Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    BJP Parliamentary Comittee Board:আজিয়ে বিজেপি প্ৰাৰ্থী তালিকাত সংসদীয় বৰ্ডে মাৰিব মোহৰ

    Helicopter:ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলৰ মাজত আৰম্ভ হেলিকপ্টাৰ উৰুওৱাৰ প্রতিযোগিতা

    Asom Nagarik Sanmilon:বিজেপিক উৎখাতৰ স্বাৰ্থত কংগ্ৰেছৰে মিত্ৰতাৰ পোষকতা অসম নাগৰিক সন্মিলনৰ

    দিল্লীৰ কেন্দ্ৰীয় নেতৃত্বৰে বৈঠকত চূড়ান্ত প্রার্থী তালিকা

    Senior Utpal Chakraborty Passes Away:মহানগৰীৰ জ্যেষ্ঠ সাংবাদিক উৎপল চক্ৰৱৰ্তীৰ অকাল বিয়োগ

    Pradyut Bordoloi:কংগ্ৰেছ বৰঘৰত মুখ্যমন্ত্ৰীৰ এজেণ্ট !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    তিক্ততা পাহৰি ‘ৰাজনীতি ২’ত অভিনয় কৰিব ৰণবীৰ-কেটৰিণাই!

    বিয়াত বহিল মহাকুম্ভৰ ভাইৰেল গাৰ্ল মনালিছা! 

    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    লাইট জুলাই বা টিভি চলাই শোৱাৰ অভ্যাস!

    লাইট জুলাই বা টিভি চলাই শোৱাৰ অভ্যাস!

    চাকৰিৰ জগতত নতুন ট্রেন্ড ‘লিলি পেডিং’

    চাকৰিৰ জগতত নতুন ট্রেন্ড ‘লিলি পেডিং’

    আপোনাৰ ফোনত কেমেৰা ৰিং লগোৱাটো প্রয়োজনীয় নেকি?

    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

দিল্লীৰ কেন্দ্ৰীয় নেতৃত্বৰে বৈঠকত চূড়ান্ত প্রার্থী তালিকা

বিজেপিৰ আধা ডজন মন্ত্রী-বিধায়ক বঞ্চিত

publisher by publisher
March 18, 2026
in Assam, News
Reading Time: 1 min read
0
দিল্লীৰ কেন্দ্ৰীয় নেতৃত্বৰে বৈঠকত চূড়ান্ত প্রার্থী তালিকা
2
SHARES
15
VIEWS
ShareShareShareShare

BJP :✒️দিল্লীত চূড়ান্ত হ’ল বিজেপিৰ প্রার্থী তালিকা। লগতে মিত্র দল অসম গণ পৰিষদ আৰু বিপিএফক এৰি দিবলগীয়া সমষ্টিসমূহো চূড়ান্ত কৰে বিজেপিৰ নেতৃত্বই। মঙ্লবাৰে নতুন দিল্লীৰ মতিলাল নেহৰু মাৰ্গত থকা বিজেপিৰ – প্রাক্তন সভাপতি তথা কেন্দ্রীয় মন্ত্রী জে পি নড্ডাৰ বাসভৱনত দলৰ সভাপতি নীতিন নবীনৰ অধ্যক্ষতাত দুপৰীয়া এক বজাৰ পৰা অনুষ্ঠিত বৈঠকত এই তালিকা চূড়ান্ত কৰা হয় বুলি সদৰী কৰে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই।

