Atul Bora meets Mira Barthakur:দিছপুৰ সমষ্টিত নতুন সমীকৰণ !

দিছপুৰৰ বিধায়ক অতুল বৰাক সাক্ষাৎ কংগ্ৰেছ প্রার্থী মীৰা বৰঠাকুৰৰ, টিকট বঞ্চিত জয়ন্ত কুমাৰ দাসে নিৰ্দলীয়ভাৱে অৱতীৰ্ণ হ'ব নিৰ্বাচনী যুঁজত

WhatsApp Image 2026 03 20 at 1.57.29 PM 1

Atul Bora meets Mira Barthakur:

বৃহস্পতিবাৰে শাসকীয় বিজেপি দলে ঘোষণা কৰা প্ৰাৰ্থী তালিকাত স্থান নাপালে দিছপুৰৰ বিজেপি বিধায়ক অতুল বৰাই ৷ ইয়াৰ বিপৰীতে বিজেপিত এটা দিনৰ ভিতৰত যোগদান কৰাৰ পাছ দিনাই দিছপুৰৰ দলীয় টিকট লাভ কৰিলে নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে ৷ টিকট লাভৰ পৰা বঞ্চিত হোৱাৰ পিছতে খঙত গুজৰি গুমৰি দিছপুৰৰ ৫ বাৰৰ বিধায়ক অতুল বৰাই দলীয় নেতৃত্বৰ বিৰুদ্ধে বিষোদগাৰ প্ৰকাশ কৰি কয়, সমষ্টিৰ দলীয় সমৰ্থকে বিচাৰিলে নিৰ্দলীয় প্ৰাৰ্থী হ’ম অন্যৰ্থাই কংগ্ৰেছৰ দিছপুৰৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰ গোস্বামীৰ প্ৰতি সমৰ্থন আগবঢ়াম ৷

আনহাতে এনে ঘটনাক্ৰমৰ মাজত দিছপুৰ সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰে শুকুৰবাৰে সাক্ষাৎ কৰিলে বিজেপিৰ বৰ্ষীয়ান নেতা অতুল বৰাক। দলীয় টিকট কৰ্তন হোৱা বিদায়ী বিধায়ক গৰাকীৰ বাসগৃহত উপস্থিত হয় কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰ।

কংগ্ৰেছ প্ৰাৰ্থী গৰাকীৰ আচম্বিত সাক্ষাতে বিভিন্ন ইংগিত বহন কৰিছে। ইয়াৰ লগতে অতুল বৰাৰ আশিস লৈ নিৰ্বাচনী প্ৰচাৰ আৰম্ভণি কৰিছে দিছপুৰ সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰে।

উল্লেখ্য যে বৃহস্পতিবাৰে দলীয় টিকটৰ পৰা বঞ্চিত হোৱাৰ পিছতে প্ৰকাৰন্তৰে মীৰা বৰঠাকুৰক সহায়ৰ আশ্বাস দিছিল অতুল বৰাই l এনে প্ৰেক্ষাপটত দিছপুৰৰ পৰা আন এগৰাকী বিজেপি টিকট বঞ্চিত জয়ন্ত কুমাৰ দাসৰ নিৰ্দলীয় প্ৰাৰ্থী হিচাপে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হোৱাৰ হুংকাৰ আৰু অতুল বৰাই মীৰা বৰঠাকুৰক মুকলিলৈ সমৰ্থন কৰাত দিছপুৰৰ নিৰ্বাচনী সমীকৰণ উত্তপ্ত হৈ পৰাৰ আশংকা প্ৰকট হৈ পৰিছে। যাৰ ফলস্বৰূপে ন-বিজেপি প্ৰদ্যুৎ বৰদলৈয়ে দিছপুৰত নিৰ্বাচনী বৈতৰণী পাৰ কৰাটো তেওঁৰ বাবে কষ্টকৰ হৈ পৰাটো খাটাং ৷

Exit mobile version