Johan Eliasch : চৰকাৰে কৰিব নোৱাৰা কাম কৰিলে এজন অবুর্দপতিয়ে। একাংশ উদ্যোগপতিৰ লোলুপ দৃষ্টি পৰা পৃথিৱীৰ হাঁওফাঁওৰ স্বৰূপ এমাজন বৰ্ষাৰণ্যক ৰক্ষাৰ উদ্দেশ্যে আগবাঢ়ি আহিল ছুইডেনৰ এজন অর্বুদপতি।
অৰণ্যখনৰ চাৰি লাখ একৰ ভূমি ক্ৰয় কৰি সেউজ আৱৰণ ৰক্ষাৰ পদক্ষেপ ল’লে ছুইডেনৰ অর্বুদপতি জোহান এলিয়াস্কে। তেওঁ ক্ৰয় কৰা অৰণ্যখনৰ এই বৃহৎ পৰিসৰৰ ভূমি ব্রাজিলৰ অন্তৰ্গত। এই বৃহৎ পৰিসৰৰ গছ-বন ৰক্ষাৰ ব্যৱস্থা কৰিছে অর্বুদপতিজনে। এলিয়াস্ক এক বিশ্ববিখ্যাত ক্রীড়াৰ জোতা তৈয়াৰকাৰী প্ৰতিষ্ঠানৰ গৰাকী।তেওঁৰ প্রতিষ্ঠানে ক্রয় কৰা জোতা সমগ্র বিশ্বত বিক্রী হয়।
বর্ষাৰণ্যখনৰ এই ভূমি ক্ৰয়ৰ পাছতে তেওঁ ক্রয় কৰা অৰণ্যখনৰ ভূমিত বাণিজ্যিক কাম-কাজ বন্ধ কৰিছে। একেদৰে এই ভূমিত গছ-বন কটাও তেওঁ বন্ধ কৰিছে। স্বাভাৱিকতে অর্বুদপতিজনৰ এই কাৰ্যই সমগ্ৰ বিশ্বৰ দৃষ্টি আকর্ষণ কৰিছে। তেওঁৰ প্ৰশংসাত পঞ্চমুখ হৈছে পৰিৱেশ কৰ্মীসকল। ইয়াৰ বিপৰীতে মুনাফা অৰ্জনৰ স্বাৰ্থত নির্বিচাৰে গছ-বন ধ্বংস কৰা আন অর্বুদপতিসকলৰ সমালোচনাত মুখৰ হৈছে পৰিৱেশবিদসকল। তেওঁলোকৰ যুক্তি হৈছে এলিয়াস্কৰ উদাহৰণ সকলোৱে অনুকৰণ কৰা উচিত।
উল্লেখ্য যে ২০০৫ৰ পৰা এলিয়াস্কই এমাজন বৰ্ষাৰণ্যৰ ভূমি ক্ৰয়ৰ কাম আৰম্ভ কৰে। তেওঁ ক্রয় কৰা বৰ্ষাৰণ্যখনৰ ভূমিৰ ৬২৫ বর্গ কিলোমিটাৰ মেডেইৰা নৈৰ ওচৰত অৱস্থিত। এই বৰ্ষাৰণ্যৰ ভূমিৰ মালিকীস্বত্ব লাভ কৰাৰ পাছতে তেওঁ অৰণ্যৰ নিৰ্বনীকৰণ,বাণিজ্যিক কাম-কাজ আদি অৰণ্য ধ্বংসকাৰী কাম-কাজ বন্ধ কৰে।
এই অবুৰ্দপতিজনৰ কাৰ্য আন এক দিশটো চর্চিত হৈছে। কাৰণ বিশ্বৰ বহু দেশৰ চৰকাৰ আৰু আন্তর্জাতিক সংস্থাই যি কাম কৰিব পৰা নাই সেই কাম এই অবুৰ্দপতিজনে কৰি দেখুৱাইছে। উল্লেখ্য যে জলবায়ু পৰিৱৰ্তন আৰু গোলকীয় উষ্ণতা বৃদ্ধি ৰোধৰ বাবে বিশ্বৰ বহু দেশৰ চৰকাৰে ব্যৱস্থা লৈছে যদিও সফল হোৱা নাই। একেদৰে এই ক্ষেত্ৰত কাম কৰা আন্তর্জাতিক সংস্থাসমূহো সফল হোৱা নাই।
গতিকে পৰিৱেশবিদসকল অতি চহকী ব্যক্তিজনৰ প্ৰশংসাত পঞ্চমুখ হৈছে। অৱশ্যে তেওঁ এমাজনৰ ভূমি ক্ৰয় কৰি নিৰ্বনীকৰণ ৰোধৰ কাৰ্যক লৈ বিতৰ্কৰ সৃষ্টি হৈছে। ব্যক্তিগত সম্পত্তিৰ পৰিৱৰ্তে ৰাজহুৱা ভূমিত পৰিৱেশ সংৰক্ষণৰ কাম কৰা উচিত বুলি একাংশই মন্তব্য কৰিছে।
আনহাতে, এই বিতর্কক স্বীকৃতি দি অবুর্দপতিজনে যুক্তি দিছে যে নিৰ্বাণীকৰণৰ মাত্ৰা ত্বৰান্বিত হোৱাৰ প্ৰতি লক্ষ্য ৰাখিহে বৰ্ষাৰণ্যৰ ভূমি ক্ৰয় কৰি পৰিৱেশ ৰক্ষাৰ চেষ্টা কৰিছে। লক্ষ্যণীয়ভাৱে এক সুপৰিকল্পিত আঁচনিৰে এলিয়াস্কই পৰিৱেশ ৰক্ষাত হাতে-কামে নামিছে। পূর্বে তেওঁ ব্রিটিছ চৰকাৰৰ নিৰ্বানীকৰণ আৰু নিকা শক্তিৰ বিশেষ প্রতিনিধিৰূপে কাৰ্যনিৰ্বাহ কৰিছিল। সেই সূত্রে অৰ্জন কৰা অভিজ্ঞতাৰ জৰিয়তে তেওঁ এনেদৰে পৰিৱেশ ৰক্ষাৰ কাম হাতত লৈছে।