ADVERTISEMENT

মুখ্যমন্ত্রীয়ে লগতে জনায় – যে আজি বিজেপিৰ কেন্দ্ৰীয় সংসদীয় সমিতিৰ বৈঠক অনুষ্ঠিত হ’ব। তাত অনুমোদন হ’লে আজি সন্ধিয়া অথবা কাইলৈ পুৱা বিজেপিৰ সম্পূৰ্ণ প্রার্থী তালিকা ঘোষণা হ’ব। মুখ্যমন্ত্রী ড° শর্মাই লগতে ঘোষণা কৰে যে ৮৯টা সমষ্টিত বিজেপিয়ে প্রতিদ্বন্দ্বিতা কৰিব। ইয়াৰ বিপৰীতে অগপক এৰি দিয়া হৈছে ২৬টা সমষ্টি আৰু বিপিএফক এৰি দিয়া হৈছে ১১টা সমষ্টি। ইউপিপিএলক এনডিএৰ পৰা আঁতৰাই এই মিত্রতা চূড়ান্ত কৰা বিষয়টো লক্ষ্যণীয় হৈ পৰিছে।

RelatedPosts

Helicopter:ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলৰ মাজত আৰম্ভ হেলিকপ্টাৰ উৰুওৱাৰ প্রতিযোগিতা

উন্নয়ন-দুর্নীতিৰ শূন্যসহনশীলতা ধ্বনিৰ বিপৰীত ছবি বাস্তৱত

অথচ কেইদিনমান পূর্বে বিজেপিয়ে সমর্থন জনাই ইউপিপিএলৰ সভাপতি প্রমোদ বড়োক ৰাজ্যসভালৈ নির্বাচিত কৰিছিল। প্রার্থী তালিকা চূড়ান্ত হোৱা বুলি ঘোষণাৰ লগে লগে বিজেপি শিবিৰত উৎকণ্ঠাও বৃদ্ধি পাইছে। কোনে পাব প্রার্থিত্ব, তাকে লৈ জল্পনা-কল্পনাও তুংগত উঠিছে শাসক দলটোত। চর্চা অনুসৰি, আজিৰ বৈঠকৰ সিদ্ধান্ত মর্মে প্রার্থিত্বৰ পৰা বঞ্চিত হ’ব বৰ্তমানৰ মন্ত্রীসহ কে’বাজনো জ্যেষ্ঠ নেতা-বিধায়ক। ইয়াৰ বিপৰীতে ভূমুকি মাৰিব বহু নতুন মুখে।আকৌ এনে কে’বাখনো মুখে এইবাৰৰ নির্বাচনত অবতীর্ণ হ’ব, যাক লৈ বৰ বিশেষ চর্চা নহয়।সমষ্টিও সলনি হৈছে কে’বাজনো নেতাৰ। তালিকা প্রস্তুতত মুখ্যমন্ত্ৰীৰ উপৰি কেন্দ্ৰীয় মন্ত্রী তথা প্রাক্তন মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালেও প্ৰভাৱ বিস্তাৰ কৰা বুলি চর্চিত হৈছে। তেওঁৰ ফৈদৰ বুলি নাম আলোচিত হৈ অহা কে’বাজনকো এইবাৰ প্রার্থী প্রক্ষেপ কৰিবলৈ সক্ষম হয়।

বিশেষকৈ পূব অসমৰ প্রার্থী তালিকা প্রস্তুতত সোণোৱালৰ পৰামৰ্শক গুৰুত্ব সহকাৰে গ্ৰহণ কৰে কালিৰ বৈঠকে। কাৰণ পূব অসমত বিজেপিৰ ভোটৰ ৰাজনীতি এইবাৰ পূৰ্বৰ দৰে মসৃণ হৈ থকা নাই। সেয়েহে সোণোৱালে দিয়া পৰামৰ্শ আৰু প্ৰাৰ্থীৰ নামৰ প্রস্তাবে গুরুত্ব লাভকৰে। ইপিনে, অসমত দলৰ সম্ভাৱনাক লৈ সমষ্টিভিত্তিক জৰীপ গৃহমন্ত্রী অমিত শ্বাহেও নিজাববীয়াকৈ চলাইছিল। সেই জৰীপৰ ফলাফলে স্বাভাবিকতে একাংশ প্রার্থী বাছনিত ভূমিকা গ্রহণ কৰে।

