰ কৰি বিভিন্ন ধৰণৰ অভিযোগত গোচৰ ৰুজু কৰা হৈছে। ইয়াত ধৰ্মীয় অনুভূতিত আঘাত, পৱিত্ৰ নদীৰ অপমান আৰু পৰিবেশ দূষণৰ বিষয়সমূহ অন্তৰ্ভুক্ত কৰা হৈছে। তথ্য অনুসৰি অভিযুক্তসকলৰ বয়স প্ৰায় ২০ৰ পৰা ৩০ বছৰৰ ভিতৰত ।
প্ৰাথমিক তদন্তত এই কথাও পোহৰলৈ আহিছে যে ছ’চিয়েল মিডিয়াৰ বাবে ভিডিঅ’ বনাবলৈ এই পাৰ্টিটো আয়োজন কৰা হৈছিল। এই দিশটোও আৰক্ষীয়ে গুৰুত্বসহকাৰে পৰ্যালোচনা কৰি আছে।































