Jayanta kumer Das:
সকলো জল্পনাকল্পনা অন্ত পেলাই আজি ঘোষণা কৰা হয় বিজেপিৰ ৮৭ জনীয়া প্ৰাৰ্থী তালিকা। টিকট পৰা বঞ্চিত হ’ল এগৰাকী মন্ত্ৰী সহ ১৩ জন বৰ্তমানৰ বিধায়ক ৷ ইয়াৰ বিপৰীতে টিকট লাভ কৰিলে চাৰি ন- বিজেপিয়ে ৷ তেওঁলোক হ’ল বিহপুৰীয়াত ভূপেন বৰা ,দিছপুৰত প্ৰদ্যুৎ বৰদলৈ ,ৰহাত শশীকান্ত দাস ,কাটিগড়াত কমলাক্ষ্য দে পুৰুকায়স্থ ৷
টিকটৰ পৰা বঞ্চিত সকলৰ ভিতৰত হাফলঙৰ বিধায়িকা তথা মন্ত্ৰী নন্দিতা গাৰ্লোচা ৷ আন দুৰ্ভগীয়া বিধায়ক সকল হ’ল নিউ গুৱাহাটীত সিদ্ধার্থ ভট্টাচার্য,দিছপুৰত অতুল বৰা,বিহপুৰীয়াত অমিয় কুমাৰ ভূঞা, বিশ্বনাথত প্রমোদ বৰঠাকুৰ,পলাশবাৰীত হেমাংগ ঠাকুৰীয়া,বোকাজানত ডাঃ নোমল মমিন,শিলচৰত দীপায়ন চক্রবর্তী,হাজোত সুমন হৰিপ্ৰিয়া,ডিফুত বিদ্যা চিং ইংলেং,বিহালীত দিগন্ত ঘাটোৱাল আৰু হোজাইত ৰামকৃষ্ণ ঘোষ ।
আনহাতে ৰাজধানী চহৰ দিছপুৰত ন- বিজেপিত প্ৰদ্যুত বৰদলৈক দলীয় টিকট প্ৰদান কৰাৰ পিছতে মুকলি বিদ্ৰোহ ঘোষণা কৰিছে সমষ্টিটোৰ অন্যতম প্ৰাৰ্থীত্ব প্ৰত্যাশি জয়ন্ত কুমাৰ দাস ৷ মহানগৰীৰ বেলতলাস্থিত বাসগৃহত এক সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সোচ্ছাৰ হৈ পৰে ৷ দাসে কয় ,পুৰণা বিজেপি ধৰাসায়ী হ’ল কংগ্ৰেছীৰ হাতত | জালুকবাৰী সমষ্টিক প্রদ্যুৎ বৰদলৈক এৰি দিবলৈ প্রত্যাহ্বান জনাই কয় ,বিগত ২১ ত টিকটৰ পৰা বঞ্চিত হোৱাৰ পিছত তেওঁৰ সমৰ্থকৰ বিপুল দাবীত নিৰ্দলীয় হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ প্ৰস্তুত হৈছিল যদিও মুখ্যমন্ত্ৰী গৰাকীয়ে আশ্বাস দিছিল যে ২৬ ত তেওঁকে টিকট দিয়া হ’ব ৷ সমষ্টিত লাগি থাকা ৷ সেই অনুসৰি সমষ্টিটোৰ সকলো স্তৰৰ ৰাইজৰ স’তে একাত্ম হৈ কাম কৰি গৈছিলো ৷ কিন্ত বুধবাৰে গেৰুৱা বসন পিন্ধা প্ৰদ্যুত বৰদলৈক সংস্থাপিত কৰাৰ নামত মুখ্যমন্ত্ৰীয়ে একেৰাতিৰ ভিতৰত দিছপুৰৰ টিকট প্ৰদান কৰিলে ৷ কাৰ্যত কংগ্ৰেছত থকাৰ সময়ত ড:হিমন্ত বিশ্ব শৰ্মাৰ চৰিত্ৰ আছিল সেয়া বাহাল থাকিল বিজেপিত ৷ আমি তৃণমূল পৰ্যায়ৰ পৰা অশেষ কষ্টৰে গঢ়া দলটোক এতিয়া কংগ্ৰেছী কৰণ কৰি পুৰণি বিজেপিক গ্ৰাস কৰাৰ যি অভিপ্ৰায় সেয়া সফল হ’বলৈ নিদিও ৷ ইয়াৰ যোগ্য প্ৰত্যুত্তৰ দিম আগন্তুক নিৰ্বাচনত ৷ ক্ষুব্ধ দাসে সমৰ্থকৰ স’তে এক আলোচনাত মিলিত হৈ পৰৱৰ্তী ৰণনীতি নিৰ্ণয় কৰিব ৷ প্ৰয়োজনত নিৰ্দলীয় হিচাপে নিৰ্বাচনত অৱতীৰ্ণ হৈ প্ৰদ্যুৎ বৰদলৈক উচিত প্ৰত্যুত্তৰ দিম ৷






