কালিৰ বৈঠকে বিবেচনা কৰা অনুসৰি, ডিব্ৰুগড়ত এইবাৰ মন্ত্রী প্রশান্ত ফুকনে প্রার্থিত্ব নোপোৱাৰ সম্ভাৱনাই অধিক। সমষ্টিটোত প্রাক্তন বিধায়ক তথা অসম পর্যটন উন্নয়ন নিগমৰ উপাধ্যক্ষ ঋতুপর্ণ বৰুৱাক প্রার্থিত্ব প্রদানৰ সম্ভাৱনা আছে বুলি চর্চা চলিছে। তেনেদৰে তিনিচুকীয়াৰ বিধায়ক সঞ্জয় কিষাণৰ স্থানত ৰাজ্যিক বিজেপিৰ উপ-সভাপতি পুলক গোহাঁইক প্রক্ষেপ কৰা হৈছে। ইপিনে, তেৰছ গোৱালা ৰাজ্যসভালৈ নির্বাচিত হোৱাত দুলীয়াজানত প্রার্থী হ’ব অলপতে বাজ্যসভাৰ সাংসদৰ কাৰ্যকাল শেষ হ’বলগীয়া প্রাক্তন কেন্দ্রীয় মন্ত্ৰী ৰামেশ্বৰ তেলী। ডিগবৈত সোণোৱালৰ ঘনিষ্ঠ বুলি পৰিচিত লক্ষ্য কোঁৱৰ প্ৰাৰ্থী হোৱাৰ সম্ভাৱনা অধিক।

নৱগঠিত মাকুম সমষ্টিত প্রার্থী প্রক্ষেপ কৰা হৈছে বুলি চর্চা চলিছে মৰাণ ছাত্ৰ সন্থাৰ প্রাক্তন সভাপতি অৰুণজ্যোতি মৰাণক। ইয়াৰ বিপৰীতে পূব অসমৰ অন্যান্য সমষ্টিবোৰৰ প্ৰাৰ্থী সলনি হোৱাৰ সম্ভাৱনা কম। শিৱসাগৰত এইবাৰ প্ৰাৰ্থী হোৱাৰ সম্ভাৱনা অধিক যোৰহাটৰ প্ৰাক্তন সাংসদ তপন গগৈ। মন্ত্রী তথা ৰাজ্যসভালৈ সদ্য নির্বাচিত সাংসদ যোগেন মহনৰ স্থানত মাহমৰাত প্রার্থী হ’ব বুলি চর্চা চলিছে সুবজ দিহিঙীয়াৰ নাম।

তিতাবৰত চর্চাত আছে আটছাৰ প্রাক্তন সভাপতি ধীৰাজ গোৱালাৰ নাম। প্রদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে প্রতিদ্বন্দ্বিতা কৰিবলগীয়া যোৰহাট সমষ্টিৰ ৰাজনীতি ইতিমধ্যে লক্ষ্যণীয় হৈ পৰিছে। গগৈৰ বিৰুদ্ধে পুনৰ বিধায়ক হিতেন্দ্র নাথ গোস্বামীক প্ৰক্ষেপ কৰা হ’ব নেকি, ইয়াকে লৈ দীঘলীয়া চলে। সেই সূত্রে যোৰহাট জিলা বিজেপিৰ সভাপতি শান্তনু পূজাৰী, যুৱ নেতা সিদ্ধাংকু অংকুৰ বৰুৱাৰ নাম বিবেচনা কৰা হয়। শেহতীয়া খবৰ মতে, সিদ্ধাংকু অংকুৰ বৰুৱাৰ লগতে হিতেন্দ্র নাথ গোস্বামীৰ নামো অন্তর্ভুক্ত কৰি শেষ সিদ্ধান্ত ল’বলৈ কালিৰ বৈঠকে কেন্দ্রীয় সংসদীয় ব’ৰ্ডলৈ দায়িত্ব প্ৰেৰণ কৰে। দেৰগাঁৱত প্রাক্তন কংগ্রেছ নেত্রী বিস্মিতা গগৈয়ে প্রার্থিত্ব লাভ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে।

