আমাজন জংঘলৰ ৰহস্যময় জীৱ-বৈচিত্র্যৰ ভিতৰত সকলো সময়তে সাপৰ উপস্থিতিয়ে এক বিশেষ আকর্ষণ সৃষ্টি কৰে। ইয়াৰ মাজতে সম্প্রতি আলোচনাৰ কেন্দ্রবিন্দুলৈ আহিছে সেউজীয়া আনাকোন্ডা প্ৰজাতিৰ এক ব্যতিক্রমী সদস্য ‘আনা জুলিয়া’।
বিজ্ঞানীসকলে ইয়াক আখ্যা দিছে সমসাময়িক সময়ৰ ‘ইভ’লিউচনেল মার্ভেল’ বা ‘বিৱৰ্তনৰ বিস্ময়’। কাৰণ এইবিধ সাপৰ কিছু স্বভাৱ আৰু শাৰীৰিক অভিযোজনে দেখা কিদৰে প্ৰাকৃতিক বিৱৰ্তন এতিয়াও অব্যাহত আছে আৰু পৰিৱেশৰ লগত প্রাণীজগতে ক্রমাগতভাবে স্বাভাৱিক হৈ পৰিছে।
সেউজীয়া আনাকোন্ডা হৈছে পৃথিৱীৰ সবাতোকৈ গধুৰ সাপসমূহৰ অন্যতম। সচৰাচৰ পানী আৰু বোকামাটিৰে পৰিপূৰ্ণ জলাশয়ত এইবিধ সাপে বাস কৰে। যদিও আনা জুলিয়াৰ বিশেষত্ব হৈছে সিহঁতৰ ব্যতিক্রমী অভিযোজন ক্ষমতা।
গৱেষকসকলে লক্ষ্য কৰিছে যে এইবিধ সাপে দীর্ঘ সময় পানীৰ তলত থাকিব পাৰে, যিটো সাধাৰণ আনাকোণ্ডাৰ তুলনাত অনেক বেছি সময়। শক্তিশালী হাওঁফাওঁ আৰু মন্থৰ গতিৰ কাৰণে আনাকোন্ডাই স্বাভাৱিকভাৱে পানীৰ তলেৰে সাঁতুৰিব পাৰে, কিন্তু আনা জুলিয়াই প্রায় ডেৰ ঘণ্টা সময় পানীৰ তলত শ্বাস-প্রশ্বাস নোলোৱাকৈ থকাত সক্ষম হৈছে বুলি এক প্রতিবেদনত প্রকাশ পাইছে। এয়া কেৱল চিকাৰ ধৰাৰ কৌশলেই নহয়, বৰঞ্চ পৰিৱেশগত চাপৰ বিৰুদ্ধে বিৱৰ্তনৰ এক দৃষ্টান্ত।
তদুপৰি আনা জুলিয়াৰ ৰং আৰু ছালত কিছু ক্ষুদ্র জেনেটিক পৰিৱৰ্তনো লক্ষ্য কৰিছে গবেষকে। সাধাৰণতে সেউজীয়াৰ লগতে কিছু ক’লা-বাদামী গোল দাগৰ অতিৰিক্ত উপস্থিতিয়ে ইহঁতক পানী বা ঘন জোপোহাত লুকাই থাকিবলৈ সহায় কৰে। কেমোফ্লেজ দক্ষতাৰ এই উন্নতিয়ে চিকাৰ ধৰাত আৰু চিকাৰীৰ দৃষ্টিৰ আঁৰ হোৱাত গুৰুত্বপূর্ণ ভূমিকা পালন কৰে।
একাংশ জীৱবিজ্ঞানীয়ে ধাৰণা কৰে যে চিকাৰ হ্রাস পোৱা, জলবায়ুৰ পৰিৱৰ্তন তথা মানুহৰ বিস্তাৰ- সকলো মিলাই এই ধৰণৰ বিৱৰ্তনৰ চাপ সৃষ্টি হৈছে।আনহাতে, আচৰণগত দিশৰ পৰাও এইবিধ সাপ আগ্ৰহৰ বিষয় হৈ পৰিছে। আনাকোন্ডা সাধাৰণতে অকলশৰীয়া প্ৰাণী হ’লেও আনা জুলিয়াক মাজে মাজে সৰু দল বা চিকাৰ ভাগ কৰাও দেখা গৈছে, যিটো সাপৰ ক্ষেত্ৰত অতিশয় অস্বাভাৱিক।
যদিও এয়া সম্পূৰ্ণৰূপে বিৱৰ্তনৰ লক্ষণ হয় নে নহয় তাক লৈ বিতর্ক আছে; কিন্তু একাংশ বিজ্ঞানীয়ে দাবী কৰিছে যে জীয়াই থকাৰ কৌশলৰূপে সহযোগিতাৰ ভাব সময়ে সময়ে প্রাণীজগতলৈ ঘূৰি আহিব পাৰে। আনা জুলিয়াই দেখুৱাইছে যে বিৱৰ্তন কেৱল অতীতৰ কোনো দূৰৰ স্মৃতি নহয়; ই এতিয়াও বাস্তৱ, চলিত তথা আশ্চর্যজনক।
প্রকৃতি কেতিয়াও থমকি নৰয়; সেই কথা এডাল সাপেও আমাক নতুনকৈ সেই সত্য মনত পেলাই দিব পাৰে। সেয়ে আনা জুলিয়াক কেন্দ্ৰ কৰি হোৱা গবেষণা কেৱল আনাকোণ্ডাৰ ভবিষ্যতেই নহয়, সমগ্র প্রাণীজগতৰ অভিযোজনশীলতা বুজাৰ ক্ষেত্ৰত এক মূল্যবান দিশ বুলি গৱেষকসকলে মন্তব্য কৰিছে।






























