Chhattisgarh:✒️ছত্তীশগড়ত অবৈধ LPG ব্যৱহাৰ আৰু চোৰা বজাৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে ব্যাপক অভিযান চলাইছে। বিভিন্ন জিলাত একেলগে চলোৱা এই অভিযানত ২০০ৰো অধিক স্থানত তল্লাচি চলোৱা হয় আৰু তাৰ ফলস্বৰূপে ১০০০ৰো অধিক গেছ চিলিণ্ডাৰ জব্দ কৰা হৈছে।
খাদ্য আৰু নাগৰিক যোগান বিভাগৰ তত্বাৱধানত চলোৱা এই অভিযানৰ মূল লক্ষ্য আছিল ঘৰুৱা ব্যৱহাৰৰ LPG চিলিণ্ডাৰ বাণিজ্যিক ক্ষেত্ৰত অবৈধভাৱে ব্যৱহাৰ কৰা আৰু বৃহৎ পৰিমাণে মজুত কৰি ৰখা কাৰ্য বন্ধ কৰা।
চৰকাৰী সূত্ৰৰ মতে, বহু ব্যৱসায়িক প্ৰতিষ্ঠান আৰু গুদামত অবৈধভাৱে সংৰক্ষণ কৰা চিলিণ্ডাৰ উদ্ধাৰ কৰা হৈছে।
অভিযানত সৰ্বাধিক জব্দৰ ঘটনা ৰাজ্যৰ ৰাজধানী ৰায়পুৰত ধৰা পৰিছে, য’ত চোৰা বজাৰ জাল অধিক বিস্তৃত বুলি অনুমান কৰা হৈছে।
এই অভিযানত জড়িতসকলৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰাৰো প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে।
চৰকাৰৰ মতে, এই ধৰণৰ অপব্যৱহাৰৰ ফলতেই সাধাৰণ গ্ৰাহকৰ বাবে LPG যোগানত অসুবিধা সৃষ্টি হয়। সেয়ে এই অভিযানৰ জৰিয়তে নিয়ম ভংগকাৰীৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ লোৱা হৈছে যাতে বজাৰত স্বাভাৱিক যোগান বজাই ৰখা যায়।
উল্লেখযোগ্য যে, শেহতীয়া সময়ছোৱাত LPG যোগান আৰু মূল্য বৃদ্ধিৰ প্ৰেক্ষাপটত এই অভিযান অধিক গুৰুত্বপূর্ণ বুলি বিবেচনা কৰা হৈছে।