ইপিনে, প্রার্থিত্বৰ পৰা বঞ্চিত হোৱাৰ আশংকা পৰিলক্ষিত হৈছে বিহপুৰীয়াৰ বিধায়ক অমিয় কুমাৰ ভূঞাৰ। সমষ্টিটোৰ প্রার্থী হ’ব পাৰে প্রাক্তন প্রদেশ কংগ্ৰেছ সভাপতি তথা ন-বিজেপি ভূপেন কুমাৰ বৰা। একেদৰে প্রার্থিত্বৰ পৰা বঞ্চিত হোৱাৰ সম্ভাৱনা আছে বিশ্বনাথৰ বিধায়ক প্রমোদ বৰঠাকুৰ। দীর্ঘ প্রচেষ্টাৰ মূৰত বিশ্বনাথ সমষ্টিৰ জৰিয়তে পুনৰ ৰাজ্যৰ ৰাজনীতিলৈ উভতি অহাৰ সম্ভাৱনা আছে প্রাক্তন সাংসদ পল্লৱ লোচন দাস। বিশ্বনাথৰ গাতে লাগি থকা ৰঙানদীৰ প্রার্থী হ’ব পাৰে ঋষিৰাজ হাজৰিকা। ৰঙাপৰাত বৰ্তমানৰ বিধায়ক কৃষ্ণ কমল তাঁতীয়েই প্রার্থিত্ব লাভ কৰাৰ সম্ভাৱনা প্রকাশ কৰে উচ্চস্তৰীয় দলীয় সূত্রই।

আনহাতে, বৰছলাত বিধায়ক গণেশ লিম্বুৰ পৰিৱৰ্তে প্ৰাৰ্থিত্বৰ দৌৰত শীৰ্ষত আছে ঋতুবৰণ শর্মা। নৱগঠিত সমষ্টিত নতুন মুখ হিচাপে চিৰিবৰগাঁৱত প্রার্থিত্ব লাভৰ সম্ভাৱনা অধিক স্থানীয় সাংসদ প্রদান বৰুৱাৰ পত্নী অৰুণিমা বৰুৱাৰ। বিহালীত প্রার্থিত্ব লাভৰ সম্ভাৱনা আছে অৰূপ দাসৰ।

লক্ষ্যণীয়ভাৱে ৰাজ্যসভাৰ সাংসদৰ কাৰ্যকাল অলপতে শেষ হ’বলগীয়া ভুৱনেশ্বৰ কলিতাও এইবাৰ বিধানসভা নির্বাচনৰ বিজেপি প্রার্থী হোৱাৰ সম্ভাৱনা অধিক। কলিতাক ৰঙিয়াৰ প্ৰাৰ্থী প্রক্ষেপ কৰা হৈছে বুলি চর্চা চলিছে। ইয়াৰ ফলত ভবেশ কলিতাক কাষৰীয়া গোৰেশ্বৰত প্ৰক্ষেপ কৰা হ’ব পাৰে বুলি সূত্রত প্রকাশ। অৱশ্যে ভৱেশ কলিতাই গোৰেশ্বৰৰ প্রার্থী হোৱাৰ ইচ্ছা পূৰ্বৰে পৰা বিভিন্ন স্থানত প্রকাশ কৰি আহিছে।

কাৰণ সমষ্টি পুনর্নির্ধাৰণৰ ফলত তেওঁৰ ভোট বেংকৰ এটা বৃহৎ অংশ ৰঙিয়াৰ পৰা কৰ্তন হৈ নৱগঠিত গোৰেশ্বৰত অন্তর্ভুক্ত হয়। অৱশ্যে কালি ইউপিপিএলৰ সভাপতি প্রমোদ বড়ো তামুলপুৰ সমষ্টিত প্রার্থীৰূপে অৱতীৰ্ণ হ’ব বুলি ঘোষণা কৰাৰ পাছত অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে গোৰেশ্বৰ সমষ্টিত প্রার্থী হ’বলৈ আগ্রহ প্রকাশ কৰিছে।

