Himanta Viswa Sarma Pressmeet:
দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:–অসম বিধানসভা নিৰ্বাচনৰ বাবে অৱশেষত ঘোষণা কৰা হ’ল ৮৭ জনীয়া প্ৰাৰ্থী তালিকা ৷ বিজেপিৰ প্ৰাৰ্থী তালিকা প্ৰকাশৰ পিছতে দলৰ বশিষ্ঠস্থিত বিজেপিৰ কাৰ্যালয়ত এক সংবাদমেল সম্বোধন কৰে ড:হিমন্ত বিশ্ব শর্মাই ৷ দলীয় টিকট সন্দৰ্ভত কয় যে,যুৱ প্ৰজন্ম সহ সকলো স্তৰৰ নেতাক অগ্ৰাধিকাৰ দিয়া হৈছে৷সমষ্টি পুনৰ নিৰ্মাণৰ বাবেহে বৰ্তমানৰ বিধায়কৰ নাম কটা গৈছে ৷ একেদৰে প্ৰথমবাৰৰ বাবে বিজেপিৰ তালিকাত যথেষ্ট সংখ্যক পুৰণা বিজেপিয়ে টিকট পাইছে ৷ আনহাতে টিকট নোপোৱা সকলে দল এৰা বা নিৰ্দলীয় ৰূপে নিৰ্বাচন খেলাৰ হুংকাৰৰ সন্দৰ্ভত কয় যে ,সমষ্টি এটাত একাধিক প্ৰাৰ্থীত্ব প্ৰত্যাশি থাকে সকলোকে টিকট দিবটো নোৱাৰি ৷ দিব লাগিব এজনকে ৷এনেক্ষেত্ৰত অসন্তুষ্টি হোৱাটো স্বাভাৱিক টিকট প্ৰত্যাহাৰৰ দিনটোৰ ভিতৰত সকলোৱে বুলি দলৰ কামত মনোনিৱেশ কৰিব ৷
আনহাতে কংগ্ৰেছৰ নেতৃত্বত মৰ্চা গঢ়ি উঠা বুলি সাংবাদিকে সোধা এক প্ৰশ্নোত্তৰত মুখ্যমন্ত্ৰীয়ে কয়,মইতো বিচাৰো কংগ্রেছ শক্তিশালী হওক, মই ওলোটা কংগ্রেছক শুভেচ্ছা দিম ৷মই বিচাৰো কংগ্ৰেছতো এনেকুৱা এটা পৰিৱেশ হওঁক ৷য’ত স্বাভিমান থাকে, মানুহে আত্মসন্মানেৰে জীয়াই থাকিব পাৰে ৷
প্ৰদ্যুৎ বৰদলৈয়ে দিছপুৰত টিকট প্ৰদান কৰাৰ পিছতে অতুল বৰা আৰু জয়ন্ত দাসে তীব্ৰ ক্ষোভ প্ৰকাশ কৰা সম্পৰ্কত মুখ্যমন্ত্ৰীয়ে কয়,প্ৰদ্যুৎ বৰদলৈ এজন বৰ্তমানৰ সাংসদ ৷ তেওঁ ত্যাগ স্বীকাৰ কৰি বিজেপিলৈ আহিছে ৷ এনেক্ষেত্ৰত তেওঁক আমি প্ৰতিদান দিবই লাগিব ৷ তেওঁ টিকট লাভ কৰাৰ পিছতে দিছপুৰৰ অন্তৰ্গত সকলো কেই গৰাকী জিএমচি কাউন্সিলৰ স’তে আলোচনা কৰা হৈছে ৷আটাইৰে বৰদলৈক সহায় কৰি নিৰ্বাচনী ৰণত জপিয়াই পৰিব বুলি অভয়দান দিছে ৷ অতুল বৰাই দলৰ এগৰাকী জ্যেষ্ঠ বিধায়ক ৷তেখেতক দুবাৰকৈ দলে টিকট দি জিকাই আনিছে ৷ এনেক্ষেত্ৰত তেখেত এতিয়া কিছু ক্ষোভিত হোৱাটো স্বাভাৱিক ৷ তেওঁ দলৰ বিৰুদ্ধে নাযায় ৷
আনহাতে কাৰ্বি পাহাৰ আৰু হাফলঙত নতুন মুখৰ নেতাক দলীয় টিকট লাভ কৰা সম্পৰ্কত মুখ্যমন্ত্ৰীয়ে কয়, ছমাহৰ পিছতে কাৰ্বি আংলঙত পৰিষদীয় নিৰ্বাচন আছে ৷ দিছপুৰত থাকি যিসকলে অভিজ্ঞতা অৰ্জন কৰিলে তেওঁলোকে পৰিষদীয় নিৰ্বাচনৰ নেতৃত্ব ল’ব লাগিব বাবেই চিইএম বা আন নতুন মুখক প্ৰাধান্য দিয়া হ’ল ৷ হাফলঙত তৃণমূল পৰ্যায়ৰ পৰা অহনিষে কাম কৰি থকা এগৰাকী তৰুণ নেত্ৰী ৰূপালী লাংথাছাক টিকট দি এক নতুন মাত্ৰা দি হৈছে ৷
দলৰ প্ৰচাৰ অভিযানৰ সম্পকত মুখ্যমন্ত্ৰী গৰাকীয়ে কয়,অহা ২৩ মাৰ্চত মনোনয়নপত্ৰ দাখিলৰ অন্তিম দিনটো পাৰ হৈ যোৱাৰ পাছদিনাৰে পৰা দলে ক্ষিপ্ৰতাৰে আৰম্ভ কৰিব প্ৰচাৰাভিযান ৷ প্ৰধানমন্ত্ৰী মোদী,গৃহমন্ত্ৰী অমিত শ্বাহ ,দলৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন,কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং সহ কে’বা গৰাকী জ্যেষ্ঠ নেতাই প্ৰচাৰ চলোৱাৰ বিপৰীতে কেন্দ্ৰীয় মন্ত্ৰীদ্বয় সৰ্বানন্দ সোনোৱাল,পবিত্ৰ মাৰ্ঘেৰিটা,ৰাজ্যিক সভাপতি দিলীপ শইকীয়াও প্ৰচাৰ সভাত অংশ ল’ব ৷ আনকি মুখ্যমন্ত্ৰীয়ে নিজেও দৈনিক পাঁচ খন সভা আৰু এটাকৈ ৰেলীত ৭ এপ্ৰিললৈ অংশগ্ৰহণ কৰিব বুলি সংবাদমেলত সদৰী কৰে ৷ সংবাদমেলত ৰাজ্যিক সভাপতি দিলীপ শইকীয়া, দলৰ নিৰ্বাচনী বিভাগৰ অধ্যক্ষ সাংসদ প্ৰদান বৰুৱা,মন্ত্ৰী জয়ন্তমল্ল বৰুৱা সহ কে’বা গৰাকী জ্যেষ্ঠ নেতা উপস্থিত থাকে।































