Helicopter crash in East Nepal:
হিমালয়ান দেশ নেপালৰ পূৰ্বাঞ্চলৰ খোটাং জিলাত অৱতৰণ কৰি থকা অৱস্থাত দুৰ্ঘটনাগ্ৰস্ত হয় এয়াৰ ডাইনেষ্টীৰ এখন হেলিকপ্টাৰ। এই ঘটনাত কথমপি প্ৰাণৰক্ষা পাইলট ছাবিন থাপা সহ আন চাৰিজন যাত্ৰীৰ ৷অৱশ্যে গুৰুতৰভাৱে আহত হয় এজন যাত্ৰী ৷
প্ৰাপ্ত খবৰ অনুসৰি বুধবাৰে পুৱা প্ৰায় ১১:৫১ বজাত ভাগত পূব নেপালৰ খোটাং জিলাত অৱতৰণ কৰি থকা অৱস্থাত দুৰ্ঘটনাগ্ৰস্ত হয় এয়াৰ ডাইনেষ্টীৰ এখন হেলিকপ্টাৰ। এখন পথাৰত অৱতৰণ কৰাৰ সময়ত প্ৰচণ্ড বতাহ আৰু ধূলিৰ বাবে নিয়ন্ত্ৰণ হেৰুৱাইছিল হেলিকপ্টাৰখন। দুৰ্ঘটনাত এজন যাত্ৰী আহত হোৱাৰ বিপৰীতে বাকী আটাইকেইজন নিৰাপদ। । এই ৯এন-এএছকিউ নামৰ পঞ্জীয়ন কৰা হেলিকপ্টাৰখনত কাঠমাণ্ডুৰ পৰা অনা হৈছিল এজন ব্যক্তিৰ মৃতদেহ ।
আনহাতে দুৰ্ঘটনাটো সংঘটিতৰ পিছতে ঘটনাস্থলীত লগে লগে কোম্পানীটোৱে উদ্ধাৰৰ বাবে দ্বিতীয়খন হেলিকপ্টাৰ প্ৰেৰণ কৰে। আহত যাত্ৰীজনক ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱাৰ ব্যৱস্থা কৰে ৷। প্ৰাথমিক অনুসন্ধানৰ পৰা জানিব পৰা গৈছে যে পথাৰত প্ৰচণ্ড বতাহ বা ধূলিৰ বাবে হেলিকপ্টাৰখন অৱতৰণৰ সময়ত নিয়ন্ত্ৰণ হেৰুৱাইছিল। পাইলটে নিজৰ সকলো শক্তিৰে কৌশল চলাবলৈ চেষ্টা কৰিছিল যদিও অৱতৰণৰ অন্তিম পৰ্যায়ত দুৰ্ঘটনাটো সংঘটিত হয়।