আনহাতে, জালুকবাৰীত অৱধাৰিতভাবে প্রার্থী হ’ব মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা। নিউ গুৱাহাটীত সিদ্ধার্থ ভট্টাচার্য প্রার্থী হ’ব। দিছপুৰৰ আসনখন আজি খালী ৰখা হয়। সম্ভাব্য প্রার্থীৰূপে তাত কেৱল চামগুৰিৰ বিধায়ক দীপ্লুৰঞ্জন শৰ্মাৰ নামটো ৰখা হৈছে। মধ্য গুৱাহাটীক লৈ অগপ আৰু বিজেপিৰ মাজত তীব্র টনা-আঁজোৰা চলি আহিছে। আজিৰ বৈঠকখনক লৈ হোৱা চর্চা অনুসৰি, অগপই বহু যুঁজ-বাগৰ কৰিলেও মধ্য গুৱাহাটী বিজেপিয়ে এৰি নিদিলে। ফলত সমষ্টিটোত বিজেপিৰ প্ৰাৰ্থীৰূপে নাম চৰ্চালৈ আহিছে জুৰি শৰ্মা বৰদলৈৰ।

অভয়াপুৰী সমষ্টিত প্রার্থিত্ব প্রদানৰ সম্ভাৱনা আছে সম্প্ৰতি দলত যোগদান কৰা ভূপেন ৰায়ক। মঙলদৈত নীলিমা ডেকা আৰু ছিপাঝাৰত প্ৰণৱ নাৰায়ণ দেৱৰ সম্ভাৱনা প্রকাশ পাইছে। সেয়া হ’বলৈ হ’লে বিধায়ক পৰমানন্দ ৰাজবংশী বঞ্চিত হ’ব। বিধানসভাত এইবাৰ আমৰিৰ পৰা নিৰ্বাচনত প্রার্থিত্ব লাভ কৰিব পাৰে কাৰ্বি পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে।

আনহাতে, নতুন সমষ্টি হিচাপে মন্ত্রী চন্দ্র মোহন পাটোৱাৰীয়ে টিহুত প্রতিদ্বন্দ্বিতা কৰিব বুলি চর্চা চলিছে। একেদৰে ভৱানীপুৰ সংযোজিত হোৱা নৱগঠিত ভৱানীপুৰ-সৰভোগ সমষ্টিত প্রার্থী হ’ব মন্ত্রী বঞ্জিত কুমাৰ দাস। দাসে প্রতিনিধিত্ব কৰা পূৰ্বৰ পাটাছাৰকুছি তথা বৰ্তমানৰ বজালী সমষ্টিটো অগপক এৰি দিয়া হৈছে। আনহাতে, ভৱানীপুৰৰ বিধায়ক ফণীধৰ তালুকদাৰক প্রার্থিত্ব দিয়া হ’ব পাৰে নৱগঠিত মানাহ সমষ্টিত।

এনে সালসলনি আৰু নতুন মুখৰ বাদে বাকী সমষ্টিবোৰৰ অধিকাংশতে বৰ্তমানৰ বিধায়কসকলেই প্রার্থিত্ব লাভ কৰা বুলি চর্চা হৈছে। সেই অনুসৰি, শদিয়াত বলিন চেতিয়া, মৰিয়নিত ৰূপজ্যোতি কুর্মী, নাহৰকটীয়াত তৰংগ গগৈ, ডুমডুমাত ৰূপেশ গোৱালা, টিংখাঙত বিমল বড়া, খোৱাঙত চক্ৰধৰ গগৈ, ডিমৌত সুশান্ত বৰগোহাঁই, খুমটাইত মৃণাল শইকীয়া, চাবুৱা-লাহোৱালত বিনোদ হাজৰিকা, গোলাঘাটত অজন্তা নেওগ, সৰুপথাৰত বিশ্বজিৎ ফুকন, মাজুলীত ভুবন গাম, মাৰ্ঘেৰিটাত ভাস্কৰ শৰ্মা, ধেমাজিত ডাঃ ৰণোজ পেণ্ড, ঢকুৱাখনাত নৱ কুমাৰ দলে, জোনাইত ভুৱন পেণ্ড, লখিমপুৰত মানৱ ডেকা, নদুৱাৰত পদ্ম হাজৰিকা, গহপুৰত উৎপল বৰা, ঢেকিয়াজুলিত অশোক সিংহল, কমলপুৰত দিগন্ত কলিতা, নলবাৰীত জয়ন্ত মল্লবৰুৱা, বৰক্ষেত্ৰীত নাৰায়ণ ডেকা, বিজনীত অজয় কুমাৰ ৰায়ে পুনৰ প্রার্থিত্ব লাভ কৰিব। একেদবে নগাঁৱত ৰূপক শৰ্মা, জাগীৰোডত পীযুষ হাজৰিকা, মৰিগাঁৱত ৰমাকান্ত দেউৰী, ৰহাত অলপতে বিজেপিত যোগদান কৰা শশীকান্ত দাস, কাটিগড়াত কমলাক্ষ্য দে পুৰকায়স্থ, উদাৰবন্দত ৰাজদ্বীপ গোৱালা, বাতাবাৰীত বিজয় মালাকাৰ, শিলচৰত দ্বীপায়ন চক্রবর্তী, হাফলঙত নন্দিতা গর্লোছা, বোকাজানত ডাঃ নোমল মমিনে প্রার্থিত্ব লাভ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: BJP
publisher

publisher

Related Posts

BJP Parliamentary Comittee Board:আজিয়ে বিজেপি প্ৰাৰ্থী তালিকাত সংসদীয় বৰ্ডে মাৰিব মোহৰ
News

BJP Parliamentary Comittee Board:আজিয়ে বিজেপি প্ৰাৰ্থী তালিকাত সংসদীয় বৰ্ডে মাৰিব মোহৰ

March 18, 2026
Helicopter:ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলৰ মাজত আৰম্ভ হেলিকপ্টাৰ উৰুওৱাৰ প্রতিযোগিতা
News

Helicopter:ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলৰ মাজত আৰম্ভ হেলিকপ্টাৰ উৰুওৱাৰ প্রতিযোগিতা

March 18, 2026
Asom Nagarik Sanmilon:বিজেপিক উৎখাতৰ স্বাৰ্থত কংগ্ৰেছৰে মিত্ৰতাৰ পোষকতা অসম নাগৰিক সন্মিলনৰ
News

Asom Nagarik Sanmilon:বিজেপিক উৎখাতৰ স্বাৰ্থত কংগ্ৰেছৰে মিত্ৰতাৰ পোষকতা অসম নাগৰিক সন্মিলনৰ

March 18, 2026
Senior Utpal Chakraborty Passes Away:মহানগৰীৰ জ্যেষ্ঠ সাংবাদিক উৎপল চক্ৰৱৰ্তীৰ অকাল বিয়োগ
News

Senior Utpal Chakraborty Passes Away:মহানগৰীৰ জ্যেষ্ঠ সাংবাদিক উৎপল চক্ৰৱৰ্তীৰ অকাল বিয়োগ

March 18, 2026
Pradyut Bordoloi:কংগ্ৰেছ বৰঘৰত মুখ্যমন্ত্ৰীৰ এজেণ্ট !
News

Pradyut Bordoloi:কংগ্ৰেছ বৰঘৰত মুখ্যমন্ত্ৰীৰ এজেণ্ট !

March 18, 2026
এল পি জি চিলিণ্ডাৰৰ ক’লা বিপণন ৰোধৰ বাবে কেন্দ্ৰৰ নতুন কৌশল
India

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d